--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ দেশৰ বহু ৰিক্সা চালক আৰু পাচলি বিক্ৰেতাই গণৰাজ্য দিৱস পেৰেড ২০২৩-ত এক বিশেষ আমন্ত্ৰণ লাভ কৰিছে। শ্ৰমিকসকলৰ পৰিয়াল, অৰ্থাৎ যিসকলে কেন্দ্ৰীয় ভিষ্টা নিৰ্মাণত সহায় কৰিছেতেওঁলোকে গণৰাজ্য  দিৱসৰ অনুষ্ঠানটোৰ মুখ্য মঞ্চৰ সন্মুখত বহিব। এই বছৰৰ গণৰাজ্য্য দিৱসৰ বিষয়বস্তু হৈছে "সাধাৰণ লোকৰ অংশগ্ৰহণ"। ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল-চিচিয়ে  অনুষ্ঠানটোত মুখ্য অতিথি হিচাবে উপস্থিত থাকিব৷ 

যোৱা কেইবছৰমানৰ পৰা কেন্দ্ৰীয় চৰকাৰে চৰকাৰী অনুষ্ঠান আৰু কাৰ্যসূচীত সাধাৰণ মানুহৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ বিষয়টোত অগ্ৰাধিকাৰ দিছে৷ সেইমৰ্মেই এইবাৰ  ৰিক্সা চালক আৰু পাচলি বিক্ৰেতাসকল গণৰাজ্য দিৱসত বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব৷ ইতিমধ্যে দেশৰ বিশাল অনুষ্ঠান গণৰাজ্য  দিৱসৰ পেৰেডত ভাগ লোৱাৰ বাবে ৰিক্সা চালক, নিৰ্মাণ কৰ্মী, অনাময় কৰ্মী আৰু ফ্ৰণ্টলাইন কৰ্মীসকলক আমন্ত্ৰণ জনোৱা হৈছে৷ 

প্ৰকল্প চেণ্ট্ৰেল ভিষ্টা ছেপ্টেম্বৰ ২০২২-ত উদ্বোধন কৰা হৈছিল৷  ৰাজপথ নামেৰে জনাজাত পথটোৰ নাম কৰ্তাব্য পথ ৰখা হৈছিল। এইবছৰ নতুনকৈ নামকৰণ কৰা স্থানত  প্ৰথম গণৰাজ্য  দিৱসৰ অনুষ্ঠান অনুষ্ঠিত হ'ব। এই পেৰেডত আসনৰ সংখ্যা এইবেলি পূৰ্বৰ ৪৫,০০০ ৰ পৰা ৩২,০০০ লৈ হ্ৰাস কৰা হৈছে। গণৰাজ্য দিৱলৰ সৈতে সংগতি ৰাখি  লালকিল্লাত জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দ্বাৰা বহু কাৰ্যসূচী অনুষ্ঠিত কৰা  হ'ব। সেই  কাৰ্যসূচী ভাৰত পৰ্ব নামেৰে জনাজাত হ'ব। ফ্লাইপাষ্টত ১৮ খন হেলিকপ্টাৰ, ৮ খন বিমান  আৰু ২৩ খন যুঁজাৰু বিমান অন্তৰ্ভুক্তকৰা হৈছে। তদুপৰি, ইজিপ্তৰ পৰা অহা ১২০ জনীয়া এটা পদযাত্ৰাকাৰী দলেও এই কুচকাৱাজত অংশগ্ৰহণ কৰিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক