--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে আইপিএলৰ প্ৰথমখন মেচত দিল্লীৰ ডাগআউটত ঋষভ পণ্টৰ জাৰ্চি ওলমি থকা দেখা গৈছিল। কিন্তু ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে সেই কাম মানি ল’ব নোৱাৰে। তেওঁলোকৰ মতে দিল্লীয়ে অতিৰিক্ত শোক দেখুৱাইছে।

সংবাদ সংস্থা পিটিআইৰ সূত্ৰ অনুসৰি দিল্লীক এই কামত ব’ৰ্ডে বাধা প্ৰদান কৰিছে। ব’ৰ্ডে ক’লে, “দিল্লীয়ে অতিৰঞ্জিত কৰিছে। সাধাৰণতে কোনোবাই মৃত্যু বা অৱসৰ ল’লে ডাগআউটত জাৰ্চি ৰখা হয়। পণ্টৰ শাৰিৰীক অৱস্থা ভাল আৰু অতি সোনকালে সুস্থ হোৱাৰ সম্ভাৱনা আছে। ভৱিষ্যতে এই কাম নকৰিবলৈ দিল্লীক অনুৰোধ কৰা হৈছে।”

আই পি এল আৰম্ভ হোৱাৰ পূৰ্বে দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ দি পণ্টিঙে কৈছিল, ''পণ্টৰ জাৰ্চি নম্বৰ আমাৰ জাৰ্চি বা কেপত লিখিব পাৰি। মই আপোনালোকক সোঁৱৰাই দিব বিচাৰিছো যে তেওঁ আমাৰ প্ৰকৃত নেতা। আমাৰ লগত নাথাকিলেও তেওঁ আমাৰ লগত থাকে।”

দিল্লী কেপিটেলছৰ ক্ৰিকেট পৰিচালক সৌৰভ গাংগুলী। পণ্টে খেলিব নোৱাৰিব বুলি গম পোৱাৰ পিছত তেওঁৱেই ঘোষণা কৰিছিল যে ডেভিদ ৱাৰ্নাৰক অধিনায়ক হিচাপে নিযুক্তি দিয়া হ’ব। লক্ষ্ণৌ ছুপাৰজায়েন্টছৰ বিৰুদ্ধে প্ৰথমখন খেলত পৰাস্ত হয় দিল্লী। মঙলবাৰে ঘৰুৱা ক্ষেত্ৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে