--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি মৃত্যু যেন তেনেই সহজ হৈ পৰিছে। বিশেষকৈ কম বয়সীয়া মানুহৰ সঘন মৃত্যুৱে মানুহক ভীতিগ্ৰস্ত কৰি তুলিছে। খাওতে, শোওতে, ব্যায়াম কৰি থাকোতে, খোজ কাঢ়ি থাকোতেই মানুহে আজিকালি সাবটি লয় মৃত্যু। শেহতীয়াকৈ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ আকস্মিক মৃত্যুৱে সকলোকে কন্দুৱাইছে। বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত অংশগ্ৰহণৰ পিছত অন্য সহপাঠীৰ সৈতে নিজৰ শ্ৰেণীকোঠাত সোমাইছিল অষ্টম শ্ৰেণীৰ ছাত্ৰী ৰিয়া ছনী। কিন্তু কোনেও সপোনতো ভবা নাছিল যে সেয়াই আছিল ছাত্ৰীগৰাকীৰ জীৱনৰ অন্তিম ক্ষণ। 
A 14-year-old student suddenly collapsed while talking to her classmates  and her journey ended
শ্ৰেণীকোঠাত প্ৰৱেশ কৰাৰ কিছুসময় পাছতে হঠাৎ অচেতন হৈ ঢলি পৰে অষ্টম শ্ৰেণীৰ মেধাৱী ছাত্ৰীগৰাকী। এই ঘটনাত শ্ৰেণীকোঠাটোত হুৱাদুৱা লাগে। লগে লগে বিদ্যালয় কৰ্তৃপক্ষই ৰিয়া ছনীক হাস্পতাললৈ লৈ যায় যদিও ছাত্ৰীগৰাকীৰ মৃত্যু ঘটা বুলি ঘোষণা কৰে চিকিৎসকে। হাৰ্ট এটেক হৈয়ে ৰিয়াৰ মৃত্যু হোৱা বুলি জনায় চিকিৎসকৰ দলে।
Class 8 student dies of cardiac arrest, parents blame school
এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে গুজৰাটৰ ৰাজকোটৰ জাছানী স্কুলত। প্ৰচণ্ড জাৰৰ বাবেই ৰিয়া সংজ্ঞাহীন হৈ পৰি হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুক আঁকোৱালি লোৱা বুলি অভিযোগ কৰিছে পৰিয়ালে। অন্যহাতে এই ঘটনাক গুৰুত্বসহকাৰে লৈ পুৱাই শিক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়াৰ সৈতে এক বৈঠকত মিলিত হয় গুজৰাটৰ শিক্ষামন্ত্ৰী। 

এই বৈঠকৰ পিছতে জাছানী স্কুলৰ পৰা ছাত্ৰীগৰাকীৰ মৃত্যু সন্দৰ্ভত প্ৰতিবেদন বিচাৰে চৰকাৰে। উল্লেখযোগ্য যে দেশত ইটোৰ পাছত সিটোকৈ বৃদ্ধি পাইছে হাৰ্ট এটেকত আক্ৰান্ত হৈ আকস্মিক মৃত্যুক সাবটি লোৱা ঘটনা।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল