--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৱেব চিৰিজৰ যোগেৰে দেশজুৰি জনপ্ৰিয়তা লাভ কৰিছে অসমকন্যা তথা প্ৰাক্তন মিছ ডিভা ফাইনেলিষ্ট অলংকৃতা বৰা। ডিজনী হটষ্টাৰত অলংকৃতাই ‘দ্যা ডিভাইন ৰোমান্স’ নামৰ ৱেব চিৰিজখনত অভিনয় কৰি এই সফলতা অৰ্জন কৰিছে।

 

ৱেব চিৰিজখনত অলংকৃতাৰ স’তে অভিনয় কৰিছে ২০১৬ চনৰ মিষ্টাৰ চুপাৰনেচাৰেলৰ দ্বিতীয় ৰানাৰ্ছ আপ জিতেশ ঠাকুৰে। ৰোমাণ্টিক ৱেব চিৰিজনখনত জিতেশে শিৱ নামৰ এজন যুৱকৰ চৰিত্ৰত ৰূপায়ন কৰাৰ বিপৰীতে অলংকৃতাই শক্তি নামৰ এজনী যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছে।

কাহিনী অনুযায়ী শিৱ এগৰাকী প্ৰাক্তন মাৰ্কেটিং মেনেজাৰ আৰু ভ্লগিং কৰাত চখ থকা যুৱক। আনহাতে শক্তি হৈছে এগৰাকী ফাইনেন্চিয়েল কনচাল্টেণ্ট। দুয়োগৰাকী যুৱক-যুৱতীৰ ৰোমাণ্টিক কাহিনীকে ‘দ্যা ডিভাইন ৰোমান্স’ত প্ৰদৰ্শন কৰা হৈছে।

 

ইতিমধ্যে ডিজনী হটষ্টাৰত ৱেব চিৰিজখনে নাম্বাৰ ৱান ৰোমাণ্টিক ম’ভীজৰ তালিকাত স্থান লাভ কৰিছে।

উল্লেখযোগ্য যে গুৱাহাটীত জন্মলাভ কৰা অলংকৃতাই ইতিপূৰ্বে ২০১৮ চনৰ ‘ৰাজা আব্ৰডিয়া’ নামৰ ছৱিখনেৰে বলিউডত প্ৰৱেশ কৰিছিল। অভিনয়ৰ উপৰিও অলংকৃতা এগৰাকী কথক, ভাৰতনাট্যম আৰু আধুনিক নৃত্যশিল্পীও।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক