--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লাডাখৰ স্বাৰ্থত আৰম্ভ কৰা অনশন অৱশেষত ২১ দিনৰ পিছত ভংগ কৰিলে পৰিৱেশ কৰ্মী সোনম ৱাংচুকে । তেওঁ ৬ মাৰ্চৰ পৰা অনশনত বহিছিল। অৱশ্যে ছ'চিয়েল মিডিয়াত তেওঁ কৈছে যে তেওঁ তেওঁৰ অনশন সমাপ্ত কৰিলেও তেওঁৰ যুঁজ অব্যাহত থাকিব। সোনমে লাডাখক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়াকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত  অনশন কৰি আছিল। তেওঁ পানী আৰু নিমখৰ বাহিৰে আন একো খোৱা নাছিল। ৱাংচুকে কয় "লাডাখৰ সাংবিধানিক সুৰক্ষা আৰু ইয়াৰ জনসাধাৰণৰ ৰাজনৈতিক অধিকাৰৰ বাবে মোৰ যুঁজ অব্যাহত থাকিব। "

সোনমৰ অনশনস্থলীত হাজাৰ হাজাৰ লোক উপস্থিত আছিল।  তাত উপস্থিত থকা মহিলাৰ এটা দলে কয়  যে তেওঁলোকে এইবাৰ একে দাবীৰে অনশন আৰম্ভ কৰিব। লাডাখক ৰাজ্যৰ মৰ্যাদা দিয়াৰ উপৰি  সোনমৰ দাবী আছিল হিমালয়ৰ পৰিবেশ সুৰক্ষিত কৰা। তেওঁ কৈছিল যে তেওঁৰ অনশন ২১ দিন ধৰি অব্যাহত থাকিব পাৰে। কিন্তু চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে সোনমৰ দাবী সন্দৰ্ভত কোনো  ইংগিত প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই। 

সোনমে মঙলবাৰে এটা ভিডিঅ' বাৰ্তাত পুনৰ  কেন্দ্ৰক উদ্দেশ্য কৰি  তেওঁৰ দাবী উত্থাপন কৰে। তেওঁ হাতত এগিলাচ অতি চেঁচা পানী লৈ আছিল । তেওঁ কৈছিল যে মাইনাছ  ১০ ডিগ্ৰী চেলচিয়াছতো তেওঁৰ সৈতে ৩৫০ জন লোক আছে। সোনমে কৈছে যে চৰকাৰে প্ৰাকৃতিক সম্পদৰ সুৰক্ষাৰ বাবে ২০১৯-২০ বৰ্ষত দিয়া আশ্বাস পালন কৰা নাই । লাডাখক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়া হোৱা নাই বা ইয়াত পৰিৱেশ সুৰক্ষিত কৰাৰ বাবে কোনো দৃঢ় পদক্ষেপ গ্ৰহণ কৰা  হোৱা নাই। সোনমে কয় "চৰকাৰে কয় যে ভাৰত গণতন্ত্ৰৰ মাতৃ। কিন্তু সেই ভাৰতত লাডাখৰ জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰ কাঢ়ি লোৱা হৈছে। নতুন দিল্লীৰ পৰা নিয়ন্ত্ৰিত চৰকাৰে  চাৰি বছৰৰ পিছতো  কোনো প্ৰতিশ্ৰুতি পূৰণ কৰা নাই। এয়া  বিশ্বাস ভংগৰ নামান্তৰ মাথো।’’ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement