--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ দিনাই এখন বিয়া হ'ল বাতিল। দৰাপক্ষ আৰু কইনাপক্ষৰ মাজত সৃষ্টি হোৱা তীব্ৰ বাক-বিতণ্ডাৰ বাবে অৱশেষত কইনাই ঘোষণা কৰে যে তেওঁ কোনোপধ্যেই এই বিয়াত বহিব নোৱাৰে। অৱশেষত কইনাৰ অবিহনেই অহা বাটে উভতি যায় দৰা তথা বৰযাত্ৰীসকল।হাৰিয়ানাৰ(Haryana) মহেন্দ্ৰগড়ত সংঘটিত হৈছে এই ঘটনা। পঞ্চমুখী মন্দিৰৰ ওচৰত বাস কৰা এটা পৰিয়ালৰ দুজনী কন্যাৰ বিয়া হৈছিল। প্ৰথম কন্যাৰ বিয়া সহজে সমাপন হৈছিল কিন্তু দ্বিতীয় বিবাহত লাগিল কেনা। 

ঝাজ্জড়ৰ এজন যুৱকৰ সৈতে বিয়া ঠিক হৈছিল দ্বিতীয় কন্যাৰ। সেই বিয়াত বৰযাত্ৰীসকলে সুৰাপান কৰি হুলস্থূল কৰিছিল। বিয়াঘৰত ডিজে বন্ধ কৰাক লৈ বৰযাত্ৰী আৰু স্থানীয় লোকসকলৰ মাজত তীব্ৰ তৰ্ক হৈছিল। বিষয়টোগৈ দুৰ্ব্যৱহাৰ আৰু মাৰধৰত উপনীত হৈছিল। এনে সময়তে কইনাজনীয়ে বিয়াত বহিবলৈ অস্বীকাৰ কৰে। কইনাৰ ওচৰ-চুবুৰীয়াই অভিযোগ কৰে যে বৰযাত্ৰীয়ে সুৰাপান কৰিছিল আৰু নাচিছিল আৰু নিশা ১ বজালৈকে ৰাস্তাত চিঞৰিছিল। ইফালে বিয়াৰ শুভ মুহুৰ্ত পাৰ হৈ গৈছিল কিন্তু দৰা সঠিক সময়ত কইনাৰ ঘৰত উপস্থিত হোৱা নাছিল। 

এই সময়ছোৱাত কোনোবাই ১১২ লৈ ফোন কৰিছিল আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ডিজে বন্ধ কৰি দিছিল। এই কথাত খং উঠি কইনা আৰু তেওঁৰ মাক-দেউতাকক গালি-গালাজ পাৰিবলৈ আৰম্ভ কৰে দৰাপক্ষই। ইয়াৰ লগে তেওঁলোকে যথেষ্ট হুলস্থূলৰো সৃষ্টি কৰিছিল। কইনাৰ পক্ষই অভিযোগ কৰিছিল যে দৰাই সুৰাপানো কৰিছিল। কইনাই এইবোৰ দৃশ্য দেখি বিয়াত নবহো বুলি সকলোকে জনালে। কইনা ৰাজী নোহোৱা দেখি দৰাপক্ষ উভতি যায় আৰু দৰাৰ ফালৰ কেইজনমান লোকে মহেন্দ্ৰগড় নগৰ আৰক্ষী থানাত উপস্থিত হয়। 

কইনাই কয় যে কোনো পৰিস্থিতিতে ''এই ল'ৰাজনৰ সৈতে মই বিয়াত বহিব নোৱাৰো। মোক এই বিয়াৰ বাবে বৰ্তমান কোনেও হেঁচা প্ৰয়োগ কৰা নাই। মোৰ গোটেই পৰিয়ালটো অপমানিত হৈছিল আৰু তেওঁলোকৰ সৈতে মোকো মানসিক নিৰ্যাতন চলোৱা হৈছিল।'' একে সময়তে দৰাৰ ভায়েকজনে কয় যে ''এই বিয়া পাতিব নোৱাৰি সমাজত আমাৰ সন্মান ক্ষতিগ্ৰস্ত হৈছে, আমি গাওঁখনত কেনেকৈ মুখ দেখুৱাম। বিয়া নোহোৱাৰ বাবে আমিও বহুত কষ্ট পাইছো।'' অৱশেষত এই বিয়া বাতিল হয়। দৰাপক্ষ বিনা কইনাৰে উভতি যোৱাৰ পাছত কইনাৰ ঘৰত পৰিয়াল আৰু আত্মীয় লোকৰ দীৰ্ঘসময় আলোচনা হয় আৰু কইনাৰ বিয়া ৰোহটকৰ এজন যুৱকৰ সৈতে ঠিক কৰা হয়।  এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চৰ্চা লাভ কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস