--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘ভাৰত বনাম ভাৰত’ ভাৰত বিতৰ্কৰ পৰিবেশত এইবাৰ ছচিয়েল মিডিয়াত ভাইৰেল হ’ল আৰজেডিৰ মুৰব্বী তথা বিহাৰৰ মুখ্যমন্ত্ৰী লালু প্ৰসাদৰ পুৰণি মন্তব্যৰ ভিডিঅ’। পুৰণি ভিডিঅ'টোত লালুৰ মন্তব্য শুনা গৈছে- "দিল্লী হৈছে ইণ্ডিয়া, কিন্তু বিহাৰ হৈছে ভাৰত"।

পাটনাৰ চৰকাৰী বাংলোত এনডিটিভিক দিয়া এক সাক্ষাৎকাৰত লালুৱে কোৱা শুনা যায় - "আমি ভাৰতৰ মানুহ। নিমেৰে দাঁত মজো।’’ লালুৱে কয় যে নিমৰ ডালেৰে দাঁত মজাটো দাঁত আৰু শৰীৰৰ বাবে ভাল। কিন্তু দিল্লীত থাকিলে টুথব্ৰাছ ব্যৱহাৰ কৰিব লাগে।

তেওঁ কৈছিল, “মই যেতিয়া ইয়াত (পাটনা) থাকোঁ, তেতিয়া মই নিমৰ ডাল ব্যৱহাৰ কৰো। দিল্লী হৈছে ইণ্ডিয়া আৰু তাত এয়া পোৱা নাযায়। এয়া ভাৰত, ইয়াত এয়া উপলব্ধ।'' নিমৰ বাহিৰেও আম আৰু চিৰতাৰ দাঁতৰ ব্যৱহাৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলিও তেওঁ লগতে কয়।

প্ৰসংগক্ৰমে বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰই মঙলবাৰে নিশা তেওঁৰ এক্স হেণ্ডেল (পূৰ্বৰ টুইটাৰ)ত প্ৰধানমন্ত্ৰী মোডীৰ আগন্তুক ইণ্ডোনেছিয়া ভ্ৰমণৰ সূচী প্ৰকাশ কৰে। তাত মোডীৰ পোষ্ট লিখা আছে, ‘ভাৰতৰ প্ৰধানমন্ত্ৰী’। যদিও তেওঁৰ উপাধি চৰকাৰী প্ৰথা অনুসৰি ‘ভাৰতৰ প্ৰধানমন্ত্ৰী’ বুলি লিখা আছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান