--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ দেশৰ বহু ৰিক্সা চালক আৰু পাচলি বিক্ৰেতাই গণৰাজ্য দিৱস পেৰেড ২০২৩-ত এক বিশেষ আমন্ত্ৰণ লাভ কৰিছে। শ্ৰমিকসকলৰ পৰিয়াল, অৰ্থাৎ যিসকলে কেন্দ্ৰীয় ভিষ্টা নিৰ্মাণত সহায় কৰিছেতেওঁলোকে গণৰাজ্য  দিৱসৰ অনুষ্ঠানটোৰ মুখ্য মঞ্চৰ সন্মুখত বহিব। এই বছৰৰ গণৰাজ্য্য দিৱসৰ বিষয়বস্তু হৈছে "সাধাৰণ লোকৰ অংশগ্ৰহণ"। ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল-চিচিয়ে  অনুষ্ঠানটোত মুখ্য অতিথি হিচাবে উপস্থিত থাকিব৷ 

যোৱা কেইবছৰমানৰ পৰা কেন্দ্ৰীয় চৰকাৰে চৰকাৰী অনুষ্ঠান আৰু কাৰ্যসূচীত সাধাৰণ মানুহৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ বিষয়টোত অগ্ৰাধিকাৰ দিছে৷ সেইমৰ্মেই এইবাৰ  ৰিক্সা চালক আৰু পাচলি বিক্ৰেতাসকল গণৰাজ্য দিৱসত বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব৷ ইতিমধ্যে দেশৰ বিশাল অনুষ্ঠান গণৰাজ্য  দিৱসৰ পেৰেডত ভাগ লোৱাৰ বাবে ৰিক্সা চালক, নিৰ্মাণ কৰ্মী, অনাময় কৰ্মী আৰু ফ্ৰণ্টলাইন কৰ্মীসকলক আমন্ত্ৰণ জনোৱা হৈছে৷ 

প্ৰকল্প চেণ্ট্ৰেল ভিষ্টা ছেপ্টেম্বৰ ২০২২-ত উদ্বোধন কৰা হৈছিল৷  ৰাজপথ নামেৰে জনাজাত পথটোৰ নাম কৰ্তাব্য পথ ৰখা হৈছিল। এইবছৰ নতুনকৈ নামকৰণ কৰা স্থানত  প্ৰথম গণৰাজ্য  দিৱসৰ অনুষ্ঠান অনুষ্ঠিত হ'ব। এই পেৰেডত আসনৰ সংখ্যা এইবেলি পূৰ্বৰ ৪৫,০০০ ৰ পৰা ৩২,০০০ লৈ হ্ৰাস কৰা হৈছে। গণৰাজ্য দিৱলৰ সৈতে সংগতি ৰাখি  লালকিল্লাত জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দ্বাৰা বহু কাৰ্যসূচী অনুষ্ঠিত কৰা  হ'ব। সেই  কাৰ্যসূচী ভাৰত পৰ্ব নামেৰে জনাজাত হ'ব। ফ্লাইপাষ্টত ১৮ খন হেলিকপ্টাৰ, ৮ খন বিমান  আৰু ২৩ খন যুঁজাৰু বিমান অন্তৰ্ভুক্তকৰা হৈছে। তদুপৰি, ইজিপ্তৰ পৰা অহা ১২০ জনীয়া এটা পদযাত্ৰাকাৰী দলেও এই কুচকাৱাজত অংশগ্ৰহণ কৰিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল