--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পৃথিৱীৰ নিম্ন কক্ষপথলৈ উপগ্ৰহ উৎক্ষেপণৰ হাৰ দ্ৰুতভাৱে বৃদ্ধি পোৱাকলৈ আশংকা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে৷দ্ৰুতভাৱে উপগ্ৰহ উৎক্ষেপণৰ কৰাৰ ফলত বৃদ্ধি পাইছে মহাকাশ আৱৰ্জনাৰ৷ আনাগত সময়ত কক্ষপথটো উপগ্ৰহ উৎক্ষেপণৰ বাবে ব্যৱহাৰযোগ্য হৈ নাথাকিব বুলি  উল্লেখ কৰিছে৷

পৃথিৱীৰ নিম্ন কক্ষপথত ক্ৰমাৎ বৃদ্ধি পোৱা যানজঁটে মহাকাশৰ কাৰ্যকলাপৰ বহনক্ষমতাৰ প্ৰতি যথেষ্ট ভাবুকি কঢ়িয়াই আনিছে, কিয়নো বিশেষজ্ঞসকলে সকীয়াই দিছে যে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ অবিহনে এই জটিল অঞ্চলটো অতি সোনকালে অব্যৱহাৰযোগ্য হৈ পৰিব পাৰে। উল্লেখযেগ্য যে ১৪,০০০ৰো অধিক উপগ্ৰহে বৰ্তমান পৃথিৱীক প্ৰদক্ষিণ কৰি আছে৷ ইয়াৰে প্ৰায় ৩,৫০০টা উপগ্ৰহ নিষ্ক্ৰিয় আৰু বিগত উৎক্ষেপণ আৰু সংঘৰ্ষৰ বাবে প্ৰায় ১২ কোটি ধ্বংসাৱশেষৰ টুকুৰা আকাশত উপঙি থকাৰ বাবে পৰিস্থিতি বিপদজনক হৈ পৰিছে।

মহাকাশ যাতায়তৰ সমন্বয়ৰ ওপৰত ৰাষ্ট্ৰসংঘৰ পেনেলে অক্টোবৰৰ শেষৰ ফালে কক্ষপথত উপঙি থকা আৱৰ্জনাৰ এক বিস্তৃত তথ্যকোষৰ ভাগ-বতৰা কৰা প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। কিছুমান দেশে এই ক্ষেত্ৰত সঁহাৰি জনাইছিল যদিও আন কিছুমানে অসামৰিক আৰু সামৰিক দুয়োটা ক্ষেত্ৰতে ব্যৱহাৰৰ হোৱা উপগ্ৰহৰ সৈতে জড়িত নিৰাপত্তাজনিত কাৰকৰ বাবে দ্বিধাবোধ কৰে। ইয়াৰ উপৰিও যিহেতু বাণিজ্যিক উদ্যোগসমূহে প্ৰায়ে মালিকানাধীন তথ্য সুৰক্ষিত কৰাটো অগ্ৰাধিকাৰ দিয়ে।এনে পৰিস্থিতিত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰিছে আৰু সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ অনানুষ্ঠানিক পদ্ধতি ব্যৱহাৰ কৰিছে।

শেহতীয়া পৰিঘটনাসমূহে লিঅ’ত ক্ৰমাৎ বৃদ্ধি পোৱা বিপদৰ বিষয়ে উদাঙাইছে। উদাহৰণস্বৰূপে আগষ্ট মাহত চীনৰ ৰকেটৰ বিস্ফোৰণ ঘটি কক্ষপথৰ ওপৰত ধ্বংসাৱশেষ সিঁচৰতি হৈ পৰে। একেদৰে জুন মাহত এটা বন্ধ হৈ যোৱা ৰাছিয়াৰ উপগ্ৰহ বিস্ফোৰণৰ ফলত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থকা মহাকাশচাৰীসকলে এঘণ্টাৰ বাবে আশ্ৰয় ল’বলগীয়া হৈছিল।

সম্প্ৰতি বাণিজ্যিক মহাকাশ খণ্ডৰ সম্প্ৰসাৰণৰ লগে লগে স্পেচএক্সৰ দৰে কোম্পানীয়ে হাজাৰ হাজাৰ ষ্টাৰলিংক উপগ্ৰহ উৎক্ষেপণ কৰা কাৰ্যই সংঘৰ্ষৰ সম্ভাৱনা বৃদ্ধি কৰিছে। অনুমান কৰা হৈছে যে  অনাগত বছৰবোৰত লাখ লাখ উপগ্ৰহ কক্ষপথত প্ৰৱেশ কৰিব পাৰে, যাৰ ফলত সম্ভাৱ্য সংঘৰ্ষৰ বাবে পাঁচ বছৰৰ ভিতৰত ৫৫৬ মিলিয়ন ডলাৰৰ আনুমানিক আৰ্থিক সংটৰ সৃষ্টি হ’ব।

উদ্যোগপতিসকলে জোৰ দি কয় যে বিমান পৰিবহণ ব্যৱস্থাপনাত ব্যৱহাৰ কৰা নিয়মৰ দৰেই উপগ্ৰহ উৎক্ষেপনৰ বাবে বলৱৎযোগ্য নিয়ম প্ৰস্তুত কৰি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে।আৰু শেহতীয়াকৈ মহাকাশ কাৰ্যকলাপৰ সুৰক্ষা আৰু বহনক্ষমতা নিশ্চিত কৰাৰ বাবে বিশ্বব্যাপী সহযোগিতাৰ প্ৰয়োজনীয়তাৰ বিষয়টো চৰ্চালৈ আহিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ