--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতক যিমানেই ডিজিটেল কৰাৰ প্ৰচেষ্টা চলিছে সিমানেই ইটোৰ পিছত সিটোকৈ অন্ধ বিশ্বাসৰ ঘটনা পোহৰলৈ আহিছে। শেহতীয়াকৈ ওড়িশাৰ 'হো' জনজাতীয় সম্প্ৰদায়ৰ দুটি নাবালকক অন্ধ বিশ্বাসৰ বশৱৰ্তী হৈয়েই কুকুৰৰ সৈতে বিয়া দিয়া হৈছে। জনগোষ্ঠীটোৰ লোসকলে  বিশ্বাস কৰে যে শিশুৰ  প্ৰথমে গজা  দাঁতটো অশুভ। অশুভ আত্মাৰ পৰা ৰক্ষা পৰিবলৈ তেওঁলোকে তেওঁলোকৰ সন্তানক কুকুৰৰ সৈতে বিয়া দিয়ে।

 শিশুসকলক অশুভ আত্মাৰ পৰা সুৰক্ষিত কৰিবলৈ কুকুৰৰ সৈতে  বিয়া দিয়াৰ  পৰম্পৰা আজিও চলি আছে।উৰিষ্যাৰ বালাচোৰত দুটিকৈ  নাবালক শিশুক  পথৰ কুকুৰৰ সৈতে বিয়া কৰাই দিয়াৰ ঘটনাই আলোড়ণৰ সৃষ্টি কৰিছে।কুকুৰৰ সৈতে বিয়া দিয়া শিশু দুটিৰ বয়স তেনেই কম।   মাত্ৰ ১১ বছৰ বয়সৰ দাৰী সিঙৰ পুত্ৰ তপন সিঙক এটা মাইকী কুকুৰৰ সৈতে বিয়া দিয়া হৈছে। একেদৰে ৭ বছৰীয়া লক্ষ্মীক এটা মতা  কুকুৰৰ সৈতে বিয়া কৰাই দিয়া হৈছে।

উৰিষ্যাৰ 'ছিং' বন্ধচাহী গাঁৱৰ 'হো' জনজাতীয় লোকসকলৰ মাজত কুকুৰৰ সৈতে বিয়া দিয়াৰ  পৰম্পৰা আছে।  যেতিয়াই শিশু দুটিৰ  প্ৰথম দাঁতটো গজিছিল তেতিয়াই   তেওঁলোকৰ বিবাহৰ বাবে পথৰ কুকুৰ বিচাৰিবলৈ আৰম্ভ কৰা হৈছিল।

গাওঁখনৰ পৰা স্নাতক হোৱা ২৮ বছৰীয়া সাগৰ সিঙে কয় যে সম্প্ৰদায়টোৰ পৰম্পৰা অনুসৰি দুটা নাবালক সন্তানক কুকুৰৰ সৈতে বিয়া দিয়া হৈছে  আৰু সেই উপলক্ষ্যে ৰাজহুৱা  ভোজৰো আয়োজন কৰা হৈছিল। পুৱা ৭ বজাৰ পৰা দুপৰীয়া ১ বজালৈ বিবাহৰ ৰীতি-নীতি অব্যাহত আছিল। সাগৰে কয়  যে সম্প্ৰদায়টোৱে বিশ্বাস কৰে যে কুকুৰৰ সৈতে "বিয়া" হোৱাৰ পিছত যি বেয়া ঘটিবলগীয়া আছিল সেয়া  শিশুৰ পৰা কুকুৰলৈ যাব। যদিও ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই, এই বিশ্বাসেই  তাত  দীৰ্ঘদিন ধৰি চলি আহিছে।
পূৰ্বেও বালাচোৰত কুকুৰৰ সৈতে শিশুৰ বিয়া হোৱাৰ ঘটনা ঘটিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল