--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু প্ৰতীক্ষাৰ অন্তত ব্ৰহ্মপুত্ৰ উপত্যকাত প্রথমবাৰৰ বাবে আইপিএলৰ মেচ অনুষ্ঠিত হ’ব। গুৱাহাটীৰ বৰছাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছে পঞ্জাব কিংছৰ বিৰুদ্ধে খেলিব। ৪০ হাজাৰ ক্ষমতাসম্পন্ন এই খেলপথাৰখনক ৰাজস্থান ৰয়েলছৰ ঘৰুৱা ভেনু হিচাপেই ধৰা হৈছে।

ইতিমধ্যে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে দূৰ্দান্তভাৱে জয়ী হৈ সতেজ হৈ পৰিছে ৰাজস্থান ৰয়েলছ। তেওঁলোকৰ বেটিং আৰু বলিঙৰ ছন্দ তুংগত আছে। সকলোৰে দৃষ্টি থাকিব গুৱাহাটীৰ তৰুণ যুৱক ৰিয়ান পৰাগৰ ওপৰত। ৰিয়ানক লৈ উল্লাস প্ৰদৰ্শন কৰা দেখা গৈছে ক্ৰিকেট অনুৰাগীসকলে।

ৰয়েলছৰ শীৰ্ষ বেটাৰকেইগৰাকী হৈছে- যশস্বী জয়ছৱাল, জোছ বাটলাৰ, সঞ্জু চেমছনছ, শ্বিমৰন হেটমায়াৰ। সম্ভাৱ্য একাদশ- সম্ভাৱ্য একাদশ : যশস্বী জয়ছৱাল, জোছ বাটলাৰ, সঞ্জু চেমছন(অধিনায়ক, উইকেট কীপাৰ), দেৱদত্ত পাডিক্কাল, শ্বিমৰন হেটমায়াৰ, ৰিয়ান পৰাগ, জেছন হোল্ডাৰ, ৰবিচন্দ্ৰন অশ্বিন, ট্ৰেণ্ট ব’ল্ট, কে এম আছিফ, যুজবেন্দ্ৰ চাহাল।

আনহাতে, পাঞ্জাৱ কিংছৰ বাবে এই মেচখন হ’ব কিছু গতি বিচাৰি উলিওৱাৰ সুযোগ। এই খেলখনৰ বাবে কাগিছ’ ৰাবাডা আৰু লিয়াম লিভিংষ্টনৰ অবিহনেও শিখৰ ধাৱান নেতৃত্বাধীন দলটোৱে ভালদৰে খেলিবলৈ চেষ্টা কৰিব। ইতিমধ্যে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে দূৰ্দান্ত জয় সাব্যষ্ট কৰিছে দলটোৱে।

সম্ভাৱ্য একাদশ : শিখৰ ধাৱন (অধিনায়ক), প্ৰভসিমৰন সিং, ভানুকা ৰাজাপাকছা, জিতেশ শৰ্মা (উইকেটকীপাৰ), চিকন্দৰ ৰাজা, শ্বাহৰুখ খান, ছেম কাৰাণ, নাথান এলিছ, হৰপ্ৰীত ব্ৰাৰ, ৰাহুল চহৰ, আৰ্ষদীপ সিং।

উল্লেখ্য যে গুৱাহাটীৰ বৰ্ষাপাৰাৰ পিটছ বেটিং উপযোগী পিটচ। ইয়াত খেলা শেষৰ ২০২২ চনৰ অক্টোবৰ মাহত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টি২০ মেচখনত ৪৫০ ৰানতকৈ অধিক ৰান সংগ্ৰহ কৰা হৈছিল। চলিত বৰ্ষৰ জানুৱাৰী মাহত বিৰাট কোহলী আৰু দছুন শনকাই মনোৰঞ্জন দি ভাৰত আৰু শ্ৰীলংকাৰ মাজত উচ্চ স্ক’ৰ কৰা এদিনীয়াৰ শিৰোনাম দখল কৰিছিল।  য’ত মুঠ ৬৭৯ ৰান সংগ্ৰহ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু