--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীত জি-২০ সন্মিলনৰ বাবে বিদেশী অতিথিৰ আগমন অব্যাহত আছে। শুকুৰবাৰে (৮ ছেপ্টেম্বৰ) আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনো দিল্লীত উপস্থিত হয়। কেন্দ্ৰীয় মন্ত্ৰী জেনেৰেল ভি কে সিঙে বিমানবন্দৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়।

দিল্লীত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় জো বাইডেন। যিটো প্ৰায় ৫০ মিনিট ধৰি চলিছিল। এই বৈঠকৰ সন্দৰ্ভত পিএমঅ’ই এক্সত পোষ্ট কৰি কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎ। তেওঁলোকৰ আলোচনাত বিভিন্ন বিষয় সামৰি লোৱা হৈছিল আৰু ই ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক আৰু অধিক গভীৰ কৰি তুলিব।

প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰে

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ইনষ্টাগ্ৰামত পোষ্ট কৰি লিখিছে, "আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনক আদৰণি জনাই সুখী। আমাৰ বৈঠকখন অতি অৰ্থপূৰ্ণ আছিল। আমি বহু বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ সক্ষম হৈছিলো যিবোৰ ভাৰত আৰু আমেৰিকাৰ মাজৰ অৰ্থনৈতিক আৰু মানুহৰ সম্পৰ্কৰ সৈতে জড়িত। আমি জনসাধাৰণৰ মাজত সম্পৰ্ক আগুৱাই নিম। আমাৰ দেশসমূহৰ মাজত বন্ধুত্বই বিশ্বৰ মংগলৰ ক্ষেত্ৰত এক বৃহৎ ভূমিকা পালন কৰি যাব।"

আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভানে বৈঠকৰ পূৰ্বে কৈছিল যে এই বৈঠকত দুয়োজন নেতাই জুন মাহত প্ৰধানমন্ত্ৰী মোডীৰ আমেৰিকা ভ্ৰমণৰ সময়ত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰিব পাৰিব। য’ত আছে জিই জেট ইঞ্জিনৰ চুক্তি, প্ৰিডেটৰ ড্ৰ’ন ক্ৰয়।

প্ৰধানমন্ত্ৰী মোদী আৰু জো বাইডেনৰ দ্বিপাক্ষিক বৈঠক

এই বৈঠকৰ সময়ত ৫জি আৰু ৬জি স্পেকট্ৰম, ইউক্ৰেইন, অসামৰিক পাৰমাণৱিক খণ্ডৰ অগ্ৰগতি আৰু উদীয়মান প্ৰযুক্তিৰ ওপৰতো আলোচনা কৰা হয়। জেক চুলিভানে অৱশ্যে উপসাগৰীয় দেশ আৰু অন্যান্য আৰব দেশসমূহক সংযোগ কৰিবলৈ ভাৰত আৰু আৰব দেশসমূহৰ সৈতে আমেৰিকাই বৃহৎ ৰে’ল চুক্তি ঘোষণা কৰাৰ পৰিকল্পনা কৰা বুলি বাতৰি নিশ্চিত নকৰিলেও কয় যে এয়া এক পদক্ষেপ য’ত আমেৰিকাই তেওঁৰ সৈতে চেষ্টা কৰিছে।

তেওঁ কয় যে আমি বিশ্বাস কৰোঁ যে ভাৰতৰ পৰা, সমগ্ৰ মধ্যপ্ৰাচ্যৰ পৰা ইউৰোপলৈ সংযোগ অতি গুৰুত্বপূৰ্ণ আৰু ইয়াৰ লগত জড়িত সকলো দেশকে উল্লেখযোগ্য অৰ্থনৈতিক লাভৰ লগতে কৌশলগত সুবিধাও প্ৰদান কৰিব। অৱশ্যে এই সন্দৰ্ভত এতিয়াও বিশেষ একো ক’ব পৰা হোৱা নাই। ৰাষ্ট্ৰপতি বাইডেনে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আনুষ্ঠানিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছত তেওঁ জি-২০ৰ নেতাসকলৰ সৈতে কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰিব।

ৰাজঘাটলৈও আহিব বাইডেন

ভিয়েটনামলৈ যোৱাৰ পূর্বে দেওবাৰে ৰাজঘাট মেম’ৰিয়েলতো ভ্রমণ কৰিব জো বাইডেনে৷ জি-২০ গোটত আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা, চীন, ফ্ৰান্স, জাৰ্মানী, ভাৰত, ইণ্ডোনেছিয়া, ইটালী, জাপান, কোৰিয়া গণৰাজ্য, মেক্সিকো, ৰাছিয়া, চৌদি আৰব, দক্ষিণ আফ্ৰিকা, তুৰস্ক, ব্ৰিটেইন, আমেৰিকা আৰু ইউৰোপীয় সংঘ অন্তৰ্ভূক্ত হৈ আছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক