--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ দিল্লী বিশ্ব বিদ্যালয়ৰ পাঠ্যক্ৰমৰ পৰা ছাৰে জাহা ছে অচ্ছাৰ জনক মহম্মদ ইকবালৰ কথা বাদ দিয়াৰ পিছত এইবাৰ আন কেতবোৰ পৰিৱৰ্তন কৰা হৈছে। দিল্লী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ পাঠ্যক্ৰম অলপতে কৰা পৰিৱৰ্তন অনুসৰি  কিছুমান নতুন অধ্যায় যোগ কৰা হৈছে।

 একেদৰে ছেমিষ্টাৰ অনুসৰি কিছুমান পুৰণি অধ্যায় অলপ পিছলৈ ঠেলি দিয়া হৈছে। এই নতুন পাঠ্যক্ৰমত হিন্দুত্ববাদী নেতা বীৰ ছাভাৰকাৰৰ বিষয়ে শিক্ষাৰ্থীয়ে  মহাত্মা গান্ধীৰ বিষয়ে পঢ়াৰ আগতেই পঢ়িব লাগিব।দিল্লী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ স্নাতক পৰ্যায়ত পঞ্চম ছেমিষ্টাৰৰ পাঠ্যক্ৰমত ছাভাৰকাৰৰ অধ্যাযিযোগ কৰা হৈছে। কিন্তু সেই অধ্যায়টো ঐচ্ছিক অধ্যায় ।

 শিক্ষাৰ্থীসকলে নিবিচাৰিলে সেই পাঠ নপঢ়িবও পাৰে। ছাভাৰকাৰৰ এই ঐচ্ছিক অধ্যায়টো পঞ্চম ছেমিষ্টাৰত যোগ দিয়াৰ সিদ্ধান্ত  লোৱা হৈছে। বিশ্ববিদ্যালয়খনৰ একাডেমিক কাউন্সিলৰ এখন সভাত কৰ্তৃপক্ষই ছাভাৰকাৰৰ অধ্যায় অন্তৰ্ভুক্ত কৰাৰ বিষয়ত  একমত হৈছে।মহাত্মা গান্ধীৰ বিষয়ে  এটা অধ্যায় ইতিমধ্যে দিল্লী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ  স্নাতক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা আছেই। ভাৰতৰ স্বাধীনতা সংগ্ৰামত গান্ধীৰ ভূমিকাৰ বিষয়ে এই  অধ্যায়ত শিকোৱা হয়। কিন্তু ছাভাৰকাৰৰ অধ্যায় যোগ দিয়াৰ লগে লগে গান্ধীৰ অধ্যায়টো অলপ পিছুৱাই দিয়া হৈছে। 

গান্ধীৰ অধ্যায়টো  এতিয়া  সপ্তম ছেমিষ্টাৰত শিক্ষাৰ্থীয়ে পঢ়িব লাগিব। অৰ্থাৎ শিক্ষাৰ্থীসকলে গান্ধীৰ বিষয়ে পঢ়াৰ আগতে পঞ্চম ছেমিষ্টাৰত ছাভাৰকাৰৰ বিষয়ে পঢ়িব লাগিব।উল্লেখ্য ইয়াৰ পূৰ্বে  কেতিয়াও দিল্লী বিশ্ববিদ্যালয়ত ছাভাৰকাৰৰ বিষয়ে শিকোৱা হোৱা নাছিল। 

ইপিনে বিশ্ববিদ্যালয়ৰ একাংশ অধ্যাপকে নতুন পাঠ্যক্ৰমৰ গাঁথনিৰ বিৰোধিতা কৰিছে। অৱশ্যে, তেওঁলোকে ছাভাৰকাৰৰ অধ্যায় যোগ দিয়াৰ বিৰোধিতা কৰা নাই । তেওঁলোকে   গান্ধীৰ অধ্যায়টো পিছলৈ ঠেলি দিয়াত আপত্তি দৰ্শাইছে। অধ্যাপকসকলৰ এটা অংশই দাবী কৰিছে যে গান্ধী ছাভাৰকাৰ বা আম্বেদকাৰৰ বহু আগতে আহিছিল। কালানুক্ৰমিকভাৱে সেয়ে গান্ধীৰ কথা পাঠ্যক্ৰমৰ  প্ৰথমতে  থাকিব লাগে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক