--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড তথা টেলিভিছনৰ প্ৰবীণ অভিনেতা জাভেদ খান আমৰোহীৰ আজি সন্ধিয়া মুম্বাইত মৃত্যু হয়। জানিব পৰা মতে, প্ৰবীণ অভিনেতাগৰাকীয়ে বিগত কিছুদিন ধৰি উশাহ-নিশাহ সম্পৰ্কীয় সমস্যাত ভুগি আছিল আৰু বিগত এবছৰ ধৰি শয্যাশায়ী হৈ আছিল।

দুয়োটা হাওঁফাওঁ বিকল হৈ পৰা অভিনেতাগৰাকীক শেহতীয়াকৈ ছান্টাক্ৰুজৰ সূৰ্য্য নাৰ্চিং হোমত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসাধীন অৱস্থাতে আজি তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে আৰু সন্ধিয়া ৬০ বৰ্ষীয় অভিনেতাগৰাকীয়ে চিৰদিনৰ বাবে চকু মুদে।

উল্লেখ্য যে, জাভেদ খান আমৰোহীয়ে ১৫০ খনতকৈও অধিক বলীউড চিনেমাত সহযোগী চৰিত্ৰত অভিনয় কৰিছিল। আমৰোহী অভিনীত জনপ্ৰিয় ছবিৰ ভিতৰত লগান, কুলি নং ১, আন্দাজ আপনা আপনা, বড়ে মিয়া ছোটে মিয়া, এক ঔৰ এক গ্যাৰহ, চক দে! ইণ্ডিয়া, ফিৰ হেৰা ফেৰী অন্যতম।

তেওঁক শেষবাৰৰ বাবে ২০২০ চনত আলিয়া ভাট আৰু সঞ্জয় দত্ত অভিনীত সড়ক ২ ছবিত দেখা গৈছিল। তেওঁ যথেষ্ট সংখ্যক হিন্দী টিভি ধাৰাবাহিকতো অভিনয় কৰিছিল আৰু নাট্যগোট আইপিটিএ (ইণ্ডিয়ান পিপলছ থিয়েটাৰ এছ’চিয়েচন)ৰ সক্ৰিয় সদস্য আছিল।

জাভেদ খান আমৰোহী বিশেষকৈ লগান ছবিত ধাৰাভাষ্যকাৰ ৰাম সিঙৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে অত্যধিক জনপ্ৰিয় তথা পৰিচিত আছিল। লগানত ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিপক্ষে ক্ৰিকেট মেচত আমিৰ খান নেতৃত্বাধীন দলটোৰ জয়ৰ মুহূৰ্তত ৰাম সিঙৰ মুখেৰে ওলোৱা “হাম জীত গয়ী” বাক্যটোৰ বাবে জাভেদ খানে এক বিশেষ ৰূপত জনপ্ৰিয় হৈ পৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক