--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৱেব চিৰিজৰ যোগেৰে দেশজুৰি জনপ্ৰিয়তা লাভ কৰিছে অসমকন্যা তথা প্ৰাক্তন মিছ ডিভা ফাইনেলিষ্ট অলংকৃতা বৰা। ডিজনী হটষ্টাৰত অলংকৃতাই ‘দ্যা ডিভাইন ৰোমান্স’ নামৰ ৱেব চিৰিজখনত অভিনয় কৰি এই সফলতা অৰ্জন কৰিছে।

 

ৱেব চিৰিজখনত অলংকৃতাৰ স’তে অভিনয় কৰিছে ২০১৬ চনৰ মিষ্টাৰ চুপাৰনেচাৰেলৰ দ্বিতীয় ৰানাৰ্ছ আপ জিতেশ ঠাকুৰে। ৰোমাণ্টিক ৱেব চিৰিজনখনত জিতেশে শিৱ নামৰ এজন যুৱকৰ চৰিত্ৰত ৰূপায়ন কৰাৰ বিপৰীতে অলংকৃতাই শক্তি নামৰ এজনী যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছে।

কাহিনী অনুযায়ী শিৱ এগৰাকী প্ৰাক্তন মাৰ্কেটিং মেনেজাৰ আৰু ভ্লগিং কৰাত চখ থকা যুৱক। আনহাতে শক্তি হৈছে এগৰাকী ফাইনেন্চিয়েল কনচাল্টেণ্ট। দুয়োগৰাকী যুৱক-যুৱতীৰ ৰোমাণ্টিক কাহিনীকে ‘দ্যা ডিভাইন ৰোমান্স’ত প্ৰদৰ্শন কৰা হৈছে।

 

ইতিমধ্যে ডিজনী হটষ্টাৰত ৱেব চিৰিজখনে নাম্বাৰ ৱান ৰোমাণ্টিক ম’ভীজৰ তালিকাত স্থান লাভ কৰিছে।

উল্লেখযোগ্য যে গুৱাহাটীত জন্মলাভ কৰা অলংকৃতাই ইতিপূৰ্বে ২০১৮ চনৰ ‘ৰাজা আব্ৰডিয়া’ নামৰ ছৱিখনেৰে বলিউডত প্ৰৱেশ কৰিছিল। অভিনয়ৰ উপৰিও অলংকৃতা এগৰাকী কথক, ভাৰতনাট্যম আৰু আধুনিক নৃত্যশিল্পীও।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু