--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লাডাখৰ স্বাৰ্থত আৰম্ভ কৰা অনশন অৱশেষত ২১ দিনৰ পিছত ভংগ কৰিলে পৰিৱেশ কৰ্মী সোনম ৱাংচুকে । তেওঁ ৬ মাৰ্চৰ পৰা অনশনত বহিছিল। অৱশ্যে ছ'চিয়েল মিডিয়াত তেওঁ কৈছে যে তেওঁ তেওঁৰ অনশন সমাপ্ত কৰিলেও তেওঁৰ যুঁজ অব্যাহত থাকিব। সোনমে লাডাখক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়াকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত  অনশন কৰি আছিল। তেওঁ পানী আৰু নিমখৰ বাহিৰে আন একো খোৱা নাছিল। ৱাংচুকে কয় "লাডাখৰ সাংবিধানিক সুৰক্ষা আৰু ইয়াৰ জনসাধাৰণৰ ৰাজনৈতিক অধিকাৰৰ বাবে মোৰ যুঁজ অব্যাহত থাকিব। "

সোনমৰ অনশনস্থলীত হাজাৰ হাজাৰ লোক উপস্থিত আছিল।  তাত উপস্থিত থকা মহিলাৰ এটা দলে কয়  যে তেওঁলোকে এইবাৰ একে দাবীৰে অনশন আৰম্ভ কৰিব। লাডাখক ৰাজ্যৰ মৰ্যাদা দিয়াৰ উপৰি  সোনমৰ দাবী আছিল হিমালয়ৰ পৰিবেশ সুৰক্ষিত কৰা। তেওঁ কৈছিল যে তেওঁৰ অনশন ২১ দিন ধৰি অব্যাহত থাকিব পাৰে। কিন্তু চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে সোনমৰ দাবী সন্দৰ্ভত কোনো  ইংগিত প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই। 

সোনমে মঙলবাৰে এটা ভিডিঅ' বাৰ্তাত পুনৰ  কেন্দ্ৰক উদ্দেশ্য কৰি  তেওঁৰ দাবী উত্থাপন কৰে। তেওঁ হাতত এগিলাচ অতি চেঁচা পানী লৈ আছিল । তেওঁ কৈছিল যে মাইনাছ  ১০ ডিগ্ৰী চেলচিয়াছতো তেওঁৰ সৈতে ৩৫০ জন লোক আছে। সোনমে কৈছে যে চৰকাৰে প্ৰাকৃতিক সম্পদৰ সুৰক্ষাৰ বাবে ২০১৯-২০ বৰ্ষত দিয়া আশ্বাস পালন কৰা নাই । লাডাখক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়া হোৱা নাই বা ইয়াত পৰিৱেশ সুৰক্ষিত কৰাৰ বাবে কোনো দৃঢ় পদক্ষেপ গ্ৰহণ কৰা  হোৱা নাই। সোনমে কয় "চৰকাৰে কয় যে ভাৰত গণতন্ত্ৰৰ মাতৃ। কিন্তু সেই ভাৰতত লাডাখৰ জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰ কাঢ়ি লোৱা হৈছে। নতুন দিল্লীৰ পৰা নিয়ন্ত্ৰিত চৰকাৰে  চাৰি বছৰৰ পিছতো  কোনো প্ৰতিশ্ৰুতি পূৰণ কৰা নাই। এয়া  বিশ্বাস ভংগৰ নামান্তৰ মাথো।’’ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু