--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাক হ’বলৈ ওলাইছে বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰ। অভিনেত্ৰীগৰাকীয়ে নিজেই দিছে এই ভাল খবৰটো। স্বৰাৰ বিয়াকলৈ কিছুদিন পূৰ্বে নানান বিতৰ্কৰ সৃষ্টি হৈছিল। তেনে বিতৰ্কৰ মাজতে স্বৰাই ফাহাদৰ সৈতে আৰম্ভ কৰিছিল সংসাৰ।  বিয়াৰ  চাৰি মাহৰ পিছত  মাতৃ হ'বলৈ ওলোৱাৰ খবৰটো দিছে স্বৰাই। 

চলিত বৰ্ষৰ ৬ জানুৱাৰীত স্বৰাই দীৰ্ঘদিনীয়া  প্ৰেমিক ৰাজনৈতিক কৰ্মী ফাহাদ আহমেদৰ সৈতে বিয়া হৈছিল। তাৰ পিছত ১৬ ফেব্ৰুৱাৰীত অভিনেত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাবে তেওঁৰ পৰিয়ালৰ উপস্থিতিত  বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁ বিয়াৰ ফটোও সামাজিক মাধ্যমত আপলোড কৰিছিল।এতিয়া স্বৰা ভাস্কৰেও মাতৃ হ’বলৈ ওলোৱাৰ ভাল খবৰটো দিছে।  
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by Swara Bhasker (@reallyswara)


স্বামী ফাহাদৰ সৈতে স্বৰাই বেবী বাম্পৰ এখন ফটোও শ্বেয়াৰ কৰি লিখিছে"বহুসময়ত মনৰ প্ৰাৰ্থনা পূৰণ হয়। মই আশীৰ্বাদ প্ৰাপ্ত কৰিছো, মই কৃতজ্ঞ, ভাল লাগিছে। এয়া এখন  নতুন পৃথিৱীত ভৰি দিয়াৰ দৰে অনুভৱ। "উল্লেখ্য কেইদিনমান আগতে স্বৰা গৰ্ভৱতী বুলি প্ৰকাশ পাইছিল। এজন নেটিজেনৰ টুইটক লৈ বলীউডত জল্পনা-কল্পনা আৰম্ভ হৈছিল। সেই খবৰটোৱেই এতিয়া সঁচা হ’ল। এতিয়া, স্বৰাই নিজেই সেই কথা  প্ৰকাশ কৰিছে।

ফাহাদৰ বিয়াৰ বাতৰি টো শ্বেয়াৰ কৰি স্বৰাই লিখিছিল, "বহুসময়ত আমি বহুদূৰত থকা কিবা বিচাৰো । কিন্তু বেছিভাগ সময়তে, জীৱনৰ বিচৰা বস্তুটো কাষতে থাকে। আমি প্ৰেম বিচাৰো। কিন্তু আমি প্ৰথমে বন্ধু হৈ পৰিছিলো। মোৰ হৃদয়লৈ স্বাগতম, ফাহাদ। "











FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে