--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেস ডেস্কঃ কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী মণিপুৰৰ   ভাৰোত্তোলক খুমুকচাম সঞ্জিতা চানুক চাৰি বছৰৰ বাবে সকলো প্ৰতিযোগিতাৰ পৰা নিষিদ্ধ কৰা হৈছে।  মঙলবাৰে ৰাষ্ট্ৰীয় ড'পিং প্ৰতিৰোধী সংস্থা (এনএডিএ)ই এই সিদ্ধান্ত ঘোষণা কৰিছে। ভাৰতীয় ক্ৰিকেট ফেডাৰেশ্যনেও (বিচিচিআই) আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী খেলুৱৈগৰাকীক  চাৰি বছৰৰ বাবে নিষিদ্ধ কৰা হৈছে। চানুৰ যোৱা বছৰ ছেপ্টেম্বৰ মাহত  ডপিঙত   ইতিবাচক ফলাফল আহিছিল।

চানুৱে ছেপ্টেম্বৰ-অক্টোবৰত ৰাষ্ট্ৰীয় ক্ৰীড়াত ৪৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক জিকিছিল। সেই সময়ত তেওঁৰ প্ৰস্ৰাৱ পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হৈছিল। তেওঁৰ সেই  পৰীক্ষাত ফলাফল  ইতিবাচক পোৱা গৈছিল।  শেহতীয়া পৰীক্ষাৰ প্ৰতিবেদন বোৰেও পুনৰ প্ৰমাণ কৰিছে যে চানুৱে ইচ্ছাকৃতভাৱে ডোপ কৰিছিল। 

ভাৰোত্তোলন ফেডাৰেচনৰ সভাপতি সহদেৱ যাদৱে কয়, "সঞ্জীতা চানুক নাডাই চাৰি বছৰৰ বাবে নিষিদ্ধ কৰিছে।" ফলস্বৰূপে, তেওঁ ৰাষ্ট্ৰীয় ক্ৰীড়াত এটা পদক হেৰুৱাব। অৱশ্যে, নাডাৰ সিদ্ধান্তকলৈ  চানুই  প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে এতিয়াও তেওঁৰ  নিৰ্দোষিতা প্ৰমাণ কৰাৰ শেষ সুযোগ আছে। কিন্তু সূত্ৰ অনুসৰি ভাৰোত্তোলকগৰাকীয়ে  পুনৰ আবেদন কৰিবলৈ আগ্ৰহী নহয়।

উল্লেখ্য চানুক নিষিদ্ধ কৰা এয়াই প্ৰথম ঘটনা  নহয়। চানুক ২০১৮ চনতো ড'পিঙৰ বাবে নিষিদ্ধ কৰা হৈছিল। মণিপুৰী তাৰকাগৰাকীক আন্তৰ্জাতিক ভাৰোত্তোলন সংস্থায়ো নিষিদ্ধ কৰিছে। অৱশ্যে চানুৱে একাধিকবাৰ নিজকে নিৰ্দোষী বুলি দাবী কৰি আহিছে। তেওঁ পৰৱৰ্তী চাৰি বছৰৰ বাবে কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব। ফলস্বৰূপে চানুৰ কেৰিয়াৰকলৈ  প্ৰশ্নৰ উত্থাপিত হৈছে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু