--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতক যিমানেই ডিজিটেল কৰাৰ প্ৰচেষ্টা চলিছে সিমানেই ইটোৰ পিছত সিটোকৈ অন্ধ বিশ্বাসৰ ঘটনা পোহৰলৈ আহিছে। শেহতীয়াকৈ ওড়িশাৰ 'হো' জনজাতীয় সম্প্ৰদায়ৰ দুটি নাবালকক অন্ধ বিশ্বাসৰ বশৱৰ্তী হৈয়েই কুকুৰৰ সৈতে বিয়া দিয়া হৈছে। জনগোষ্ঠীটোৰ লোসকলে  বিশ্বাস কৰে যে শিশুৰ  প্ৰথমে গজা  দাঁতটো অশুভ। অশুভ আত্মাৰ পৰা ৰক্ষা পৰিবলৈ তেওঁলোকে তেওঁলোকৰ সন্তানক কুকুৰৰ সৈতে বিয়া দিয়ে।

 শিশুসকলক অশুভ আত্মাৰ পৰা সুৰক্ষিত কৰিবলৈ কুকুৰৰ সৈতে  বিয়া দিয়াৰ  পৰম্পৰা আজিও চলি আছে।উৰিষ্যাৰ বালাচোৰত দুটিকৈ  নাবালক শিশুক  পথৰ কুকুৰৰ সৈতে বিয়া কৰাই দিয়াৰ ঘটনাই আলোড়ণৰ সৃষ্টি কৰিছে।কুকুৰৰ সৈতে বিয়া দিয়া শিশু দুটিৰ বয়স তেনেই কম।   মাত্ৰ ১১ বছৰ বয়সৰ দাৰী সিঙৰ পুত্ৰ তপন সিঙক এটা মাইকী কুকুৰৰ সৈতে বিয়া দিয়া হৈছে। একেদৰে ৭ বছৰীয়া লক্ষ্মীক এটা মতা  কুকুৰৰ সৈতে বিয়া কৰাই দিয়া হৈছে।

উৰিষ্যাৰ 'ছিং' বন্ধচাহী গাঁৱৰ 'হো' জনজাতীয় লোকসকলৰ মাজত কুকুৰৰ সৈতে বিয়া দিয়াৰ  পৰম্পৰা আছে।  যেতিয়াই শিশু দুটিৰ  প্ৰথম দাঁতটো গজিছিল তেতিয়াই   তেওঁলোকৰ বিবাহৰ বাবে পথৰ কুকুৰ বিচাৰিবলৈ আৰম্ভ কৰা হৈছিল।

গাওঁখনৰ পৰা স্নাতক হোৱা ২৮ বছৰীয়া সাগৰ সিঙে কয় যে সম্প্ৰদায়টোৰ পৰম্পৰা অনুসৰি দুটা নাবালক সন্তানক কুকুৰৰ সৈতে বিয়া দিয়া হৈছে  আৰু সেই উপলক্ষ্যে ৰাজহুৱা  ভোজৰো আয়োজন কৰা হৈছিল। পুৱা ৭ বজাৰ পৰা দুপৰীয়া ১ বজালৈ বিবাহৰ ৰীতি-নীতি অব্যাহত আছিল। সাগৰে কয়  যে সম্প্ৰদায়টোৱে বিশ্বাস কৰে যে কুকুৰৰ সৈতে "বিয়া" হোৱাৰ পিছত যি বেয়া ঘটিবলগীয়া আছিল সেয়া  শিশুৰ পৰা কুকুৰলৈ যাব। যদিও ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই, এই বিশ্বাসেই  তাত  দীৰ্ঘদিন ধৰি চলি আহিছে।
পূৰ্বেও বালাচোৰত কুকুৰৰ সৈতে শিশুৰ বিয়া হোৱাৰ ঘটনা ঘটিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব