--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুৰীৰ জগন্নাথ মন্দিৰত ভোগৰ গৰম দাইল চিটিকি  পৰি  দুজন লোক গুৰুতৰভাৱে আহত হৈছে। ঘটনাটো পুৰীৰ মন্দিৰ চৌহদৰ ভোগ পেণ্ডেলত  সংঘটিত হৈছে। মন্দিৰৰ দুজন বোধিয়া সেৱাই (যিসকলে জগন্নাথ মন্দিৰলৈ মহাপ্ৰসাদ কঢ়িয়াই আনে) তেওঁলোকে মূৰত দাইলৰ পাত্ৰ  কঢ়িয়াই লৈ গৈছিল। 

কিন্তু  বাটটো পিছল হোৱা বাবে প্ৰথমে এজন লোক পৰি যায়। তেওঁৰ পিছতে দ্বিতীয় লোক এজনো পিছলি পৰে। ফলত গৰম দাইল দুয়োজন লোকৰ শৰীৰতে পৰি যায়। ঘটনাটোত দুয়োজন সেৱকৰ শৰীৰ পুৰি যায় ।তেওঁলোকক সংকটজনক অৱস্থাত চিকিৎসালয়লৈনিয়াৰ  ব্যৱস্থা কৰা হয় তেওঁলোকক  পুৰীৰ সদৰ চিকিৎসালয়ত চিকিৎসাধীন কৰোৱা হৈছে। এই ঘটনাৰ পিছতে  আকৌ এবাৰ পুৰীৰ ভোগ মণ্ডপৰ পৰা মন্দিৰৰ বিগ্ৰহলৈকে থকা পথছোৱাৰ অৱস্থাকলৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে। 

 দৈনিক লাখ লাখ ভক্তৰ সমাগম ঘটা মন্দিৰটোৰ এই পথছোৱা অতি বেয়া। মন্দিৰ চৌহদৰ ৰাস্তাটো পানী পৰি থকা  বাবে প্ৰায় সকলো সময়তে পিছল হৈ থাকে। প্ৰতিদিনে ভগৱান জগন্নাথৰ ভোগ অনাৰ দায়িত্বত থকা বোধিয়া সেৱকসকলে সেই বিপজ্জনক পথেৰেই   মূৰত গৰম ভোগৰ পাত্ৰ কঢ়িয়াই নিবলগীয়া হৈছে।  পূৰ্বেও সেই স্থানত  বহু দুৰ্ঘটনা সংঘটিত হৈছে।  ইমানৰ পিছতো মন্দিৰ কৰ্তৃপক্ষই বিষয়টোত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে। 

শেহতীয়াকৈ গৰম দাইল পৰি আহত হোৱা সেৱক দুজন হৈছে  প্ৰদীপ কুমাৰ চাহু আৰু পাপী প্ৰধান । তেওঁলোকৰ মাজৰে এজন উৰিষ্যাৰ ব্ৰহ্মগিৰিৰ বাসিন্দা। আনজন তালাজঙৰ বাসিন্দা।  মন্দিৰৰ বোধিয়া সেৱাতসকলৰ সংগঠন বোধাক সংঘৰ সভাপতি ৰোহিত দাসে কয়, "ভোগ পেণ্ডেলৰ ৰাস্তাটো গোটেই দিনটো পানী পৰি পিছল হৈ থাকে। গতিকে যেতিয়াই আমি সেই ৰাস্তাৰে যাওঁ,  অতি সাৱধানে যাওঁ। বিশেষকৈ যদি মূৰত প্ৰসাদ থাকে,অধিক সাৱধান হ'বলগীয়া হয়। কিন্তু ইমানৰ পিছতো  দুৰ্ঘটনা সংঘটিত হয়। এনে ঘটনা আগতেও বহুবাৰ ঘটিছে। ''









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ