--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিভ ইন ৰিলেচনত আছিল এহাল যুৱক-যুৱতী। এদিন কাজিয়াৰ ফলত যুৱকে হত্যা কৰিছিল যুৱতীক। এই হত্যাকাণ্ড ৬ মাহ পূৰ্বে সংঘটিত হৈছিল যদিও শনিবাৰেহে এই হত্যাকাণ্ডৰ গোচৰ পোহৰলৈ আহে। প্ৰেমিকৰ নাম আফতাব আমিন পুনাৱালা। তেওঁৰ প্ৰেমিকাৰ নাম আছিল শ্ৰদ্ধা মদান। শ্ৰদ্ধাক হত্যা কৰি মৃতদেহ ৩৫ টুকুৰা কৰি ফ্ৰীজত ৰাখিছিল আফতাবে

শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত আফতাবক। এবছৰৰ আগতে শ্ৰদ্ধা আফতাবৰ লগত থাকিবলৈ মুম্বাইৰ পৰা দিল্লীলৈ স্থানান্তৰিত হৈছিল।
फोटो आफताब शेफ का है। दोनों डेटिंग ऐप के जरिए संपर्क में आए।
২৬ বছৰীয়া শ্ৰদ্ধা মুম্বাইৰ মালাডৰ বাসিন্দা আছিল। ইয়াতে তেওঁ আগতে বহুজাতিক কোম্পানী এটাৰ কল চেণ্টাৰত কাম কৰিছিল।শ্ৰদ্ধা আৰু আফতাব দুয়োজনেই আগতে কল চেণ্টাৰত কাম কৰিছিল। ২০১৯ চনত দুয়ো দুয়োকে লগ পাইছিল। দুয়োৰে মাজত প্ৰেম হৈছিল যদিও তেওঁলোকৰ সম্পৰ্কত অসন্তুষ্ট হৈ পৰিছিল পৰিয়ালৰ লোক, কাৰণ শ্ৰদ্ধা আছিল হিন্দু আৰু আফতাব মুছলমান। পৰিয়ালৰ বাধাৰ বাবে দুয়োজনে মুম্বাইৰ পৰা দিল্লীলৈ স্থানান্তৰিত হৈ মেহৰৌলীৰ এটা ফ্লেটত থাকিবলৈ আৰম্ভ কৰে।
श्रद्धा और आफताब दोनों कॉल सेंटर में काम करते थे। यहीं दोनों की मुलाकात हुई।
সহপাঠী লক্ষ্মণৰ লগত শ্ৰদ্ধাৰ যোগাযোগ আছিল। লক্ষ্মণেই শ্ৰদ্ধাৰ পিতৃ বিকাশ মদানক শ্ৰদ্ধাৰ খবৰবোৰ দিছিল। লক্ষ্মণৰ ফোন শ্ৰদ্ধাই কেইবাদিনো ৰিচিভ নকৰাত শ্ৰদ্ধাৰ পিতৃক কথাটো জনায় লক্ষ্মণে। কন্যাৰ অৱস্থাৰ বিষয়ে জানিবলৈ বিকাশ মদান যোৱা ৮ নৱেম্বৰত দিল্লীত উপস্থিত হয়। কন্যাৰ ঘৰত উপস্থিত হৈ তেওঁ দেখে যে তাত তলা লগোৱা আছিল। তেওঁ মেহৰৌলী আৰক্ষী থানাত কন্যাক অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰে।

এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি শনিবাৰে প্ৰেমিক আফতাব আমিন পুনাৱালাক গ্ৰেপ্তাৰ কৰে। জেৰাৰ অন্তত দক্ষিণ দিল্লীৰ অতিৰিক্ত ডিচিপি অংকিত চৌহানে জনোৱা মতে, ১৮ মে’ত কাজিয়াৰ অন্তত আফতাবে শ্ৰদ্ধাক ডিঙি চেপি হত্যা কৰিছিল। ইয়াৰ পিছত তেওঁ শ্ৰদ্ধাৰ শৰীৰটো ৩৫টা টুকুৰা কৰি ফ্ৰীজত ৰাখিছিল। আৰক্ষীয়ে জনোৱা মতে, আফতাবে প্ৰতি নিশা ২ বজাত ঘৰৰ পৰা ওলাই আহিছিল আৰু দিল্লীৰ বিভিন্ন অঞ্চলত টুকুৰাবোৰ পেলাই দিছিল।
श्रद्धा और आफताब की ये तस्वीर सोशल मीडिया पर वायरल हो रही है। হত্যাকাণ্ডৰ পিছত তেওঁ এটা ফ্ৰীজ কিনিছিল যাতে তাত শ্ৰদ্ধাৰ মৃতদেহৰ টুকুৰাবোৰ ৰাখিব পৰা যায়। দুৰ্গন্ধ আঁতৰাবৰ বাবে আফতাবে ধূপকাঠি জ্বলাইছিল।
26 साल की श्रद्धा मुंबई के मलाड की रहने वाली थी।
আফতাবে আৰক্ষীৰ জেৰাত কয় যে দুয়োৰে মাজত সঘনাই কাজিয়া হৈছিল। শ্ৰদ্ধাই আফতাবক বিয়া পাতিবলৈ হেঁচা প্ৰয়োগ কৰি আছিল। আফতাবৰ আন বহু ছোৱালীৰ লগতো সম্পৰ্ক আছিল আৰু শ্ৰদ্ধাৰ সন্দেহ বাঢ়ি আহিছিল। এই বিষয়ত দুয়োৰে মাজত বিবাদো হৈছিল। আফতাবে বিৰক্ত হৈ শ্ৰদ্ধাক হত্যা কৰে। এই তদন্ত লাভ জেহাদৰ এংগলৰ পৰা কৰা হ’ব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নত আৰক্ষীয়ে কয় যে ''এই সন্দৰ্ভত এতিয়াই একো ক’ব পৰা নাযাব। তাৰবাবে আৰু অধিক তদন্তৰ প্ৰয়োজন।''










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু