--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিভ ইন ৰিলেচনত আছিল এহাল যুৱক-যুৱতী। এদিন কাজিয়াৰ ফলত যুৱকে হত্যা কৰিছিল যুৱতীক। এই হত্যাকাণ্ড ৬ মাহ পূৰ্বে সংঘটিত হৈছিল যদিও শনিবাৰেহে এই হত্যাকাণ্ডৰ গোচৰ পোহৰলৈ আহে। প্ৰেমিকৰ নাম আফতাব আমিন পুনাৱালা। তেওঁৰ প্ৰেমিকাৰ নাম আছিল শ্ৰদ্ধা মদান। শ্ৰদ্ধাক হত্যা কৰি মৃতদেহ ৩৫ টুকুৰা কৰি ফ্ৰীজত ৰাখিছিল আফতাবে

শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত আফতাবক। এবছৰৰ আগতে শ্ৰদ্ধা আফতাবৰ লগত থাকিবলৈ মুম্বাইৰ পৰা দিল্লীলৈ স্থানান্তৰিত হৈছিল।
फोटो आफताब शेफ का है। दोनों डेटिंग ऐप के जरिए संपर्क में आए।
২৬ বছৰীয়া শ্ৰদ্ধা মুম্বাইৰ মালাডৰ বাসিন্দা আছিল। ইয়াতে তেওঁ আগতে বহুজাতিক কোম্পানী এটাৰ কল চেণ্টাৰত কাম কৰিছিল।শ্ৰদ্ধা আৰু আফতাব দুয়োজনেই আগতে কল চেণ্টাৰত কাম কৰিছিল। ২০১৯ চনত দুয়ো দুয়োকে লগ পাইছিল। দুয়োৰে মাজত প্ৰেম হৈছিল যদিও তেওঁলোকৰ সম্পৰ্কত অসন্তুষ্ট হৈ পৰিছিল পৰিয়ালৰ লোক, কাৰণ শ্ৰদ্ধা আছিল হিন্দু আৰু আফতাব মুছলমান। পৰিয়ালৰ বাধাৰ বাবে দুয়োজনে মুম্বাইৰ পৰা দিল্লীলৈ স্থানান্তৰিত হৈ মেহৰৌলীৰ এটা ফ্লেটত থাকিবলৈ আৰম্ভ কৰে।
श्रद्धा और आफताब दोनों कॉल सेंटर में काम करते थे। यहीं दोनों की मुलाकात हुई।
সহপাঠী লক্ষ্মণৰ লগত শ্ৰদ্ধাৰ যোগাযোগ আছিল। লক্ষ্মণেই শ্ৰদ্ধাৰ পিতৃ বিকাশ মদানক শ্ৰদ্ধাৰ খবৰবোৰ দিছিল। লক্ষ্মণৰ ফোন শ্ৰদ্ধাই কেইবাদিনো ৰিচিভ নকৰাত শ্ৰদ্ধাৰ পিতৃক কথাটো জনায় লক্ষ্মণে। কন্যাৰ অৱস্থাৰ বিষয়ে জানিবলৈ বিকাশ মদান যোৱা ৮ নৱেম্বৰত দিল্লীত উপস্থিত হয়। কন্যাৰ ঘৰত উপস্থিত হৈ তেওঁ দেখে যে তাত তলা লগোৱা আছিল। তেওঁ মেহৰৌলী আৰক্ষী থানাত কন্যাক অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰে।

এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি শনিবাৰে প্ৰেমিক আফতাব আমিন পুনাৱালাক গ্ৰেপ্তাৰ কৰে। জেৰাৰ অন্তত দক্ষিণ দিল্লীৰ অতিৰিক্ত ডিচিপি অংকিত চৌহানে জনোৱা মতে, ১৮ মে’ত কাজিয়াৰ অন্তত আফতাবে শ্ৰদ্ধাক ডিঙি চেপি হত্যা কৰিছিল। ইয়াৰ পিছত তেওঁ শ্ৰদ্ধাৰ শৰীৰটো ৩৫টা টুকুৰা কৰি ফ্ৰীজত ৰাখিছিল। আৰক্ষীয়ে জনোৱা মতে, আফতাবে প্ৰতি নিশা ২ বজাত ঘৰৰ পৰা ওলাই আহিছিল আৰু দিল্লীৰ বিভিন্ন অঞ্চলত টুকুৰাবোৰ পেলাই দিছিল।
श्रद्धा और आफताब की ये तस्वीर सोशल मीडिया पर वायरल हो रही है। হত্যাকাণ্ডৰ পিছত তেওঁ এটা ফ্ৰীজ কিনিছিল যাতে তাত শ্ৰদ্ধাৰ মৃতদেহৰ টুকুৰাবোৰ ৰাখিব পৰা যায়। দুৰ্গন্ধ আঁতৰাবৰ বাবে আফতাবে ধূপকাঠি জ্বলাইছিল।
26 साल की श्रद्धा मुंबई के मलाड की रहने वाली थी।
আফতাবে আৰক্ষীৰ জেৰাত কয় যে দুয়োৰে মাজত সঘনাই কাজিয়া হৈছিল। শ্ৰদ্ধাই আফতাবক বিয়া পাতিবলৈ হেঁচা প্ৰয়োগ কৰি আছিল। আফতাবৰ আন বহু ছোৱালীৰ লগতো সম্পৰ্ক আছিল আৰু শ্ৰদ্ধাৰ সন্দেহ বাঢ়ি আহিছিল। এই বিষয়ত দুয়োৰে মাজত বিবাদো হৈছিল। আফতাবে বিৰক্ত হৈ শ্ৰদ্ধাক হত্যা কৰে। এই তদন্ত লাভ জেহাদৰ এংগলৰ পৰা কৰা হ’ব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নত আৰক্ষীয়ে কয় যে ''এই সন্দৰ্ভত এতিয়াই একো ক’ব পৰা নাযাব। তাৰবাবে আৰু অধিক তদন্তৰ প্ৰয়োজন।''










FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement