--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : খালিস্তানী সন্ত্ৰাসৰ প্ৰসংগই পুনৰ চৰ্চা লাভ কৰিছে। পঞ্জাবৰ বিধানসভা নিৰ্বাচনৰ সময়ৰে পৰা খালিস্তান আৰু খালিস্তানীৰ প্ৰসংগই ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছিল। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল খালিস্তানৰ সমৰ্থক বুলিও অভিযোগ উত্থাপন কৰা হৈছিল। যিবোৰ কথাই ব্যাপক বিতৰ্কৰ সূচনা কৰি আহিছে বিগত সময়ছোৱাত। কিন্তু শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাবে খালিস্তানী সন্ত্ৰাসবাদী ভাবুকি হৈ পৰাৰ তথ্য পোহৰলৈ আহিছে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জীৱনৰ প্ৰতি খলিস্তানী সন্ত্ৰাসবাদী ভাবুকিৰ কাৰণ হৈ পৰিছে। এই কথা প্ৰকাশ কৰিছে পঞ্জাব আৰক্ষীয়ে। দিল্লী আৰক্ষীক এই বিষয়ে অৱগত কৰি মুখ্যমন্ত্ৰীৰ বাবে অতিৰিক্ত নিৰাপত্তা বিচাৰিছে পঞ্জাব আৰক্ষীয়ে। অৱশ্যে, দিল্লী আৰক্ষীয়ে পঞ্জাব আৰক্ষীৰ দাবী নাকচ কৰে। দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰে যে মুখ্যমন্ত্ৰী কেজৰিৱালক ইতিমধ্যে গৃহ মন্ত্ৰালয়ে জেড প্লাছ নিৰাপত্তা প্ৰদান কৰিছে, যি হৈছে এক সৰ্বোচ্চ স্তৰৰ নিৰাপত্তা।

দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰে যে, আমি পঞ্জাব আৰক্ষীৰ পৰা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ উদ্দেশ্যি লিখা এখন পত্ৰ পাইছিলোঁ। পত্ৰখনত খালিস্তানী আক্ৰমণৰ আশংকাৰ পৰিপ্ৰেক্ষিতত আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ বাবে অতিৰিক্ত নিৰাপত্তা বিচৰা হৈছে। গৃহ মন্ত্ৰালয়ে সন্মতি প্ৰদান কৰিছে যে আমি কেজৰিৱালক জেড-প্লাছ নিৰাপত্তা প্ৰদান কৰাটো অব্যাহত ৰাখিম। দিল্লী আৰক্ষীয়ে লগতে কয় যে যদি পঞ্জাব আৰক্ষীৰ হাতত সঁচাকৈয়ে খালিস্তানী আক্ৰমণ সম্পৰ্কীয় চোৰাংচোৱা তথ্য থাকে, তেন্তে তেওঁলোকে সেই তথ্য আমাক তথা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহক অৱগত কৰা উচিত। সেই তথ্যৰ ওপৰত ভিত্তি কৰি বিষয়টো সন্দৰ্ভত পদক্ষেপ লোৱাত সহায় হ’ব।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অৱশ্যে এই বিষয়ত কোনো আনুষ্ঠানিক বিবৃতি জাৰি কৰা নাই। নাম প্ৰকাশৰ বাবে অনিচ্ছুক এজন বিষয়াই সদৰি কৰে যে, দিল্লী আৰক্ষীৰ মুখ্যমন্ত্ৰীক সুৰক্ষা দিবলৈ পৰ্যাপ্ত সমল আছে। প্ৰতিজন ভিআইপিৰ জীৱনলৈ আহিব পৰা বা অহা  ভাবুকি সন্দৰ্ভতো নিয়মীয়াকৈ পৰীক্ষা নিৰীক্ষা কৰি থকা হয়। যদি এই বিশ্লেষণৰ পাছত আমি এনে প্ৰয়োজন অনুভৱ কৰোঁ তেন্তে আমি নিৰাপত্তা বৃদ্ধি কৰিম।



FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল