--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ ভাৰতত এতিয়া সঘনাই ভূমিকম্প হোৱাৰ কথাই আতংকিত কৰি তুলিছে এই এলেকাৰ বাসিন্দাসকলক৷
আজি পুৱতি নিশা পুনৰ  ভূমিকম্পৰ ফলত পঞ্জাৱ কঁপি উছে। পুৱা ৩.৩০ বজাৰ পিছত অমৃতসৰ আৰু কাষৰীয়া অঞ্চলত ভূমিকম্প অনুভত হয়৷ ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৪.১ আছিল।

নেচনেল চেণ্টাৰ ফৰ চিচমোলজি (এনচিএছ)ৰ মতে, ভূমিকম্পৰ কেন্দ্ৰস্থল মাটিৰ পৰা ১২০ কিলোমিটাৰ গভীৰতাত । পুৱা প্ৰায় ৩.৪২ বজাত কম্পন অনুভৱ কৰা হৈছিল। কম্পনটোৰ কেন্দ্ৰস্থল পশ্চিম আৰু উত্তৰ-পশ্চিম অমৃতসৰ বুলি জানিব পৰা গৈছে। কম্পনটো বহু সময় ধৰি চলি আছিল। অৱশ্যে, এতিয়ালৈকে ভূমিকম্পত কোনো ক্ষয়ক্ষতি হোৱাৰ খবৰ পোৱা হোৱা নাই।

ইয়াৰ আগতে দিল্লীক ভূমিকম্পই একেৰাহে দুবাৰ কৈ জোকাৰি গৈছিল। মঙলবাৰে নিশা দিল্লীত ৰিখটাৰ স্কেলত ৬.১ প্ৰাবল্যৰ ভূমিকম্প হৈছিল। ইয়াৰ পিছত শনিবাৰে ৰাজধানী চহৰ খনত আন এটা ভূমিকম্প হৈছিল। ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৪। দুয়োটা ক্ষেত্ৰতে ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল নেপাল। দিল্লীৰ ভূমিকম্পটো শনিবাৰে নিশা প্ৰায় ৮ বজাত প্ৰায় পাঁচ ছেকেণ্ড ধৰি চলিছিল। ফলস্বৰূপে বহু লোকে ভয়তে ঘৰৰ পৰা ওলাই আহিছিল আৰু ৰাস্তাত গোট খাইছিল। দিল্লীৰ কাষৰীয়া নয়ডা আৰু গুৰুগ্ৰামতো কম্পন অনুভৱ কৰা হৈছিল।

ইয়াৰ পূৰ্বে মঙলবাৰে পুৱা প্ৰায় ২ বজাত দিল্লীত হোৱা ভূমিকম্প আৰু অধিক শক্তিশালী আছিল। ভূমিকম্পৰ কেন্দ্ৰস্থল ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত আছিল। এই ভূমিকম্পত আঠজন লোক আহত হোৱাৰ খবৰ পোৱা গৈছিল।

ইফালে বৃহস্পতিবাৰে পুৱা অৰুণাচল প্ৰদেশতো ভূমিকম্প  হয়। উক্ত ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৭। সেইদিনা পুৱতি নিশা আন্দামানসকলৰ ৰাজধানী পোৰ্ট ব্লেয়াৰতো ভূমিকম্প হৈছিল। ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৪.৩।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু