ডিজিটেল ডেস্ক: ডিগবৈত ভয়ংকৰ পথ দূৰ্ঘটনা। ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে এজন নিহত।
ডিগবৈ আৰক্ষী থানাৰ পৰা মাত্ৰ দুশ মিটাৰ নিলগৰ তথা আই অ চিৰ প্ৰশাসনিক ভৱনৰ সমীপত বালিভৰ্তি AS23 CC 5455 নম্বৰৰ এখন ডাম্পাৰৰ সৈতে AR11A 5932 নম্বৰৰ ক'লা ৰঙৰ এখন বুলেটৰ সৈতে সংঘটিত সংঘৰ্ষত এজন সেনা জোৱান নিহত হয়।
নিহত সেনা গৰাকী ডিগবৈ এন চি চি অফিচত কৰ্মৰত অকেন ডৰিং বুলি জানিব পৰা গৈছে। নিহত সেনা জোৱানজন অৰুণাচল প্ৰদেশৰ ৰয়িঙৰ বুলি আৰক্ষী সুত্ৰে প্ৰকাশ।
যশোদা হলস্থিত এন চি চি কাৰ্যালয়ৰ পৰা কোৱাৰ্টাৰলৈ যোৱাৰ পথত সংঘটিত হয় পথ দুৰ্ঘটনাটো। ঘটনাস্থলীত ডিগবৈ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো।
ডাম্পাৰখনৰ চালক ৰিকি দাসক আটক আৰক্ষীৰ। ডাম্পাৰখনৰ গৰাকীজন মাৰ্ঘেৰিটাৰ বিনু দত্ত বুলি জানিব পৰা গৈছে।