--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক শোকাৱহ ঘটনাই জোকাৰি গৈছে ছত্তীশগড়ক। ৰাজ্য খনত দৰা আৰু তেওঁৰ ককায়েকৰ এটা হোম থিয়েটাৰ বিস্ফোৰণত মৃত্যু ঘটিছে। ঘটনাটোত আন চাৰিজন লোক আহত হৈছে। ঘটনাটো সোমবাৰে ছত্তীশগড়ৰ কবিৰধাম জিলাত সংঘটিত হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি  হেমেন্দ্ৰ মেৰাৱী নামৰ এজন যুৱকে ১ এপ্ৰিলত বিবাহপাশত আৱদ্ধ হৈছিল। সোমবাৰে হেমেন্দ্ৰ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে এটা কোঠাত বহি বিয়াত পোৱা  উপহাৰ বোৰ খুলি আছিল। উপহাৰবোৰৰ মাজত এটা 'হোম থিয়েটাৰো' ঐআছিল। বিশাল আকাৰৰ  'হোম থিয়েটাৰ'টো দেখি সকলোৱে আনন্দিত হৈছিল। সকলোৱে সংগীত শুনিবলৈ ব্যস্ত হৈ পৰিছিল।

তাত উপস্থিত থকা লোকসকলৰ অনুৰোধত হেমেন্দ্ৰই 'হোম থিয়েটাৰ'টো বজাই দিছিল। লগে লগে  এটা প্ৰচণ্ড শব্দ কৰি  'হোম থিয়েটাৰ'টোৰ  বিস্ফোৰণ ঘটিছিল।ফলত  ঘটনাস্থলীতে হেমেন্দ্ৰৰ মৃত্যু হয়। হেমেন্দ্ৰৰ ককায়েক ৰাজকুমাৰ, ডেৰ বছৰীয়া শিশুকে ধৰি আন চাৰিজন গুৰুতৰভাৱে আহত হয়। পিছত ৰাজকুমাৰৰ চিকিৎসালয়ত মৃত্যু হয়।

আৰক্ষীয়ে প্ৰাশ কৰা মতে  বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে ঘৰটোৰ বেৰ আৰু চালৰ এটা অংশ সম্পূৰ্ণৰূপে ধ্বংস হয়।  খবৰটো পোৱাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। বিস্ফোৰণ সংঘটিত হোৱা কোঠাটোৰ পৰা আৰক্ষীয়ে বিস্ফোৰক সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰিছে। কি কাৰণত বিস্ফোৰণটো সংঘটিত হ’বলৈ পালে তাকেলৈ  ৰহস্যৰ সৃষ্টি হৈছে। 'হোম থিয়েটাৰ'ত আন কোনো বিস্ফোৰক আছিল নেকি সেই বিষয়ে বহুতে প্ৰশ্ন কৰিছে।  নে  ঘটনাটো যান্ত্ৰিক ত্ৰুটিৰ সংঘটিত হ’ল? সকলো কথা স্পষ্ট হ’ব ফৰেনচিক পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছতহে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি