--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড তথা টেলিভিছনৰ প্ৰবীণ অভিনেতা জাভেদ খান আমৰোহীৰ আজি সন্ধিয়া মুম্বাইত মৃত্যু হয়। জানিব পৰা মতে, প্ৰবীণ অভিনেতাগৰাকীয়ে বিগত কিছুদিন ধৰি উশাহ-নিশাহ সম্পৰ্কীয় সমস্যাত ভুগি আছিল আৰু বিগত এবছৰ ধৰি শয্যাশায়ী হৈ আছিল।

দুয়োটা হাওঁফাওঁ বিকল হৈ পৰা অভিনেতাগৰাকীক শেহতীয়াকৈ ছান্টাক্ৰুজৰ সূৰ্য্য নাৰ্চিং হোমত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসাধীন অৱস্থাতে আজি তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে আৰু সন্ধিয়া ৬০ বৰ্ষীয় অভিনেতাগৰাকীয়ে চিৰদিনৰ বাবে চকু মুদে।

উল্লেখ্য যে, জাভেদ খান আমৰোহীয়ে ১৫০ খনতকৈও অধিক বলীউড চিনেমাত সহযোগী চৰিত্ৰত অভিনয় কৰিছিল। আমৰোহী অভিনীত জনপ্ৰিয় ছবিৰ ভিতৰত লগান, কুলি নং ১, আন্দাজ আপনা আপনা, বড়ে মিয়া ছোটে মিয়া, এক ঔৰ এক গ্যাৰহ, চক দে! ইণ্ডিয়া, ফিৰ হেৰা ফেৰী অন্যতম।

তেওঁক শেষবাৰৰ বাবে ২০২০ চনত আলিয়া ভাট আৰু সঞ্জয় দত্ত অভিনীত সড়ক ২ ছবিত দেখা গৈছিল। তেওঁ যথেষ্ট সংখ্যক হিন্দী টিভি ধাৰাবাহিকতো অভিনয় কৰিছিল আৰু নাট্যগোট আইপিটিএ (ইণ্ডিয়ান পিপলছ থিয়েটাৰ এছ’চিয়েচন)ৰ সক্ৰিয় সদস্য আছিল।

জাভেদ খান আমৰোহী বিশেষকৈ লগান ছবিত ধাৰাভাষ্যকাৰ ৰাম সিঙৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে অত্যধিক জনপ্ৰিয় তথা পৰিচিত আছিল। লগানত ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিপক্ষে ক্ৰিকেট মেচত আমিৰ খান নেতৃত্বাধীন দলটোৰ জয়ৰ মুহূৰ্তত ৰাম সিঙৰ মুখেৰে ওলোৱা “হাম জীত গয়ী” বাক্যটোৰ বাবে জাভেদ খানে এক বিশেষ ৰূপত জনপ্ৰিয় হৈ পৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু