--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিন বাগৰাৰ লগে লগে ডিজিটেল হৈ পৰিছে ভাৰত৷ সেই ডিজিটাইলেজনৰ প্ৰভাৱ যেন এতিয়া বান্দৰৰ ওপৰতো পৰিছে৷ মোবাইল ফোন এতিয়া নৱ প্ৰজন্মৰ বহুতৰে বাবে বুকুৰ কুটুম হৈ পৰিছে৷  কেৱল মানুহেই মোবাইল ফোনৰ দ্বাৰা আকৰ্ষিত হোৱা নাই, বান্দৰকো আকৰ্ষণ কৰিছে মোবাইল ফোনে৷

শেহতীয়াকৈ   কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে এটা বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰিছে।  ভিডিঅ’টোত তেওঁ এটা শিৰোনামো দিছে৷ কিৰেন ৰিজিজুৱে টুইটাৰত ভিডিঅ'টো শ্বেয়াৰ কৰিছে৷  ভিডিঅ'টোত কমেও পাঁচটা বান্দৰ দেখা গৈছে। বান্দৰ কেইটাই মনোযোগেৰে মোবাইল ফোনৰ ভিডিঅ’ চাই থকা দেখা গৈছে৷ এনে লাগে যেন বান্দৰ কেইটাও  মোবাইলৰ প্ৰতি আসক্ত হৈ পৰিছে।   কেন্দ্ৰীয় আইন মন্ত্ৰী আৰু বিজেপি নেতাৰ কৌতুকেৰে ভৰা  শিৰোনামটোৱে বহু  লোকৰ দৃষ্টি আকৰ্ষণ কৰিছে। ৰিজিজুৱে লিখিছে, "ডিজিটেল ভাৰতৰ সাক্ষৰতাৰ হাৰ কেনে স্তৰত উপনীত হৈছে চাওক, অবিশ্বাস্য!"

ভিডিঅ'টো ভাৰতত দৃশ্যগ্ৰহণ কৰা হৈছিল নে নাই তাকে  লৈ সন্দেহ আছে। অৱশ্যে ৰিজিজুৰ মন্তব্যই নেটিজেনসকলৰ মাজত  মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কোনোবাই হাঁহিৰ ইমোজিৰে বিষয়টো উপভোগ কৰিছে। কিছুমানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ নামত  উপহাসো কৰিছে।  কেন্দ্ৰীয় আইন মন্ত্ৰীৰ পোষ্টত  এজনে লিখিছিল, "শিশুৱে পঢ়িব পৰা নাই, গতিকে এইবাৰ বান্দৰবোৰে পঢ়িব।" যিকিনহওঁক, পোষ্টটোৱে বহুতকে আমোদ দিছে৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক