--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে ইডিৰ কাৰ্যালয়ত উপস্থিত হ’ল বিশ্বপ্ৰসিদ্ধ কৌতুক অভিনেতা কপিল শৰ্মাৰ প্ৰতিনিধি৷ উল্লেখ্য যে কপিল শৰ্মাই কিছুবছৰ পূৰ্বে এখন ভেনিটী ভান ক্ৰয় কৰাৰ বাবদ ধন দিয়াৰ পাছতো আজিপৰ্যন্ত গাড়ীখনৰ ডেলিভাৰী নোপোৱা বিষয়টো প্ৰৱৰ্তন সঞ্চালকালয়ক অৱগত কৰিছিল। 

গাড়ীখনৰ ডেলিভাৰীৰ প্ৰসংগত গাড়ী ডিজাইনাৰ দিলীপ ছাব্ৰিয়াই আনকি অভিনেতা কপিল শৰ্মাকহে দোষাৰোপ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে স্বয়ং অভিনেতাগৰাকীয়ে নিজেই। ছাব্ৰিয়াই গাড়ীখন ডেলিভাৰী নিদিয়াৰ উপৰি অবৈধ উপায়েৰে তেওঁৰ পৰা ধন আদায় কৰিবলৈও চেষ্টা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অভিনেতা কপিল শৰ্মাই। 

কপিল শৰ্মাই ধন সৰবৰাহৰ অভিযোগত ছাব্ৰিয়াৰ বিৰুদ্ধে ইডি কাৰ্যালয়ত গোচৰ ৰুজু কৰে। প্ৰৱৰ্তন সঞ্চালকালয়ে সেই গোচৰ পঞ্জীভুক্ত কৰে। বুধবাৰে PMLAৰ বিশেষ আদালতে গোচৰৰ শুনানি গ্ৰহণ কৰি ছাব্ৰিয়া আৰু গোচৰটোৰ আন ছজন অভিযুক্তক চমন জাৰি কৰে। অহা ২৬ ফেব্ৰুৱাৰীত ছাব্ৰিয়া হাজিৰ হ’ব লাগিব ইডিৰ কাৰ্যালয়ত৷

উল্লেখযোগ্যে যে কপিলে দিলীপ ছাব্ৰিয়াৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ গোচৰকে ধৰি দাখিল কৰা তিনিখন এফআইআৰৰ ভিত্তিত ইডিয়ে গোচৰ ৰুজু কৰিছে৷

কপিলৰ প্ৰতিনিধিয়ে উল্লেখ কৰে যে K9 প্ৰডাকচনৰ স্বত্বাধিকাৰী হিচাপে কপিল শৰ্মাই এখন ভেনিটি ভান কিনিবলৈ ২০১৬ৰ ডিচেম্বৰত ছাব্ৰিয়াৰ ওচৰ চাপিছিল। ২০১৭ৰ মাৰ্চত K9 প্ৰডাকচন আৰু দিলীপ ছাব্ৰিয়া ডিজাইন প্ৰাইভেট লিমিটেডৰ মাজত ৪.৫ কোটি টকাত ভেনিটি ভান ডেলিভাৰীৰ বাবে স্বাক্ষৰিত হৈছিল চুক্তি৷ চুক্তিৰ চৰ্ত অনুসৰি কপিল শৰ্মাৰ প্ৰডাকচন হাউছে ইতিমধ্যে ৫.৩১ কোটি টকা প্ৰদান কৰিছে বুলি বিবৃতিত উল্লেখ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু