--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে আইপিএলৰ প্ৰথমখন মেচত দিল্লীৰ ডাগআউটত ঋষভ পণ্টৰ জাৰ্চি ওলমি থকা দেখা গৈছিল। কিন্তু ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে সেই কাম মানি ল’ব নোৱাৰে। তেওঁলোকৰ মতে দিল্লীয়ে অতিৰিক্ত শোক দেখুৱাইছে।

সংবাদ সংস্থা পিটিআইৰ সূত্ৰ অনুসৰি দিল্লীক এই কামত ব’ৰ্ডে বাধা প্ৰদান কৰিছে। ব’ৰ্ডে ক’লে, “দিল্লীয়ে অতিৰঞ্জিত কৰিছে। সাধাৰণতে কোনোবাই মৃত্যু বা অৱসৰ ল’লে ডাগআউটত জাৰ্চি ৰখা হয়। পণ্টৰ শাৰিৰীক অৱস্থা ভাল আৰু অতি সোনকালে সুস্থ হোৱাৰ সম্ভাৱনা আছে। ভৱিষ্যতে এই কাম নকৰিবলৈ দিল্লীক অনুৰোধ কৰা হৈছে।”

আই পি এল আৰম্ভ হোৱাৰ পূৰ্বে দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ দি পণ্টিঙে কৈছিল, ''পণ্টৰ জাৰ্চি নম্বৰ আমাৰ জাৰ্চি বা কেপত লিখিব পাৰি। মই আপোনালোকক সোঁৱৰাই দিব বিচাৰিছো যে তেওঁ আমাৰ প্ৰকৃত নেতা। আমাৰ লগত নাথাকিলেও তেওঁ আমাৰ লগত থাকে।”

দিল্লী কেপিটেলছৰ ক্ৰিকেট পৰিচালক সৌৰভ গাংগুলী। পণ্টে খেলিব নোৱাৰিব বুলি গম পোৱাৰ পিছত তেওঁৱেই ঘোষণা কৰিছিল যে ডেভিদ ৱাৰ্নাৰক অধিনায়ক হিচাপে নিযুক্তি দিয়া হ’ব। লক্ষ্ণৌ ছুপাৰজায়েন্টছৰ বিৰুদ্ধে প্ৰথমখন খেলত পৰাস্ত হয় দিল্লী। মঙলবাৰে ঘৰুৱা ক্ষেত্ৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
ভাৰতত হ্রাস পাইছে সূৰ্যৰ ৰশ্মি, সঘনে হোৱা প্ৰতিকূল বতৰৰ বাবে সমগ্ৰ দেশত ভয়ানক বায়ু প্ৰদূষণৰ আশংকা
পাৰ্লাৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ মেনেজাৰ সাগৰ বণিয়াৰ মৃতদেহ; ৩মাহে পোৱা নাছিল দৰমহা
তিনিচুকীয়াৰ বালিজানত মৰাণ লোকসকলক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা