--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ কেইবা স্থানতো ইডিয়ে তালাচী অভিযান চলায়। এই তালাচী অভিযানৰ সময়ত বৃহৎ পৰিমাণৰ নগদ ধনৰ লগতে বহু বিসংগতিপূৰ্ণ নথি-পত্ৰ উদ্ধাৰ হয়। ইডিয়ে মেচাৰ্ছ মকৰনীয়ান শ্বিপিং এণ্ড লজিষ্টিক প্ৰাইভেট লিমিটেডৰ কাৰ্যালয়ৰ লগতে   ইয়াৰ সঞ্চালক বিজয় কুমাৰ শুক্লা আৰু সঞ্জয় গোস্বামীৰ কাৰ্যালয়ত অভিযান চলায়। 

 উক্ত প্ৰতিষ্ঠানৰ  সহযোগী প্ৰতিষ্ঠান মেচাৰ্ছ লক্ষ্মীটন মেৰিটাইম, মেচাৰ্ছ হিন্দুস্তান ইণ্টাৰনেচনেল, মেচাৰ্ছ ৰাজনন্দিনী মেটালছ লিমিটেড, এম/এছ ষ্টাৱচাৰ্ট এলয় ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ চৌহদতো ইডিয়ে  ফেমা,১৯৯৯ ৰঅধীনত তালাচী চলায়।  মেচৰ্চ ভাগ্যনগৰ লিমিটেড, মেচৰ্চ বিনায়ক ষ্টীলছ লিমিটেড, মেচাৰ্চ বশিষ্ঠ কনষ্ট্ৰাকচনচ প্ৰাইভেট লিমিটেড; আৰু উক্ত প্ৰতিষ্ঠানসমূহৰ পৰিচালক/অংশীদাৰ সন্দীপ গাৰ্গ, বিনোদ কেদিয়া আৰু অন্যান্যসকলৰ দিল্লী, হায়দৰাবাদ, মুম্বাই, কুৰুক্ষেত্ৰ আৰু কলকাতাৰ  বিভিন্ন স্থানত তালাচী চলায়। 

তালাচীৰ সময়ত বিভিন্ন আপত্তিজনক নথিপত্ৰ, ডিজিটেল সঁজুলি আৰু ৱাশ্বিং মেছিনৰ ভিতৰত  ২.৫৪ কোটি টকাৰ নগদ ধন পোৱা গৈছে । দিল্লী, মুম্বাই, হায়দৰাবাদ আৰু কলকাতাত অভিযান চলাই ইডিয়ে ৪৭ টা বেংক একাউণ্ট জব্দ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু