--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জি ২০ সন্মিলনৰ সময়ত যাতে দৰিদ্ৰ ভাৰতৰ ছবি খন বিশ্বৰ কোনো দেশৰে নেতাৰ চকুত নপৰে তাৰ বাবে সকলো ব্যৱস্থাই গ্ৰহণ কৰিছে চৰকাৰে। জি ২০ সন্মিলনৰ অতিথিক সোণ-ৰূপৰ পাত্ৰত আহাৰ পৰিবেশনৰ ব্যৱস্থা কৰা চৰকাৰে দৰিদ্ৰ লোক সকলৰ প্ৰতি যেন কোনো গুৰুত্ব দিয়া নাই। সেয়ে জি ২০ৰ কোনো নেতাৰ চকুত যাতে দিল্লীৰ বস্তি এলেকাৰ পয়ালগা ছবি খন ধৰা নপৰে সেইবাবেই সেউজীয়া কাপোৰেৰে ঢাকি দিয়া হৈছে বস্তি এলেকা। 

 সোণ-ৰূপৰ পাত্ৰত আহাৰ গ্হণ কৰা বিশ্বৰ নেতাসকলে সেয়ে সেউজীয়া কাপোৰৰ সিপাৰে থকা দৰিদ্ৰ লোকসকলৰ জীৱন সংগ্ৰামৰ কথা ঘূণাক্ষৰেও অনুভৱ কৰিব পৰা নাই।  দুদিনীয়া জি-২০ সন্মিলনৰ  বাবে দিল্লীৰ সৌন্দৰ্যবৰ্ধনৰ নামত  প্ৰায় ৪০০০ কোটি টকা ব্যয় কৰা হৈছে।  সৌন্দৰ্যবৰ্ধনৰ নামত দিল্লীৰ হাজাৰ হাজাৰ দৰিদ্ৰ লোকক তেওঁলোকৰ ঘৰৰ পৰা স্থানান্তৰিত কৰা হৈছে বুলি  বিৰোধী শিবিৰে অভিযোগ কৰিছে।

জি-২০ সন্মিলনৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলে শুক্ৰবাৰে  দিল্লীত উপস্থিত হৈছিল। তেওঁলোকক আদৰণি জনোৱা হৈছিল বিশাল প্ৰস্তুতিৰে। সমগ্ৰ দিল্লী লেজাৰৰ লাইটৰ পৰা পানীৰ ফোঁৱৰালৈকে, বিভিন্ন মূৰ্তিৰ পৰা ফুলৰ টাবলৈলৈকে সজাই তোলা হৈছে। ইয়াৰ বিপৰীতে, নেতাসকলৰ চকুৰ পৰা লুকুৱাই ৰাখিবলৈ বস্তি এলেকাবোৰ  সেউজীয়া কাপোৰেৰে ঢাকি দিয়া হৈছে। কিছুমান ঠাইতবস্তি ভাঙি পেলোৱা হৈছে আৰু দৰিদ্ৰ লোকসকলক উচ্ছেদ কৰা হৈছে। আনকি শীত আৰু বাৰিষাত ফুটপাথবাসীসকলে থাকিবপৰাকৈ  নিৰ্মাণ কৰা আশ্ৰয়স্থলবোৰো ধ্বংস কৰা হৈছে।

কংগ্ৰেছে এই বিষয়টোক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি কয়, "ৰজাই দৰিদ্ৰ লোকসকলক ভাল নাপায়। তেওঁ ব্যয়বহুল কাম, দামী কাপোৰ, দামী জোতা, বিলাসী গাড়ী ভালপায়।  "। 

চৰকাৰৰ মতে, চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰা চাৰি মাহত সমগ্ৰ দিল্লীত ৪৫ টা স্থানত  উচ্ছেদ অভিযান চলোৱা হৈছে। নগৰ উন্নয়ন মন্ত্ৰালয়ে সংসদক কৈছিল যে এই উচ্ছেদ অভিযানত ২৩০ একৰ চৰকাৰী ভূমি খালী কৰা হৈছে। দিল্লীৰ বস্তি সুৰক্ষা মঞ্চৰ কৰ্মীসকলে অভিযোগ কৰিছে  যে তেওঁলোক সকলোৰে ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড আছে, যদিও তেওঁলোক বস্তিবাসী। কিন্তু তেওঁলোকক অবৈধ বেদখলকাৰী হিচাপে খেদি পঠোৱা হৈছে। ২০১১ চনৰ লোকপিয়ল অনুসৰি, দিল্লীৰ ২০ নিযুত লোকৰ ভিতৰত প্ৰায় ৪৭,০০০ লোক গৃহহীন। বাস্তৱত এই  সংখ্যাটো ১৫০,০০০ৰ ওচৰত হ’ব। 


 কংগ্ৰেছৰ মুখ্য মুখপাত্ৰ জয়ৰাম ৰমেশে অভিযোগ কৰে যে ভাৰত হৈছে একমাত্ৰ জি-২০ দেশ য'ত প্ৰতি ১০ বছৰত লোকপিয়ল অনুষ্ঠিত কৰা হোৱা নাই। লোকপিয়ল২০২১ চনৰ বাবে নিৰ্ধাৰিত কৰা হৈছিল। মোদী চৰকাৰৰ  বিফলতাৰ বাবে ১৪  কোটি লোক খাদ্য সুৰক্ষা ব্যৱস্থাৰ বাহিৰত আছে। ২০১১ চনৰ লোকপিয়ল অনুসৰি ৮১  কোটি লোকে এতিয়া খাদ্য সুৰক্ষাৰ বাবে ৰেচন লাভ কৰি আছে। চৰকাৰেও আৰ্থ-সামাজিক জাতি গণনা কৰিবলৈ সাজু নহয় বুলিও তেওঁ কয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস