--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুৰীৰ জগন্নাথ মন্দিৰত ভোগৰ গৰম দাইল চিটিকি  পৰি  দুজন লোক গুৰুতৰভাৱে আহত হৈছে। ঘটনাটো পুৰীৰ মন্দিৰ চৌহদৰ ভোগ পেণ্ডেলত  সংঘটিত হৈছে। মন্দিৰৰ দুজন বোধিয়া সেৱাই (যিসকলে জগন্নাথ মন্দিৰলৈ মহাপ্ৰসাদ কঢ়িয়াই আনে) তেওঁলোকে মূৰত দাইলৰ পাত্ৰ  কঢ়িয়াই লৈ গৈছিল। 

কিন্তু  বাটটো পিছল হোৱা বাবে প্ৰথমে এজন লোক পৰি যায়। তেওঁৰ পিছতে দ্বিতীয় লোক এজনো পিছলি পৰে। ফলত গৰম দাইল দুয়োজন লোকৰ শৰীৰতে পৰি যায়। ঘটনাটোত দুয়োজন সেৱকৰ শৰীৰ পুৰি যায় ।তেওঁলোকক সংকটজনক অৱস্থাত চিকিৎসালয়লৈনিয়াৰ  ব্যৱস্থা কৰা হয় তেওঁলোকক  পুৰীৰ সদৰ চিকিৎসালয়ত চিকিৎসাধীন কৰোৱা হৈছে। এই ঘটনাৰ পিছতে  আকৌ এবাৰ পুৰীৰ ভোগ মণ্ডপৰ পৰা মন্দিৰৰ বিগ্ৰহলৈকে থকা পথছোৱাৰ অৱস্থাকলৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে। 

 দৈনিক লাখ লাখ ভক্তৰ সমাগম ঘটা মন্দিৰটোৰ এই পথছোৱা অতি বেয়া। মন্দিৰ চৌহদৰ ৰাস্তাটো পানী পৰি থকা  বাবে প্ৰায় সকলো সময়তে পিছল হৈ থাকে। প্ৰতিদিনে ভগৱান জগন্নাথৰ ভোগ অনাৰ দায়িত্বত থকা বোধিয়া সেৱকসকলে সেই বিপজ্জনক পথেৰেই   মূৰত গৰম ভোগৰ পাত্ৰ কঢ়িয়াই নিবলগীয়া হৈছে।  পূৰ্বেও সেই স্থানত  বহু দুৰ্ঘটনা সংঘটিত হৈছে।  ইমানৰ পিছতো মন্দিৰ কৰ্তৃপক্ষই বিষয়টোত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে। 

শেহতীয়াকৈ গৰম দাইল পৰি আহত হোৱা সেৱক দুজন হৈছে  প্ৰদীপ কুমাৰ চাহু আৰু পাপী প্ৰধান । তেওঁলোকৰ মাজৰে এজন উৰিষ্যাৰ ব্ৰহ্মগিৰিৰ বাসিন্দা। আনজন তালাজঙৰ বাসিন্দা।  মন্দিৰৰ বোধিয়া সেৱাতসকলৰ সংগঠন বোধাক সংঘৰ সভাপতি ৰোহিত দাসে কয়, "ভোগ পেণ্ডেলৰ ৰাস্তাটো গোটেই দিনটো পানী পৰি পিছল হৈ থাকে। গতিকে যেতিয়াই আমি সেই ৰাস্তাৰে যাওঁ,  অতি সাৱধানে যাওঁ। বিশেষকৈ যদি মূৰত প্ৰসাদ থাকে,অধিক সাৱধান হ'বলগীয়া হয়। কিন্তু ইমানৰ পিছতো  দুৰ্ঘটনা সংঘটিত হয়। এনে ঘটনা আগতেও বহুবাৰ ঘটিছে। ''









FOLLOW US F
POPULAR
FEATURE
TRENDY
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
'পকৱান'ৰ সফল মঞ্চায়ন
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ