--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেস ডেস্কঃ কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী মণিপুৰৰ   ভাৰোত্তোলক খুমুকচাম সঞ্জিতা চানুক চাৰি বছৰৰ বাবে সকলো প্ৰতিযোগিতাৰ পৰা নিষিদ্ধ কৰা হৈছে।  মঙলবাৰে ৰাষ্ট্ৰীয় ড'পিং প্ৰতিৰোধী সংস্থা (এনএডিএ)ই এই সিদ্ধান্ত ঘোষণা কৰিছে। ভাৰতীয় ক্ৰিকেট ফেডাৰেশ্যনেও (বিচিচিআই) আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী খেলুৱৈগৰাকীক  চাৰি বছৰৰ বাবে নিষিদ্ধ কৰা হৈছে। চানুৰ যোৱা বছৰ ছেপ্টেম্বৰ মাহত  ডপিঙত   ইতিবাচক ফলাফল আহিছিল।

চানুৱে ছেপ্টেম্বৰ-অক্টোবৰত ৰাষ্ট্ৰীয় ক্ৰীড়াত ৪৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক জিকিছিল। সেই সময়ত তেওঁৰ প্ৰস্ৰাৱ পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হৈছিল। তেওঁৰ সেই  পৰীক্ষাত ফলাফল  ইতিবাচক পোৱা গৈছিল।  শেহতীয়া পৰীক্ষাৰ প্ৰতিবেদন বোৰেও পুনৰ প্ৰমাণ কৰিছে যে চানুৱে ইচ্ছাকৃতভাৱে ডোপ কৰিছিল। 

ভাৰোত্তোলন ফেডাৰেচনৰ সভাপতি সহদেৱ যাদৱে কয়, "সঞ্জীতা চানুক নাডাই চাৰি বছৰৰ বাবে নিষিদ্ধ কৰিছে।" ফলস্বৰূপে, তেওঁ ৰাষ্ট্ৰীয় ক্ৰীড়াত এটা পদক হেৰুৱাব। অৱশ্যে, নাডাৰ সিদ্ধান্তকলৈ  চানুই  প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে এতিয়াও তেওঁৰ  নিৰ্দোষিতা প্ৰমাণ কৰাৰ শেষ সুযোগ আছে। কিন্তু সূত্ৰ অনুসৰি ভাৰোত্তোলকগৰাকীয়ে  পুনৰ আবেদন কৰিবলৈ আগ্ৰহী নহয়।

উল্লেখ্য চানুক নিষিদ্ধ কৰা এয়াই প্ৰথম ঘটনা  নহয়। চানুক ২০১৮ চনতো ড'পিঙৰ বাবে নিষিদ্ধ কৰা হৈছিল। মণিপুৰী তাৰকাগৰাকীক আন্তৰ্জাতিক ভাৰোত্তোলন সংস্থায়ো নিষিদ্ধ কৰিছে। অৱশ্যে চানুৱে একাধিকবাৰ নিজকে নিৰ্দোষী বুলি দাবী কৰি আহিছে। তেওঁ পৰৱৰ্তী চাৰি বছৰৰ বাবে কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব। ফলস্বৰূপে চানুৰ কেৰিয়াৰকলৈ  প্ৰশ্নৰ উত্থাপিত হৈছে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে