--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমলিংগ বিবাহকলৈ দেশত এতিয়াও অব্যাহত আছে বিতৰ্ক। কালিৰে পৰা উচ্চতম ন্যায়ালয়ত স্পৰ্শকাতৰ বিষয়টোকলৈ আৰম্ভ হৈ শুনানি।  উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া খণ্ডপীঠে সমলিংগ বিবাহ আইনী হয় নে নহয় সেই বিষয়ত শুনানি গ্ৰহণ কৰি আছে। কেন্দ্ৰই আৰম্ভণিৰে পৰা সমলিংগ বিবাহৰ তীব্ৰ বিৰোধিতা কৰি আহিছে। 

কিন্তু কালি উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ বিৰোধিতালৈ বিশেষ গুৰুত্ব নিদিয়াৰ পিছতে এতিয়া চৰকাৰে সমলিংগ বিবাহ সম্পৰ্কে প্ৰতিখন ৰাজ্যৰ পৰা মতামত বিচাৰিছে। কেন্দ্ৰই বুধবাৰে সমলিংগ বিবাহ সম্পৰ্কীয় আবেদনৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত  বিচাৰপীঠক কয় যে এই বিষয়ত কেন্দ্ৰই ৰাজ্যসমূহৰ পৰা মতামত আহ্বান কৰিছে।কেন্দ্ৰই এই বিষয়টো সম্পৰ্কীয়  শুনানি কেইদিনমানৰ বাবে স্থগিত ৰাখিবলৈ আবেদন জনায় যদিও  উচ্চতম ন্যায়ালয়ে চৰকাৰৰ আবেদনখন খাৰিজ কৰে।

বুধবাৰে, কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ৰ সন্মুখত এখন নতুন আবেদন দাখিল কৰে। চৰকাৰৰ আবেদন খনত কোৱা হৈছে "এই বিষয়টো আইন বিভাগৰ, সেয়েহে, এই বিষয়ত কেন্দ্ৰৰ লগতে ৰাজ্যসমূহৰ মতামত অতি গুৰুত্বপূৰ্ণ" । কেন্দ্ৰই সমকামী বিবাহ সন্দৰ্ভত  ৰাজ্যসমূহৰ মতামত সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি আছে। ৰাজ্যসমূহে পৰৱৰ্তী ১০ দিনৰ ভিতৰত বিবাহ সম্পৰ্কে তেওঁলোকৰ মতামত দাখিল কৰিব লাগিব। 

কেন্দ্ৰই কয় যে সমকামী বিবাহৰ বৈধতা পৰীক্ষা কৰিবলৈ, দেশৰ বিভিন্ন প্ৰান্তত প্ৰচলিত  বিশ্বাস, ৰীতি-নীতি আৰু সামাজিক পাৰ্থক্য আদি বিষয়সমূহ পৰীক্ষা কৰাৰ প্ৰয়োজন আছে। এই গোচৰটো চলাই নিওঁতে  দেশৰ বিভিন্ন প্ৰান্তৰ পৰিস্থিতিৰ স্পষ্ট আৰু সম্পূৰ্ণ ধাৰণা  থাকিব লাগে বুলিও চৰকাৰে কৈছে। আবেদন খনত কোৱা হৈছে ’’সেইকাৰণে আমি ৰাজ্যসমূহৰ মতামত জানিব লাগিব।’’ কেন্দ্ৰই ৰাজ্যসমূহে সঁহাৰি নিদিয়ালৈকে গোচৰটোৰ শুনানিত স্থগিতাদেশ বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল। শীৰ্ষ আদালত খনৰ বিচাৰপীঠে অৱশ্যে কয় যে তেওঁলোকে এই আবেদন খাৰিজ কৰিছে আৰু শুনানি অব্যাহত ৰাখিব।

ইপিনে আবেদনকাৰীৰ হৈ আদালতত উপস্থিত থকা অধিবক্তা মুকুল ৰোহতগীয়ে কয় যে এই গোচৰটোত ৰাজ্যৰ কোনো ভূমিকা নাই। তেওঁ কয় "এই গোচৰটো এটা কেন্দ্ৰীয় আইনৰ বৈধতাৰ বিষয়। তেনে ক্ষেত্ৰত ৰাজ্যবোৰে কি  ভাবে সেয়া একেবাৰে প্ৰাসংগিক নহয়। তদুপৰি গোচৰটোৰ শুনানিৰ তাৰিখ পাঁচ মাহ আগতে ঘোষণা কৰা হৈছিল। সেয়া জনা স্বত্বেও কেন্দ্ৰই এতিয়াহে  ৰাজ্যসমূহৰ পৰা কিয় মতামত বিচাৰিছে  তাকে লৈ প্ৰশ্ন ৰৈ গৈছে।’’ তেওঁ লগতে কয় যে সংবিধান অনুসৰি সকলোৰে বিবাহৰ অধিকাৰ আছে। কাৰো বিয়াৰ অধিকাৰ কেৱল সমকামী হোৱাৰ বাবে কাঢ়ি নিব নোৱাৰি। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ