--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমলিংগ বিবাহকলৈ দেশত এতিয়াও অব্যাহত আছে বিতৰ্ক। কালিৰে পৰা উচ্চতম ন্যায়ালয়ত স্পৰ্শকাতৰ বিষয়টোকলৈ আৰম্ভ হৈ শুনানি।  উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া খণ্ডপীঠে সমলিংগ বিবাহ আইনী হয় নে নহয় সেই বিষয়ত শুনানি গ্ৰহণ কৰি আছে। কেন্দ্ৰই আৰম্ভণিৰে পৰা সমলিংগ বিবাহৰ তীব্ৰ বিৰোধিতা কৰি আহিছে। 

কিন্তু কালি উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ বিৰোধিতালৈ বিশেষ গুৰুত্ব নিদিয়াৰ পিছতে এতিয়া চৰকাৰে সমলিংগ বিবাহ সম্পৰ্কে প্ৰতিখন ৰাজ্যৰ পৰা মতামত বিচাৰিছে। কেন্দ্ৰই বুধবাৰে সমলিংগ বিবাহ সম্পৰ্কীয় আবেদনৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত  বিচাৰপীঠক কয় যে এই বিষয়ত কেন্দ্ৰই ৰাজ্যসমূহৰ পৰা মতামত আহ্বান কৰিছে।কেন্দ্ৰই এই বিষয়টো সম্পৰ্কীয়  শুনানি কেইদিনমানৰ বাবে স্থগিত ৰাখিবলৈ আবেদন জনায় যদিও  উচ্চতম ন্যায়ালয়ে চৰকাৰৰ আবেদনখন খাৰিজ কৰে।

বুধবাৰে, কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ৰ সন্মুখত এখন নতুন আবেদন দাখিল কৰে। চৰকাৰৰ আবেদন খনত কোৱা হৈছে "এই বিষয়টো আইন বিভাগৰ, সেয়েহে, এই বিষয়ত কেন্দ্ৰৰ লগতে ৰাজ্যসমূহৰ মতামত অতি গুৰুত্বপূৰ্ণ" । কেন্দ্ৰই সমকামী বিবাহ সন্দৰ্ভত  ৰাজ্যসমূহৰ মতামত সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি আছে। ৰাজ্যসমূহে পৰৱৰ্তী ১০ দিনৰ ভিতৰত বিবাহ সম্পৰ্কে তেওঁলোকৰ মতামত দাখিল কৰিব লাগিব। 

কেন্দ্ৰই কয় যে সমকামী বিবাহৰ বৈধতা পৰীক্ষা কৰিবলৈ, দেশৰ বিভিন্ন প্ৰান্তত প্ৰচলিত  বিশ্বাস, ৰীতি-নীতি আৰু সামাজিক পাৰ্থক্য আদি বিষয়সমূহ পৰীক্ষা কৰাৰ প্ৰয়োজন আছে। এই গোচৰটো চলাই নিওঁতে  দেশৰ বিভিন্ন প্ৰান্তৰ পৰিস্থিতিৰ স্পষ্ট আৰু সম্পূৰ্ণ ধাৰণা  থাকিব লাগে বুলিও চৰকাৰে কৈছে। আবেদন খনত কোৱা হৈছে ’’সেইকাৰণে আমি ৰাজ্যসমূহৰ মতামত জানিব লাগিব।’’ কেন্দ্ৰই ৰাজ্যসমূহে সঁহাৰি নিদিয়ালৈকে গোচৰটোৰ শুনানিত স্থগিতাদেশ বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল। শীৰ্ষ আদালত খনৰ বিচাৰপীঠে অৱশ্যে কয় যে তেওঁলোকে এই আবেদন খাৰিজ কৰিছে আৰু শুনানি অব্যাহত ৰাখিব।

ইপিনে আবেদনকাৰীৰ হৈ আদালতত উপস্থিত থকা অধিবক্তা মুকুল ৰোহতগীয়ে কয় যে এই গোচৰটোত ৰাজ্যৰ কোনো ভূমিকা নাই। তেওঁ কয় "এই গোচৰটো এটা কেন্দ্ৰীয় আইনৰ বৈধতাৰ বিষয়। তেনে ক্ষেত্ৰত ৰাজ্যবোৰে কি  ভাবে সেয়া একেবাৰে প্ৰাসংগিক নহয়। তদুপৰি গোচৰটোৰ শুনানিৰ তাৰিখ পাঁচ মাহ আগতে ঘোষণা কৰা হৈছিল। সেয়া জনা স্বত্বেও কেন্দ্ৰই এতিয়াহে  ৰাজ্যসমূহৰ পৰা কিয় মতামত বিচাৰিছে  তাকে লৈ প্ৰশ্ন ৰৈ গৈছে।’’ তেওঁ লগতে কয় যে সংবিধান অনুসৰি সকলোৰে বিবাহৰ অধিকাৰ আছে। কাৰো বিয়াৰ অধিকাৰ কেৱল সমকামী হোৱাৰ বাবে কাঢ়ি নিব নোৱাৰি। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব