--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক শোকাৱহ ঘটনাই জোকাৰি গৈছে ছত্তীশগড়ক। ৰাজ্য খনত দৰা আৰু তেওঁৰ ককায়েকৰ এটা হোম থিয়েটাৰ বিস্ফোৰণত মৃত্যু ঘটিছে। ঘটনাটোত আন চাৰিজন লোক আহত হৈছে। ঘটনাটো সোমবাৰে ছত্তীশগড়ৰ কবিৰধাম জিলাত সংঘটিত হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি  হেমেন্দ্ৰ মেৰাৱী নামৰ এজন যুৱকে ১ এপ্ৰিলত বিবাহপাশত আৱদ্ধ হৈছিল। সোমবাৰে হেমেন্দ্ৰ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে এটা কোঠাত বহি বিয়াত পোৱা  উপহাৰ বোৰ খুলি আছিল। উপহাৰবোৰৰ মাজত এটা 'হোম থিয়েটাৰো' ঐআছিল। বিশাল আকাৰৰ  'হোম থিয়েটাৰ'টো দেখি সকলোৱে আনন্দিত হৈছিল। সকলোৱে সংগীত শুনিবলৈ ব্যস্ত হৈ পৰিছিল।

তাত উপস্থিত থকা লোকসকলৰ অনুৰোধত হেমেন্দ্ৰই 'হোম থিয়েটাৰ'টো বজাই দিছিল। লগে লগে  এটা প্ৰচণ্ড শব্দ কৰি  'হোম থিয়েটাৰ'টোৰ  বিস্ফোৰণ ঘটিছিল।ফলত  ঘটনাস্থলীতে হেমেন্দ্ৰৰ মৃত্যু হয়। হেমেন্দ্ৰৰ ককায়েক ৰাজকুমাৰ, ডেৰ বছৰীয়া শিশুকে ধৰি আন চাৰিজন গুৰুতৰভাৱে আহত হয়। পিছত ৰাজকুমাৰৰ চিকিৎসালয়ত মৃত্যু হয়।

আৰক্ষীয়ে প্ৰাশ কৰা মতে  বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে ঘৰটোৰ বেৰ আৰু চালৰ এটা অংশ সম্পূৰ্ণৰূপে ধ্বংস হয়।  খবৰটো পোৱাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। বিস্ফোৰণ সংঘটিত হোৱা কোঠাটোৰ পৰা আৰক্ষীয়ে বিস্ফোৰক সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰিছে। কি কাৰণত বিস্ফোৰণটো সংঘটিত হ’বলৈ পালে তাকেলৈ  ৰহস্যৰ সৃষ্টি হৈছে। 'হোম থিয়েটাৰ'ত আন কোনো বিস্ফোৰক আছিল নেকি সেই বিষয়ে বহুতে প্ৰশ্ন কৰিছে।  নে  ঘটনাটো যান্ত্ৰিক ত্ৰুটিৰ সংঘটিত হ’ল? সকলো কথা স্পষ্ট হ’ব ফৰেনচিক পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছতহে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে