--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : খালিস্তানী সন্ত্ৰাসৰ প্ৰসংগই পুনৰ চৰ্চা লাভ কৰিছে। পঞ্জাবৰ বিধানসভা নিৰ্বাচনৰ সময়ৰে পৰা খালিস্তান আৰু খালিস্তানীৰ প্ৰসংগই ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছিল। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল খালিস্তানৰ সমৰ্থক বুলিও অভিযোগ উত্থাপন কৰা হৈছিল। যিবোৰ কথাই ব্যাপক বিতৰ্কৰ সূচনা কৰি আহিছে বিগত সময়ছোৱাত। কিন্তু শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাবে খালিস্তানী সন্ত্ৰাসবাদী ভাবুকি হৈ পৰাৰ তথ্য পোহৰলৈ আহিছে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জীৱনৰ প্ৰতি খলিস্তানী সন্ত্ৰাসবাদী ভাবুকিৰ কাৰণ হৈ পৰিছে। এই কথা প্ৰকাশ কৰিছে পঞ্জাব আৰক্ষীয়ে। দিল্লী আৰক্ষীক এই বিষয়ে অৱগত কৰি মুখ্যমন্ত্ৰীৰ বাবে অতিৰিক্ত নিৰাপত্তা বিচাৰিছে পঞ্জাব আৰক্ষীয়ে। অৱশ্যে, দিল্লী আৰক্ষীয়ে পঞ্জাব আৰক্ষীৰ দাবী নাকচ কৰে। দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰে যে মুখ্যমন্ত্ৰী কেজৰিৱালক ইতিমধ্যে গৃহ মন্ত্ৰালয়ে জেড প্লাছ নিৰাপত্তা প্ৰদান কৰিছে, যি হৈছে এক সৰ্বোচ্চ স্তৰৰ নিৰাপত্তা।

দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰে যে, আমি পঞ্জাব আৰক্ষীৰ পৰা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ উদ্দেশ্যি লিখা এখন পত্ৰ পাইছিলোঁ। পত্ৰখনত খালিস্তানী আক্ৰমণৰ আশংকাৰ পৰিপ্ৰেক্ষিতত আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ বাবে অতিৰিক্ত নিৰাপত্তা বিচৰা হৈছে। গৃহ মন্ত্ৰালয়ে সন্মতি প্ৰদান কৰিছে যে আমি কেজৰিৱালক জেড-প্লাছ নিৰাপত্তা প্ৰদান কৰাটো অব্যাহত ৰাখিম। দিল্লী আৰক্ষীয়ে লগতে কয় যে যদি পঞ্জাব আৰক্ষীৰ হাতত সঁচাকৈয়ে খালিস্তানী আক্ৰমণ সম্পৰ্কীয় চোৰাংচোৱা তথ্য থাকে, তেন্তে তেওঁলোকে সেই তথ্য আমাক তথা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহক অৱগত কৰা উচিত। সেই তথ্যৰ ওপৰত ভিত্তি কৰি বিষয়টো সন্দৰ্ভত পদক্ষেপ লোৱাত সহায় হ’ব।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অৱশ্যে এই বিষয়ত কোনো আনুষ্ঠানিক বিবৃতি জাৰি কৰা নাই। নাম প্ৰকাশৰ বাবে অনিচ্ছুক এজন বিষয়াই সদৰি কৰে যে, দিল্লী আৰক্ষীৰ মুখ্যমন্ত্ৰীক সুৰক্ষা দিবলৈ পৰ্যাপ্ত সমল আছে। প্ৰতিজন ভিআইপিৰ জীৱনলৈ আহিব পৰা বা অহা  ভাবুকি সন্দৰ্ভতো নিয়মীয়াকৈ পৰীক্ষা নিৰীক্ষা কৰি থকা হয়। যদি এই বিশ্লেষণৰ পাছত আমি এনে প্ৰয়োজন অনুভৱ কৰোঁ তেন্তে আমি নিৰাপত্তা বৃদ্ধি কৰিম।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস