--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে ইডিৰ কাৰ্যালয়ত উপস্থিত হ’ল বিশ্বপ্ৰসিদ্ধ কৌতুক অভিনেতা কপিল শৰ্মাৰ প্ৰতিনিধি৷ উল্লেখ্য যে কপিল শৰ্মাই কিছুবছৰ পূৰ্বে এখন ভেনিটী ভান ক্ৰয় কৰাৰ বাবদ ধন দিয়াৰ পাছতো আজিপৰ্যন্ত গাড়ীখনৰ ডেলিভাৰী নোপোৱা বিষয়টো প্ৰৱৰ্তন সঞ্চালকালয়ক অৱগত কৰিছিল। 

গাড়ীখনৰ ডেলিভাৰীৰ প্ৰসংগত গাড়ী ডিজাইনাৰ দিলীপ ছাব্ৰিয়াই আনকি অভিনেতা কপিল শৰ্মাকহে দোষাৰোপ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে স্বয়ং অভিনেতাগৰাকীয়ে নিজেই। ছাব্ৰিয়াই গাড়ীখন ডেলিভাৰী নিদিয়াৰ উপৰি অবৈধ উপায়েৰে তেওঁৰ পৰা ধন আদায় কৰিবলৈও চেষ্টা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অভিনেতা কপিল শৰ্মাই। 

কপিল শৰ্মাই ধন সৰবৰাহৰ অভিযোগত ছাব্ৰিয়াৰ বিৰুদ্ধে ইডি কাৰ্যালয়ত গোচৰ ৰুজু কৰে। প্ৰৱৰ্তন সঞ্চালকালয়ে সেই গোচৰ পঞ্জীভুক্ত কৰে। বুধবাৰে PMLAৰ বিশেষ আদালতে গোচৰৰ শুনানি গ্ৰহণ কৰি ছাব্ৰিয়া আৰু গোচৰটোৰ আন ছজন অভিযুক্তক চমন জাৰি কৰে। অহা ২৬ ফেব্ৰুৱাৰীত ছাব্ৰিয়া হাজিৰ হ’ব লাগিব ইডিৰ কাৰ্যালয়ত৷

উল্লেখযোগ্যে যে কপিলে দিলীপ ছাব্ৰিয়াৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ গোচৰকে ধৰি দাখিল কৰা তিনিখন এফআইআৰৰ ভিত্তিত ইডিয়ে গোচৰ ৰুজু কৰিছে৷

কপিলৰ প্ৰতিনিধিয়ে উল্লেখ কৰে যে K9 প্ৰডাকচনৰ স্বত্বাধিকাৰী হিচাপে কপিল শৰ্মাই এখন ভেনিটি ভান কিনিবলৈ ২০১৬ৰ ডিচেম্বৰত ছাব্ৰিয়াৰ ওচৰ চাপিছিল। ২০১৭ৰ মাৰ্চত K9 প্ৰডাকচন আৰু দিলীপ ছাব্ৰিয়া ডিজাইন প্ৰাইভেট লিমিটেডৰ মাজত ৪.৫ কোটি টকাত ভেনিটি ভান ডেলিভাৰীৰ বাবে স্বাক্ষৰিত হৈছিল চুক্তি৷ চুক্তিৰ চৰ্ত অনুসৰি কপিল শৰ্মাৰ প্ৰডাকচন হাউছে ইতিমধ্যে ৫.৩১ কোটি টকা প্ৰদান কৰিছে বুলি বিবৃতিত উল্লেখ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ