--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ দিনাই এখন বিয়া হ'ল বাতিল। দৰাপক্ষ আৰু কইনাপক্ষৰ মাজত সৃষ্টি হোৱা তীব্ৰ বাক-বিতণ্ডাৰ বাবে অৱশেষত কইনাই ঘোষণা কৰে যে তেওঁ কোনোপধ্যেই এই বিয়াত বহিব নোৱাৰে। অৱশেষত কইনাৰ অবিহনেই অহা বাটে উভতি যায় দৰা তথা বৰযাত্ৰীসকল।হাৰিয়ানাৰ(Haryana) মহেন্দ্ৰগড়ত সংঘটিত হৈছে এই ঘটনা। পঞ্চমুখী মন্দিৰৰ ওচৰত বাস কৰা এটা পৰিয়ালৰ দুজনী কন্যাৰ বিয়া হৈছিল। প্ৰথম কন্যাৰ বিয়া সহজে সমাপন হৈছিল কিন্তু দ্বিতীয় বিবাহত লাগিল কেনা। 

ঝাজ্জড়ৰ এজন যুৱকৰ সৈতে বিয়া ঠিক হৈছিল দ্বিতীয় কন্যাৰ। সেই বিয়াত বৰযাত্ৰীসকলে সুৰাপান কৰি হুলস্থূল কৰিছিল। বিয়াঘৰত ডিজে বন্ধ কৰাক লৈ বৰযাত্ৰী আৰু স্থানীয় লোকসকলৰ মাজত তীব্ৰ তৰ্ক হৈছিল। বিষয়টোগৈ দুৰ্ব্যৱহাৰ আৰু মাৰধৰত উপনীত হৈছিল। এনে সময়তে কইনাজনীয়ে বিয়াত বহিবলৈ অস্বীকাৰ কৰে। কইনাৰ ওচৰ-চুবুৰীয়াই অভিযোগ কৰে যে বৰযাত্ৰীয়ে সুৰাপান কৰিছিল আৰু নাচিছিল আৰু নিশা ১ বজালৈকে ৰাস্তাত চিঞৰিছিল। ইফালে বিয়াৰ শুভ মুহুৰ্ত পাৰ হৈ গৈছিল কিন্তু দৰা সঠিক সময়ত কইনাৰ ঘৰত উপস্থিত হোৱা নাছিল। 

এই সময়ছোৱাত কোনোবাই ১১২ লৈ ফোন কৰিছিল আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ডিজে বন্ধ কৰি দিছিল। এই কথাত খং উঠি কইনা আৰু তেওঁৰ মাক-দেউতাকক গালি-গালাজ পাৰিবলৈ আৰম্ভ কৰে দৰাপক্ষই। ইয়াৰ লগে তেওঁলোকে যথেষ্ট হুলস্থূলৰো সৃষ্টি কৰিছিল। কইনাৰ পক্ষই অভিযোগ কৰিছিল যে দৰাই সুৰাপানো কৰিছিল। কইনাই এইবোৰ দৃশ্য দেখি বিয়াত নবহো বুলি সকলোকে জনালে। কইনা ৰাজী নোহোৱা দেখি দৰাপক্ষ উভতি যায় আৰু দৰাৰ ফালৰ কেইজনমান লোকে মহেন্দ্ৰগড় নগৰ আৰক্ষী থানাত উপস্থিত হয়। 

কইনাই কয় যে কোনো পৰিস্থিতিতে ''এই ল'ৰাজনৰ সৈতে মই বিয়াত বহিব নোৱাৰো। মোক এই বিয়াৰ বাবে বৰ্তমান কোনেও হেঁচা প্ৰয়োগ কৰা নাই। মোৰ গোটেই পৰিয়ালটো অপমানিত হৈছিল আৰু তেওঁলোকৰ সৈতে মোকো মানসিক নিৰ্যাতন চলোৱা হৈছিল।'' একে সময়তে দৰাৰ ভায়েকজনে কয় যে ''এই বিয়া পাতিব নোৱাৰি সমাজত আমাৰ সন্মান ক্ষতিগ্ৰস্ত হৈছে, আমি গাওঁখনত কেনেকৈ মুখ দেখুৱাম। বিয়া নোহোৱাৰ বাবে আমিও বহুত কষ্ট পাইছো।'' অৱশেষত এই বিয়া বাতিল হয়। দৰাপক্ষ বিনা কইনাৰে উভতি যোৱাৰ পাছত কইনাৰ ঘৰত পৰিয়াল আৰু আত্মীয় লোকৰ দীৰ্ঘসময় আলোচনা হয় আৰু কইনাৰ বিয়া ৰোহটকৰ এজন যুৱকৰ সৈতে ঠিক কৰা হয়।  এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চৰ্চা লাভ কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন