--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ ভাৰতত এতিয়া সঘনাই ভূমিকম্প হোৱাৰ কথাই আতংকিত কৰি তুলিছে এই এলেকাৰ বাসিন্দাসকলক৷
আজি পুৱতি নিশা পুনৰ  ভূমিকম্পৰ ফলত পঞ্জাৱ কঁপি উছে। পুৱা ৩.৩০ বজাৰ পিছত অমৃতসৰ আৰু কাষৰীয়া অঞ্চলত ভূমিকম্প অনুভত হয়৷ ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৪.১ আছিল।

নেচনেল চেণ্টাৰ ফৰ চিচমোলজি (এনচিএছ)ৰ মতে, ভূমিকম্পৰ কেন্দ্ৰস্থল মাটিৰ পৰা ১২০ কিলোমিটাৰ গভীৰতাত । পুৱা প্ৰায় ৩.৪২ বজাত কম্পন অনুভৱ কৰা হৈছিল। কম্পনটোৰ কেন্দ্ৰস্থল পশ্চিম আৰু উত্তৰ-পশ্চিম অমৃতসৰ বুলি জানিব পৰা গৈছে। কম্পনটো বহু সময় ধৰি চলি আছিল। অৱশ্যে, এতিয়ালৈকে ভূমিকম্পত কোনো ক্ষয়ক্ষতি হোৱাৰ খবৰ পোৱা হোৱা নাই।

ইয়াৰ আগতে দিল্লীক ভূমিকম্পই একেৰাহে দুবাৰ কৈ জোকাৰি গৈছিল। মঙলবাৰে নিশা দিল্লীত ৰিখটাৰ স্কেলত ৬.১ প্ৰাবল্যৰ ভূমিকম্প হৈছিল। ইয়াৰ পিছত শনিবাৰে ৰাজধানী চহৰ খনত আন এটা ভূমিকম্প হৈছিল। ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৪। দুয়োটা ক্ষেত্ৰতে ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল নেপাল। দিল্লীৰ ভূমিকম্পটো শনিবাৰে নিশা প্ৰায় ৮ বজাত প্ৰায় পাঁচ ছেকেণ্ড ধৰি চলিছিল। ফলস্বৰূপে বহু লোকে ভয়তে ঘৰৰ পৰা ওলাই আহিছিল আৰু ৰাস্তাত গোট খাইছিল। দিল্লীৰ কাষৰীয়া নয়ডা আৰু গুৰুগ্ৰামতো কম্পন অনুভৱ কৰা হৈছিল।

ইয়াৰ পূৰ্বে মঙলবাৰে পুৱা প্ৰায় ২ বজাত দিল্লীত হোৱা ভূমিকম্প আৰু অধিক শক্তিশালী আছিল। ভূমিকম্পৰ কেন্দ্ৰস্থল ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত আছিল। এই ভূমিকম্পত আঠজন লোক আহত হোৱাৰ খবৰ পোৱা গৈছিল।

ইফালে বৃহস্পতিবাৰে পুৱা অৰুণাচল প্ৰদেশতো ভূমিকম্প  হয়। উক্ত ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৭। সেইদিনা পুৱতি নিশা আন্দামানসকলৰ ৰাজধানী পোৰ্ট ব্লেয়াৰতো ভূমিকম্প হৈছিল। ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৪.৩।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক