ডিজিটেল ডেস্ক : নগৰবেৰাৰ নিছিলামাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান৷ নিশা আৰক্ষীৰ অভিযানত ১২টা গৰু জব্দ কৰাৰ লগতে দুজনকৈ লোকক গ্ৰেপ্তাৰ৷
মন্দিৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় গোস্বামীৰ নেতৃত্বত চলে এই অভিযান৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক দুজন ক্ৰমে জাওকাটাদিয়াৰ চাত্তাৰ আলী আৰু মালিবাৰীৰ আবেদ আলীক৷
গ্ৰেপ্তাৰ হোৱা লোক দুজনে সদৰি কৰা অনুসৰি গৰু ব্যৱসায়ী চাহেব আলীৰ নেতৃত্বত দীৰ্ঘদিনৰে পৰা অঞ্চলটোত চলি আছে এই গো সৰবৰাহ৷
ইতিমধ্যে আৰক্ষীয়ে দুই সৰবৰাহকাৰীক জে’ললৈ প্ৰেৰণ কৰাৰ লগতে জব্দকৃত গৰু কেইটা গোশালালৈ প্ৰেৰণৰ দিহা কৰিছে৷
জব্দকৃত গৰুখিনি মেঘালয় হৈ বাংলাদেশলৈ সৰবৰাহৰ সন্দেহ কৰা হৈছে৷