--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবাহ অনুষ্ঠানৰ অন্তিম পৰ্ব মালা সলনি কৰাৰ পিছতে ঢলি পৰিল দৰা৷  কোনো পৰিচৰ্যা লাভৰ পূৰ্বেই দৰাৰ মৃত্যুও হৈছে। শোকাৱহ ঘটনাটো সংঘটিত হৈছে বিহাৰৰ সীতামাঢ়ী জিলাত । মৃত দৰাজনক  সুৰেন্দ্ৰ কুমাৰ বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি সীতামাঢ়ীৰ ওচৰতে বিবাহ অনুষ্ঠান অনুষ্ঠিত হৈছিল। দৰা-কইনা বহি থকা স্থানৰ কাষতে উচ্চস্বৰত  ডিজে বাজি  আছিল। সুৰেন্দ্ৰ সেই শব্দত অস্বস্তিবোধ কৰিছিল। হঠাতে তেওঁ জ্ঞান হেৰুৱাই পেলায় আৰি ঢলি পৰে৷   তেওঁক লগে লগে  এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত  ঘোষণা কৰে৷ 

সুৰেন্দ্ৰৰ পৰিয়ালৰ সূত্ৰই দাবী কৰিছিল যে সুৰেন্দ্ৰই তেওঁৰ কাণৰ কাষতে   ডাঙৰকৈ ডিজে বজোৱাকলৈ  আপত্তি কৰিছিল। কিন্তু কোনেও তেওঁৰ আপত্তিৰ প্ৰতি গুৰুত্ব দিয়া নাছিল৷  ইয়াৰ পিছত সুৰেন্দ্ৰ কইনাক  মালা বিনিময় কৰিবলৈ বহাৰ পৰা  উঠিছিল। মালা পিন্ধোৱাৰ পিছত  ফটো তোলা হৈছিল। ডিজেও নিৰন্তৰ চলি আছিল। 

ফটো তোলা  শেষ হোৱাৰ লগে লগে সুৰেন্দ্ৰই জ্ঞান হেৰুৱাই পেলায়৷ সমবেত লোকসকলে  দৰাৰ  জ্ঞান ঘূৰাই আনিবলৈ চেষ্টা কৰিছিল। কিন্তু একো কামত নাহিল৷  তেওঁক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱাও হৈছিল। চিকিৎসকে পৰীক্ষা কৰি সীতামাঢ়িলৈ তেওঁক স্থানান্তৰিত কৰাৰ  পৰামৰ্শ দিয়ে । কিন্তু চিকিৎসালয়ত উপস্থিত হোৱাৰ আগতেই তেওঁৰ মৃত্যু হয়। আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে। ডিজেৰ প্ৰচণ্ড শব্দতেই দৰা হূদৰোগত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰা হৈছে৷ 

কেইদিনমান আগতে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত একেধৰণৰ ঘটনাই সংঘটিত হৈছিল। মালা বিনিময়ৰ পিছত  শিৱানী নামৰ এগৰাকী কইনাৰ  মৃত্যু ঘটিছিল। মালা সলনি কৰাৰ পিছতে  শিৱানীয়ে জ্ঞান হেৰুৱাইছিল। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও  চিকিৎসকে তেওঁক মৃত ঘোষণা কৰিছিল।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ