--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ "ডিজিটেল গ্ৰেপ্তাৰ" শব্দটোৱে চাইবাৰ জালিয়াতিৰ এক অত্যাধুনিক ৰূপক বুজায়, য'ত অপৰাধীয়ে আইন প্ৰয়োগকাৰী বিষয়া বা চৰকাৰী বিষয়াৰ ৰূপ লৈ ভুক্তভোগীৰ পৰা ধন আদায় কৰে। এই কেলেংকাৰীবোৰত সাধাৰণতে মানসিক হেতালি খেলা আৰু ভাবুকি দিয়া হয়, য’ত ভুক্তভোগীসকলক বিশ্বাস কৰাই দিয়া হয় যে তেওঁলোক গুৰুতৰ অপৰাধমূলক কাৰ্যকলাপৰ সৈতে জড়িত। 

আজীৱন জমা কৰি থোৱা সাঁচতীয়া ধনখিনি বহুলোকৰ কষ্ট, পৰিশ্ৰম আৰু অযুত সপোনৰ সমাহাৰ। কিন্তু চাইবাৰ প্ৰবঞ্চনাৰ বলি হৈ হেৰুৱাই জীৱনৰ সমস্ত সঞ্চয় ৷ নিমিষতে সকলো যেন পানী হৈ যায় ! বলি হয় 'ডিজিটেল গ্ৰেপ্তাৰ'ৰ ৷ গ্ৰেপ্তাৰ বা জেলৰ দৰে গুৰুতৰ পৰিণতিৰ পৰা হাত সাৰিবলৈ ভুক্তভোগীক প্ৰায়ে বৃহৎ পৰিমাণৰ ধন দিবলৈ হেঁচা প্ৰয়োগ কৰা হয়।

এই ধৰণৰ কেলেংকাৰীত প্ৰৱঞ্চকসকলে তেওঁলোকৰ ভুক্তভোগীসকলৰ সৈতে যোগাযোগ কৰে, সাধাৰণতে ফোন, ইমেইল বা ভিডিঅ’ কলৰ জৰিয়তে, তেওঁলোকক ড্ৰাগছ সৰবৰাহ বা ধন সৰবৰাহৰ দৰে অপৰাধমূলক কাৰ্য্যকলাপত জড়িত বুলি মিছা অভিযোগ উত্থাপন কৰে। দাবী পূৰণ নহ’লে গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দি ভুক্তভোগীৰ মাজত চিন্তা আৰু ভয়ৰ সৃষ্টি কৰে।

প্ৰৱঞ্চকে তেওঁলোকৰ কেলেংকাৰীক বৈধ যেন দেখুৱাবলৈ ভুৱা ইউনিফৰ্ম, ভুৱা পৰিচয় পত্ৰ আৰু ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰি বহু কষ্ট কৰে। তেওঁলোকে ভুৱা চৰকাৰী কাৰ্যালয়ৰ পৰিৱেশত প্ৰৱঞ্চনা সম্পন্ন কৰিব পাৰে, যাৰ ফলত ভুক্তভোগীয়ে অভিযানৰ সত্যতাৰ ওপৰত অধিক আস্থা লাভ কৰিব পাৰে। ভুক্তভোগীসকলক প্ৰায়ে কথা-বতৰাৰ সময়ত কেমেৰা আৰু মাইক্ৰ’ফোন চলিত ৰাখিবলৈ নিৰ্দেশ দিয়া হয়, যাতে তেওঁলোকে সহায় বিচাৰিব নোৱাৰে বা এনে পৰিস্থিতি আন কাৰোবাৰ সৈতে আলোচনা কৰিব নোৱাৰে। চৰম হেঁচাত পৰি ভুক্তভোগীয়ে তদন্ত প্ৰক্ৰিয়াৰ এয়া এক প্ৰয়োজনীয় পদক্ষেপ বুলি বিশ্বাস কৰি কেলেংকাৰীকাৰীয়ে প্ৰদান কৰা একাউণ্টলৈ ধন স্থানান্তৰ কৰিবলৈ বাধ্য হয়।


'ডিজিটেল গ্ৰেপ্তাৰ' কেলেংকাৰীৰ পৰা কেনেকৈ নিজকে সুৰক্ষিত ৰাখিব ?

যদি আপুনি এটা ফোন লাভ কৰে যে আপুনি ডিজিটেল গ্ৰেপ্তাৰৰ অধীনত আছে বা আইনী পৰিণতিৰ সন্মুখীন হৈছে, তেন্তে নিজকে সুৰক্ষিত ৰাখিবলৈ তৎক্ষণাত এই ব্যৱস্থা লওক:

১) নম্বৰটো ৰিপৰ্ট কৰক: যিকোনো সন্দেহজনক ফোন আহিলে তৎক্ষণাত আৰক্ষীক খবৰ দিয়ক। ফোন কৰাজনৰ লগত যোগাযোগ কৰ্তন কৰক।

২)প্ৰমাণপত্ৰ পৰীক্ষা কৰক: চাৰ্চ ইঞ্জিনৰ ফলাফল বা ফোন কৰা ব্যক্তিয়ে প্ৰদান কৰা তথ্যৰ ওপৰত নিৰ্ভৰ নকৰি, সদায় চৰকাৰী ৱেবছাইট আৰু যোগাযোগ নম্বৰৰ পৰা আইন প্ৰয়োগকাৰী বিষয়া বুলি দাবী কৰা ব্যক্তিৰ পৰিচয় পৰীক্ষা কৰক।

৩) ধন পৰিশোধ : বৈধ তদন্তত গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ ধন পৰিশোধৰ চৰ্ত জড়িত নহয়। যদি আপোনাক টকা ট্ৰেন্সফাৰ কৰিবলৈ কোৱা হয় তেন্তে সেয়া সংকেট।

৪) যদি আপুনি ভুক্তভোগী: যদি আপুনি বিশ্বাস কৰে যে আপোনাক প্ৰতাৰণা কৰা হৈছে তেন্তে ১৫-২০ মিনিটৰ ভিতৰত আৰ্থিক হেল্পলাইন ১৯৩০ত যোগাযোগ কৰক । লগতে, তৎক্ষণাত আপোনাৰ স্থানীয় চাইবাৰ অপৰাধ চেলত অভিযোগ দাখিল কৰক।


এই সন্দৰ্ভত চৰকাৰৰ ভূমিকা 

ক্ৰমাৎ বৃদ্ধি পোৱা ডিজিটেল জালিয়াতিক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰি গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ (আই ৪ চি)য়ে এনে কেলেংকাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে কাম কৰি আছে।

মন্ত্ৰালয়ৰ বিবৃতিত কোৱা হৈছে যে আই ৪ চিয়ে দেশত চাইবাৰ অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াৰ সৈতে জড়িত কাৰ্য্যকলাপৰ সমন্বয় সাধন কৰে। চাইবাৰ অপৰাধৰ বলি হোৱা লোকসকলেও অফিচিয়েল পৰ্টেল www.cybercrime.gov.in ৰ জৰিয়তে সহায় বিচাৰিব পাৰে, যিয়ে অনলাইন জালিয়াতিৰ প্ৰতিবেদন আৰু তদন্তৰ বাবে সহায় আগবঢ়ায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ