--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ দিল্লী বিশ্ব বিদ্যালয়ৰ পাঠ্যক্ৰমৰ পৰা ছাৰে জাহা ছে অচ্ছাৰ জনক মহম্মদ ইকবালৰ কথা বাদ দিয়াৰ পিছত এইবাৰ আন কেতবোৰ পৰিৱৰ্তন কৰা হৈছে। দিল্লী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ পাঠ্যক্ৰম অলপতে কৰা পৰিৱৰ্তন অনুসৰি  কিছুমান নতুন অধ্যায় যোগ কৰা হৈছে।

 একেদৰে ছেমিষ্টাৰ অনুসৰি কিছুমান পুৰণি অধ্যায় অলপ পিছলৈ ঠেলি দিয়া হৈছে। এই নতুন পাঠ্যক্ৰমত হিন্দুত্ববাদী নেতা বীৰ ছাভাৰকাৰৰ বিষয়ে শিক্ষাৰ্থীয়ে  মহাত্মা গান্ধীৰ বিষয়ে পঢ়াৰ আগতেই পঢ়িব লাগিব।দিল্লী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ স্নাতক পৰ্যায়ত পঞ্চম ছেমিষ্টাৰৰ পাঠ্যক্ৰমত ছাভাৰকাৰৰ অধ্যাযিযোগ কৰা হৈছে। কিন্তু সেই অধ্যায়টো ঐচ্ছিক অধ্যায় ।

 শিক্ষাৰ্থীসকলে নিবিচাৰিলে সেই পাঠ নপঢ়িবও পাৰে। ছাভাৰকাৰৰ এই ঐচ্ছিক অধ্যায়টো পঞ্চম ছেমিষ্টাৰত যোগ দিয়াৰ সিদ্ধান্ত  লোৱা হৈছে। বিশ্ববিদ্যালয়খনৰ একাডেমিক কাউন্সিলৰ এখন সভাত কৰ্তৃপক্ষই ছাভাৰকাৰৰ অধ্যায় অন্তৰ্ভুক্ত কৰাৰ বিষয়ত  একমত হৈছে।মহাত্মা গান্ধীৰ বিষয়ে  এটা অধ্যায় ইতিমধ্যে দিল্লী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ  স্নাতক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা আছেই। ভাৰতৰ স্বাধীনতা সংগ্ৰামত গান্ধীৰ ভূমিকাৰ বিষয়ে এই  অধ্যায়ত শিকোৱা হয়। কিন্তু ছাভাৰকাৰৰ অধ্যায় যোগ দিয়াৰ লগে লগে গান্ধীৰ অধ্যায়টো অলপ পিছুৱাই দিয়া হৈছে। 

গান্ধীৰ অধ্যায়টো  এতিয়া  সপ্তম ছেমিষ্টাৰত শিক্ষাৰ্থীয়ে পঢ়িব লাগিব। অৰ্থাৎ শিক্ষাৰ্থীসকলে গান্ধীৰ বিষয়ে পঢ়াৰ আগতে পঞ্চম ছেমিষ্টাৰত ছাভাৰকাৰৰ বিষয়ে পঢ়িব লাগিব।উল্লেখ্য ইয়াৰ পূৰ্বে  কেতিয়াও দিল্লী বিশ্ববিদ্যালয়ত ছাভাৰকাৰৰ বিষয়ে শিকোৱা হোৱা নাছিল। 

ইপিনে বিশ্ববিদ্যালয়ৰ একাংশ অধ্যাপকে নতুন পাঠ্যক্ৰমৰ গাঁথনিৰ বিৰোধিতা কৰিছে। অৱশ্যে, তেওঁলোকে ছাভাৰকাৰৰ অধ্যায় যোগ দিয়াৰ বিৰোধিতা কৰা নাই । তেওঁলোকে   গান্ধীৰ অধ্যায়টো পিছলৈ ঠেলি দিয়াত আপত্তি দৰ্শাইছে। অধ্যাপকসকলৰ এটা অংশই দাবী কৰিছে যে গান্ধী ছাভাৰকাৰ বা আম্বেদকাৰৰ বহু আগতে আহিছিল। কালানুক্ৰমিকভাৱে সেয়ে গান্ধীৰ কথা পাঠ্যক্ৰমৰ  প্ৰথমতে  থাকিব লাগে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস