--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জি ২০ সন্মিলনৰ সময়ত যাতে দৰিদ্ৰ ভাৰতৰ ছবি খন বিশ্বৰ কোনো দেশৰে নেতাৰ চকুত নপৰে তাৰ বাবে সকলো ব্যৱস্থাই গ্ৰহণ কৰিছে চৰকাৰে। জি ২০ সন্মিলনৰ অতিথিক সোণ-ৰূপৰ পাত্ৰত আহাৰ পৰিবেশনৰ ব্যৱস্থা কৰা চৰকাৰে দৰিদ্ৰ লোক সকলৰ প্ৰতি যেন কোনো গুৰুত্ব দিয়া নাই। সেয়ে জি ২০ৰ কোনো নেতাৰ চকুত যাতে দিল্লীৰ বস্তি এলেকাৰ পয়ালগা ছবি খন ধৰা নপৰে সেইবাবেই সেউজীয়া কাপোৰেৰে ঢাকি দিয়া হৈছে বস্তি এলেকা। 

 সোণ-ৰূপৰ পাত্ৰত আহাৰ গ্হণ কৰা বিশ্বৰ নেতাসকলে সেয়ে সেউজীয়া কাপোৰৰ সিপাৰে থকা দৰিদ্ৰ লোকসকলৰ জীৱন সংগ্ৰামৰ কথা ঘূণাক্ষৰেও অনুভৱ কৰিব পৰা নাই।  দুদিনীয়া জি-২০ সন্মিলনৰ  বাবে দিল্লীৰ সৌন্দৰ্যবৰ্ধনৰ নামত  প্ৰায় ৪০০০ কোটি টকা ব্যয় কৰা হৈছে।  সৌন্দৰ্যবৰ্ধনৰ নামত দিল্লীৰ হাজাৰ হাজাৰ দৰিদ্ৰ লোকক তেওঁলোকৰ ঘৰৰ পৰা স্থানান্তৰিত কৰা হৈছে বুলি  বিৰোধী শিবিৰে অভিযোগ কৰিছে।

জি-২০ সন্মিলনৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলে শুক্ৰবাৰে  দিল্লীত উপস্থিত হৈছিল। তেওঁলোকক আদৰণি জনোৱা হৈছিল বিশাল প্ৰস্তুতিৰে। সমগ্ৰ দিল্লী লেজাৰৰ লাইটৰ পৰা পানীৰ ফোঁৱৰালৈকে, বিভিন্ন মূৰ্তিৰ পৰা ফুলৰ টাবলৈলৈকে সজাই তোলা হৈছে। ইয়াৰ বিপৰীতে, নেতাসকলৰ চকুৰ পৰা লুকুৱাই ৰাখিবলৈ বস্তি এলেকাবোৰ  সেউজীয়া কাপোৰেৰে ঢাকি দিয়া হৈছে। কিছুমান ঠাইতবস্তি ভাঙি পেলোৱা হৈছে আৰু দৰিদ্ৰ লোকসকলক উচ্ছেদ কৰা হৈছে। আনকি শীত আৰু বাৰিষাত ফুটপাথবাসীসকলে থাকিবপৰাকৈ  নিৰ্মাণ কৰা আশ্ৰয়স্থলবোৰো ধ্বংস কৰা হৈছে।

কংগ্ৰেছে এই বিষয়টোক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি কয়, "ৰজাই দৰিদ্ৰ লোকসকলক ভাল নাপায়। তেওঁ ব্যয়বহুল কাম, দামী কাপোৰ, দামী জোতা, বিলাসী গাড়ী ভালপায়।  "। 

চৰকাৰৰ মতে, চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰা চাৰি মাহত সমগ্ৰ দিল্লীত ৪৫ টা স্থানত  উচ্ছেদ অভিযান চলোৱা হৈছে। নগৰ উন্নয়ন মন্ত্ৰালয়ে সংসদক কৈছিল যে এই উচ্ছেদ অভিযানত ২৩০ একৰ চৰকাৰী ভূমি খালী কৰা হৈছে। দিল্লীৰ বস্তি সুৰক্ষা মঞ্চৰ কৰ্মীসকলে অভিযোগ কৰিছে  যে তেওঁলোক সকলোৰে ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড আছে, যদিও তেওঁলোক বস্তিবাসী। কিন্তু তেওঁলোকক অবৈধ বেদখলকাৰী হিচাপে খেদি পঠোৱা হৈছে। ২০১১ চনৰ লোকপিয়ল অনুসৰি, দিল্লীৰ ২০ নিযুত লোকৰ ভিতৰত প্ৰায় ৪৭,০০০ লোক গৃহহীন। বাস্তৱত এই  সংখ্যাটো ১৫০,০০০ৰ ওচৰত হ’ব। 


 কংগ্ৰেছৰ মুখ্য মুখপাত্ৰ জয়ৰাম ৰমেশে অভিযোগ কৰে যে ভাৰত হৈছে একমাত্ৰ জি-২০ দেশ য'ত প্ৰতি ১০ বছৰত লোকপিয়ল অনুষ্ঠিত কৰা হোৱা নাই। লোকপিয়ল২০২১ চনৰ বাবে নিৰ্ধাৰিত কৰা হৈছিল। মোদী চৰকাৰৰ  বিফলতাৰ বাবে ১৪  কোটি লোক খাদ্য সুৰক্ষা ব্যৱস্থাৰ বাহিৰত আছে। ২০১১ চনৰ লোকপিয়ল অনুসৰি ৮১  কোটি লোকে এতিয়া খাদ্য সুৰক্ষাৰ বাবে ৰেচন লাভ কৰি আছে। চৰকাৰেও আৰ্থ-সামাজিক জাতি গণনা কৰিবলৈ সাজু নহয় বুলিও তেওঁ কয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে