--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ সুৰা কেলেংকাৰীকলৈ বিভ্ৰান্তিকৰ বাতৰি পৰিবেশনৰ অভিযোগত ইণ্ডিয়া টুডে, ৰিপাব্লিক টিভিকে ধৰি কেইবাটাও সংবাদ প্ৰতিষ্ঠানলৈ জাননী জাৰি কৰিছে  দিল্লী উচ্চ ন্যায়ালয়ে।দিল্লী উচ্চ ন্যায়ালয়ে নিউজ চেনেলসমূহক নিৰ্দেশ দিছেযাতে দিল্লীৰ সুৰা কেলেংকাৰীৰ গোচৰৰ সন্দৰ্ভত তেওঁলোকৰ প্ৰতিবেদন কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই) আৰু প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) জাৰি কৰা  চৰকাৰী প্ৰেছ বিজ্ঞপ্তি অনুসৰিহে প্ৰচাৰ কৰে। 

ন্যায়াধীশ যশৱন্ত বাৰ্মাই আম আদমী পাৰ্টিৰ সৈতে জড়িত এটা কোম্পানীৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া বিজয় নায়াৰে দাখিল কৰা এখন আবেদনৰ শুনানিৰ  গ্ৰহণ কৰি এনেদৰে কয়। আবাদন খনত এইবুলি অভিযোগ কৰা হৈছে যে তদন্তকাৰী সংস্থাসমূহে সংবাদ মাধ্যমৰ ওচৰত সংবেদনশীল তথ্য প্ৰকাশ কৰি আহিছে। ইডিৰ পৰামৰ্শদাতা জোহাইব হুছেইনে আদালতক কয়  যে সংস্থাটোৱে গোচৰটো সন্দৰ্ভত কোনো প্ৰেছ বিজ্ঞপ্তি জাৰি কৰা নাছিল। 

তেওঁ এয়াও কয় যে সম্প্ৰচাৰ কৰা বাতৰি ইডিয়ে প্ৰদান কৰা বা প্ৰকাশ কৰা কোনো তথ্যৰ ওপৰত আধাৰিত নহয়।  সেই কথা বিবেচনা কৰি আদালতে কয় যে নিউজ চেনেলসমূহৰ দ্বাৰা সম্প্ৰচাৰিত বাতৰিৰ  কোনো তদন্তকাৰী সংস্থাৰ দ্বাৰা প্ৰদান কৰা তথ্যৰ সৈতে  সম্পৰ্ক নাই। শুনানিৰ সময়ত, আদালতে নায়াৰৰ আবেদনত উল্লেখ কৰা ইণ্ডিয়া টুডে আৰু ৰিপাব্লিক টিভিৰ দৰে নিউজ চেনেলে সুৰা কেলেংকাৰী সন্দৰ্ভত সম্প্ৰচাৰ কৰা বাতৰিকলৈও অসন্তুষ্টি প্ৰকাশ কৰে। ন্যায়াধীশ বাৰ্মাই ব্ৰডকাষ্টিং এণ্ড ডিজিটেল ষ্টেণ্ডাৰ্ড অথৰিটি (এনবিডিএছএ)ৰ হৈ উপস্থিত থকা পৰামৰ্শদাতাক এই বিষয়ত প্ৰশ্ন কৰে। 

দিল্লী উচ্চ ন্যায়ালয়ে  কয়, "চিবিআই, ইডিৰ দ্বাৰা প্ৰকাশিত তথ্যহে নিউজ চেনেলসমূহে প্ৰকাশ কৰা উচিত।  তেওঁলোকে সেই বাতৰিৰ তথ্য হঠাতে  ক'ৰ পৰা পাইছে?" সম্প্ৰচাৰৰ প্ৰকৃতি বিবেচনা কৰি আদালতে আৱেদনখনত উল্লেখ কৰা পাঁচটা নিউজ চেনেললৈ জাননী জাৰি কৰে। 

নায়াৰক অলপতে চিবিআইৰ গোচৰত জামিন দিয়া হৈছে।চিবিআইয়ে পঞ্জীয়ন কৰা এজাহাৰ অনুসৰি নায়াৰৰ বিৰুদ্ধে ২০২১-২২ বৰ্ষৰ দিল্লী চৰকাৰৰ আবকাৰী নীতিৰ সন্দৰ্ভত আন ব্যক্তিৰ সৈতে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ আছে। দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াকে ধৰি আন কেইবাজনো লোকক এজাহাৰখনত অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে। দিল্লীৰ সুৰা কেলেংকাৰীকলৈ বহু কেইটা নিউজ চেনেলে বিভাগীয় তথ্য নোহোৱাকৈয়ে মনেসজা বাতৰি সম্প্ৰচাৰ কৰাৰ অভিযোগ উঠিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু