--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিশেষ সুৰক্ষা গোটৰ সঞ্চালক অৰুণ কুমাৰ সিনহাৰ দেহাৱসান হৈছে। ১৯৮৮ চনৰ কেৰালা বেটচৰ আই পি এছ বিষয়াজনৰ বুধবাৰে পুৱা মৃত্যু হয়। এছ পি জিৰ এক সূত্ৰৰ মতে, অৰুণ বিগত কেইবছৰ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। গুৰুগ্ৰামৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। তাতেই শেষ উশাহ ল’লে।

২০১৬ চনত অৰুণে এছ পি জিৰ সঞ্চালক হিচাপে দায়িত্ব লয়। চলিত বৰ্ষৰ ৩০ মে’ত তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ কথা আছিল। কিন্তু তেওঁক আৰু এবছৰৰ বাবে এছ পি জিৰ মুৰব্বী হিচাপে ৰখাৰ সিদ্ধান্ত লোৱা হ’ল।

প্ৰধানমন্ত্ৰী, প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু তেওঁলোকৰ ঘনিষ্ঠ আত্মীয়ৰ নিৰাপত্তাৰ দায়িত্ব এছপিজিৰ। ১৯৮৫ চনত বিশেষভাৱে প্ৰশিক্ষিত বিষয়াৰে এই এছ পি জি সৃষ্টি কৰা হৈছিল। প্ৰধানমন্ত্ৰীৰ বাসগৃহ সচিবালয়ৰ নিৰাপত্তাৰ দায়িত্বও এছ পি জিৰ। দেশৰ ভিতৰত যিকোনো অনুষ্ঠানতে প্ৰধানমন্ত্ৰীক নিৰাপত্তা প্ৰদান কৰে এছ পি জিৰ বিষয়াসকলে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান