--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবাহ অনুষ্ঠানৰ অন্তিম পৰ্ব মালা সলনি কৰাৰ পিছতে ঢলি পৰিল দৰা৷  কোনো পৰিচৰ্যা লাভৰ পূৰ্বেই দৰাৰ মৃত্যুও হৈছে। শোকাৱহ ঘটনাটো সংঘটিত হৈছে বিহাৰৰ সীতামাঢ়ী জিলাত । মৃত দৰাজনক  সুৰেন্দ্ৰ কুমাৰ বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি সীতামাঢ়ীৰ ওচৰতে বিবাহ অনুষ্ঠান অনুষ্ঠিত হৈছিল। দৰা-কইনা বহি থকা স্থানৰ কাষতে উচ্চস্বৰত  ডিজে বাজি  আছিল। সুৰেন্দ্ৰ সেই শব্দত অস্বস্তিবোধ কৰিছিল। হঠাতে তেওঁ জ্ঞান হেৰুৱাই পেলায় আৰি ঢলি পৰে৷   তেওঁক লগে লগে  এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত  ঘোষণা কৰে৷ 

সুৰেন্দ্ৰৰ পৰিয়ালৰ সূত্ৰই দাবী কৰিছিল যে সুৰেন্দ্ৰই তেওঁৰ কাণৰ কাষতে   ডাঙৰকৈ ডিজে বজোৱাকলৈ  আপত্তি কৰিছিল। কিন্তু কোনেও তেওঁৰ আপত্তিৰ প্ৰতি গুৰুত্ব দিয়া নাছিল৷  ইয়াৰ পিছত সুৰেন্দ্ৰ কইনাক  মালা বিনিময় কৰিবলৈ বহাৰ পৰা  উঠিছিল। মালা পিন্ধোৱাৰ পিছত  ফটো তোলা হৈছিল। ডিজেও নিৰন্তৰ চলি আছিল। 

ফটো তোলা  শেষ হোৱাৰ লগে লগে সুৰেন্দ্ৰই জ্ঞান হেৰুৱাই পেলায়৷ সমবেত লোকসকলে  দৰাৰ  জ্ঞান ঘূৰাই আনিবলৈ চেষ্টা কৰিছিল। কিন্তু একো কামত নাহিল৷  তেওঁক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱাও হৈছিল। চিকিৎসকে পৰীক্ষা কৰি সীতামাঢ়িলৈ তেওঁক স্থানান্তৰিত কৰাৰ  পৰামৰ্শ দিয়ে । কিন্তু চিকিৎসালয়ত উপস্থিত হোৱাৰ আগতেই তেওঁৰ মৃত্যু হয়। আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে। ডিজেৰ প্ৰচণ্ড শব্দতেই দৰা হূদৰোগত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰা হৈছে৷ 

কেইদিনমান আগতে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত একেধৰণৰ ঘটনাই সংঘটিত হৈছিল। মালা বিনিময়ৰ পিছত  শিৱানী নামৰ এগৰাকী কইনাৰ  মৃত্যু ঘটিছিল। মালা সলনি কৰাৰ পিছতে  শিৱানীয়ে জ্ঞান হেৰুৱাইছিল। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও  চিকিৎসকে তেওঁক মৃত ঘোষণা কৰিছিল।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু