--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাক হ’বলৈ ওলাইছে বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰ। অভিনেত্ৰীগৰাকীয়ে নিজেই দিছে এই ভাল খবৰটো। স্বৰাৰ বিয়াকলৈ কিছুদিন পূৰ্বে নানান বিতৰ্কৰ সৃষ্টি হৈছিল। তেনে বিতৰ্কৰ মাজতে স্বৰাই ফাহাদৰ সৈতে আৰম্ভ কৰিছিল সংসাৰ।  বিয়াৰ  চাৰি মাহৰ পিছত  মাতৃ হ'বলৈ ওলোৱাৰ খবৰটো দিছে স্বৰাই। 

চলিত বৰ্ষৰ ৬ জানুৱাৰীত স্বৰাই দীৰ্ঘদিনীয়া  প্ৰেমিক ৰাজনৈতিক কৰ্মী ফাহাদ আহমেদৰ সৈতে বিয়া হৈছিল। তাৰ পিছত ১৬ ফেব্ৰুৱাৰীত অভিনেত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাবে তেওঁৰ পৰিয়ালৰ উপস্থিতিত  বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁ বিয়াৰ ফটোও সামাজিক মাধ্যমত আপলোড কৰিছিল।এতিয়া স্বৰা ভাস্কৰেও মাতৃ হ’বলৈ ওলোৱাৰ ভাল খবৰটো দিছে।  
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by Swara Bhasker (@reallyswara)


স্বামী ফাহাদৰ সৈতে স্বৰাই বেবী বাম্পৰ এখন ফটোও শ্বেয়াৰ কৰি লিখিছে"বহুসময়ত মনৰ প্ৰাৰ্থনা পূৰণ হয়। মই আশীৰ্বাদ প্ৰাপ্ত কৰিছো, মই কৃতজ্ঞ, ভাল লাগিছে। এয়া এখন  নতুন পৃথিৱীত ভৰি দিয়াৰ দৰে অনুভৱ। "উল্লেখ্য কেইদিনমান আগতে স্বৰা গৰ্ভৱতী বুলি প্ৰকাশ পাইছিল। এজন নেটিজেনৰ টুইটক লৈ বলীউডত জল্পনা-কল্পনা আৰম্ভ হৈছিল। সেই খবৰটোৱেই এতিয়া সঁচা হ’ল। এতিয়া, স্বৰাই নিজেই সেই কথা  প্ৰকাশ কৰিছে।

ফাহাদৰ বিয়াৰ বাতৰি টো শ্বেয়াৰ কৰি স্বৰাই লিখিছিল, "বহুসময়ত আমি বহুদূৰত থকা কিবা বিচাৰো । কিন্তু বেছিভাগ সময়তে, জীৱনৰ বিচৰা বস্তুটো কাষতে থাকে। আমি প্ৰেম বিচাৰো। কিন্তু আমি প্ৰথমে বন্ধু হৈ পৰিছিলো। মোৰ হৃদয়লৈ স্বাগতম, ফাহাদ। "











FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু