--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু প্ৰতীক্ষাৰ অন্তত ব্ৰহ্মপুত্ৰ উপত্যকাত প্রথমবাৰৰ বাবে আইপিএলৰ মেচ অনুষ্ঠিত হ’ব। গুৱাহাটীৰ বৰছাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছে পঞ্জাব কিংছৰ বিৰুদ্ধে খেলিব। ৪০ হাজাৰ ক্ষমতাসম্পন্ন এই খেলপথাৰখনক ৰাজস্থান ৰয়েলছৰ ঘৰুৱা ভেনু হিচাপেই ধৰা হৈছে।

ইতিমধ্যে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে দূৰ্দান্তভাৱে জয়ী হৈ সতেজ হৈ পৰিছে ৰাজস্থান ৰয়েলছ। তেওঁলোকৰ বেটিং আৰু বলিঙৰ ছন্দ তুংগত আছে। সকলোৰে দৃষ্টি থাকিব গুৱাহাটীৰ তৰুণ যুৱক ৰিয়ান পৰাগৰ ওপৰত। ৰিয়ানক লৈ উল্লাস প্ৰদৰ্শন কৰা দেখা গৈছে ক্ৰিকেট অনুৰাগীসকলে।

ৰয়েলছৰ শীৰ্ষ বেটাৰকেইগৰাকী হৈছে- যশস্বী জয়ছৱাল, জোছ বাটলাৰ, সঞ্জু চেমছনছ, শ্বিমৰন হেটমায়াৰ। সম্ভাৱ্য একাদশ- সম্ভাৱ্য একাদশ : যশস্বী জয়ছৱাল, জোছ বাটলাৰ, সঞ্জু চেমছন(অধিনায়ক, উইকেট কীপাৰ), দেৱদত্ত পাডিক্কাল, শ্বিমৰন হেটমায়াৰ, ৰিয়ান পৰাগ, জেছন হোল্ডাৰ, ৰবিচন্দ্ৰন অশ্বিন, ট্ৰেণ্ট ব’ল্ট, কে এম আছিফ, যুজবেন্দ্ৰ চাহাল।

আনহাতে, পাঞ্জাৱ কিংছৰ বাবে এই মেচখন হ’ব কিছু গতি বিচাৰি উলিওৱাৰ সুযোগ। এই খেলখনৰ বাবে কাগিছ’ ৰাবাডা আৰু লিয়াম লিভিংষ্টনৰ অবিহনেও শিখৰ ধাৱান নেতৃত্বাধীন দলটোৱে ভালদৰে খেলিবলৈ চেষ্টা কৰিব। ইতিমধ্যে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে দূৰ্দান্ত জয় সাব্যষ্ট কৰিছে দলটোৱে।

সম্ভাৱ্য একাদশ : শিখৰ ধাৱন (অধিনায়ক), প্ৰভসিমৰন সিং, ভানুকা ৰাজাপাকছা, জিতেশ শৰ্মা (উইকেটকীপাৰ), চিকন্দৰ ৰাজা, শ্বাহৰুখ খান, ছেম কাৰাণ, নাথান এলিছ, হৰপ্ৰীত ব্ৰাৰ, ৰাহুল চহৰ, আৰ্ষদীপ সিং।

উল্লেখ্য যে গুৱাহাটীৰ বৰ্ষাপাৰাৰ পিটছ বেটিং উপযোগী পিটচ। ইয়াত খেলা শেষৰ ২০২২ চনৰ অক্টোবৰ মাহত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টি২০ মেচখনত ৪৫০ ৰানতকৈ অধিক ৰান সংগ্ৰহ কৰা হৈছিল। চলিত বৰ্ষৰ জানুৱাৰী মাহত বিৰাট কোহলী আৰু দছুন শনকাই মনোৰঞ্জন দি ভাৰত আৰু শ্ৰীলংকাৰ মাজত উচ্চ স্ক’ৰ কৰা এদিনীয়াৰ শিৰোনাম দখল কৰিছিল।  য’ত মুঠ ৬৭৯ ৰান সংগ্ৰহ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে