--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিন বাগৰাৰ লগে লগে ডিজিটেল হৈ পৰিছে ভাৰত৷ সেই ডিজিটাইলেজনৰ প্ৰভাৱ যেন এতিয়া বান্দৰৰ ওপৰতো পৰিছে৷ মোবাইল ফোন এতিয়া নৱ প্ৰজন্মৰ বহুতৰে বাবে বুকুৰ কুটুম হৈ পৰিছে৷  কেৱল মানুহেই মোবাইল ফোনৰ দ্বাৰা আকৰ্ষিত হোৱা নাই, বান্দৰকো আকৰ্ষণ কৰিছে মোবাইল ফোনে৷

শেহতীয়াকৈ   কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে এটা বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰিছে।  ভিডিঅ’টোত তেওঁ এটা শিৰোনামো দিছে৷ কিৰেন ৰিজিজুৱে টুইটাৰত ভিডিঅ'টো শ্বেয়াৰ কৰিছে৷  ভিডিঅ'টোত কমেও পাঁচটা বান্দৰ দেখা গৈছে। বান্দৰ কেইটাই মনোযোগেৰে মোবাইল ফোনৰ ভিডিঅ’ চাই থকা দেখা গৈছে৷ এনে লাগে যেন বান্দৰ কেইটাও  মোবাইলৰ প্ৰতি আসক্ত হৈ পৰিছে।   কেন্দ্ৰীয় আইন মন্ত্ৰী আৰু বিজেপি নেতাৰ কৌতুকেৰে ভৰা  শিৰোনামটোৱে বহু  লোকৰ দৃষ্টি আকৰ্ষণ কৰিছে। ৰিজিজুৱে লিখিছে, "ডিজিটেল ভাৰতৰ সাক্ষৰতাৰ হাৰ কেনে স্তৰত উপনীত হৈছে চাওক, অবিশ্বাস্য!"

ভিডিঅ'টো ভাৰতত দৃশ্যগ্ৰহণ কৰা হৈছিল নে নাই তাকে  লৈ সন্দেহ আছে। অৱশ্যে ৰিজিজুৰ মন্তব্যই নেটিজেনসকলৰ মাজত  মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কোনোবাই হাঁহিৰ ইমোজিৰে বিষয়টো উপভোগ কৰিছে। কিছুমানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ নামত  উপহাসো কৰিছে।  কেন্দ্ৰীয় আইন মন্ত্ৰীৰ পোষ্টত  এজনে লিখিছিল, "শিশুৱে পঢ়িব পৰা নাই, গতিকে এইবাৰ বান্দৰবোৰে পঢ়িব।" যিকিনহওঁক, পোষ্টটোৱে বহুতকে আমোদ দিছে৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়