--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি মৃত্যু যেন তেনেই সহজ হৈ পৰিছে। বিশেষকৈ কম বয়সীয়া মানুহৰ সঘন মৃত্যুৱে মানুহক ভীতিগ্ৰস্ত কৰি তুলিছে। খাওতে, শোওতে, ব্যায়াম কৰি থাকোতে, খোজ কাঢ়ি থাকোতেই মানুহে আজিকালি সাবটি লয় মৃত্যু। শেহতীয়াকৈ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ আকস্মিক মৃত্যুৱে সকলোকে কন্দুৱাইছে। বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত অংশগ্ৰহণৰ পিছত অন্য সহপাঠীৰ সৈতে নিজৰ শ্ৰেণীকোঠাত সোমাইছিল অষ্টম শ্ৰেণীৰ ছাত্ৰী ৰিয়া ছনী। কিন্তু কোনেও সপোনতো ভবা নাছিল যে সেয়াই আছিল ছাত্ৰীগৰাকীৰ জীৱনৰ অন্তিম ক্ষণ। 
A 14-year-old student suddenly collapsed while talking to her classmates  and her journey ended
শ্ৰেণীকোঠাত প্ৰৱেশ কৰাৰ কিছুসময় পাছতে হঠাৎ অচেতন হৈ ঢলি পৰে অষ্টম শ্ৰেণীৰ মেধাৱী ছাত্ৰীগৰাকী। এই ঘটনাত শ্ৰেণীকোঠাটোত হুৱাদুৱা লাগে। লগে লগে বিদ্যালয় কৰ্তৃপক্ষই ৰিয়া ছনীক হাস্পতাললৈ লৈ যায় যদিও ছাত্ৰীগৰাকীৰ মৃত্যু ঘটা বুলি ঘোষণা কৰে চিকিৎসকে। হাৰ্ট এটেক হৈয়ে ৰিয়াৰ মৃত্যু হোৱা বুলি জনায় চিকিৎসকৰ দলে।
Class 8 student dies of cardiac arrest, parents blame school
এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে গুজৰাটৰ ৰাজকোটৰ জাছানী স্কুলত। প্ৰচণ্ড জাৰৰ বাবেই ৰিয়া সংজ্ঞাহীন হৈ পৰি হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুক আঁকোৱালি লোৱা বুলি অভিযোগ কৰিছে পৰিয়ালে। অন্যহাতে এই ঘটনাক গুৰুত্বসহকাৰে লৈ পুৱাই শিক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়াৰ সৈতে এক বৈঠকত মিলিত হয় গুজৰাটৰ শিক্ষামন্ত্ৰী। 

এই বৈঠকৰ পিছতে জাছানী স্কুলৰ পৰা ছাত্ৰীগৰাকীৰ মৃত্যু সন্দৰ্ভত প্ৰতিবেদন বিচাৰে চৰকাৰে। উল্লেখযোগ্য যে দেশত ইটোৰ পাছত সিটোকৈ বৃদ্ধি পাইছে হাৰ্ট এটেকত আক্ৰান্ত হৈ আকস্মিক মৃত্যুক সাবটি লোৱা ঘটনা।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement