--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ সুৰা কেলেংকাৰীকলৈ বিভ্ৰান্তিকৰ বাতৰি পৰিবেশনৰ অভিযোগত ইণ্ডিয়া টুডে, ৰিপাব্লিক টিভিকে ধৰি কেইবাটাও সংবাদ প্ৰতিষ্ঠানলৈ জাননী জাৰি কৰিছে  দিল্লী উচ্চ ন্যায়ালয়ে।দিল্লী উচ্চ ন্যায়ালয়ে নিউজ চেনেলসমূহক নিৰ্দেশ দিছেযাতে দিল্লীৰ সুৰা কেলেংকাৰীৰ গোচৰৰ সন্দৰ্ভত তেওঁলোকৰ প্ৰতিবেদন কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই) আৰু প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) জাৰি কৰা  চৰকাৰী প্ৰেছ বিজ্ঞপ্তি অনুসৰিহে প্ৰচাৰ কৰে। 

ন্যায়াধীশ যশৱন্ত বাৰ্মাই আম আদমী পাৰ্টিৰ সৈতে জড়িত এটা কোম্পানীৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া বিজয় নায়াৰে দাখিল কৰা এখন আবেদনৰ শুনানিৰ  গ্ৰহণ কৰি এনেদৰে কয়। আবাদন খনত এইবুলি অভিযোগ কৰা হৈছে যে তদন্তকাৰী সংস্থাসমূহে সংবাদ মাধ্যমৰ ওচৰত সংবেদনশীল তথ্য প্ৰকাশ কৰি আহিছে। ইডিৰ পৰামৰ্শদাতা জোহাইব হুছেইনে আদালতক কয়  যে সংস্থাটোৱে গোচৰটো সন্দৰ্ভত কোনো প্ৰেছ বিজ্ঞপ্তি জাৰি কৰা নাছিল। 

তেওঁ এয়াও কয় যে সম্প্ৰচাৰ কৰা বাতৰি ইডিয়ে প্ৰদান কৰা বা প্ৰকাশ কৰা কোনো তথ্যৰ ওপৰত আধাৰিত নহয়।  সেই কথা বিবেচনা কৰি আদালতে কয় যে নিউজ চেনেলসমূহৰ দ্বাৰা সম্প্ৰচাৰিত বাতৰিৰ  কোনো তদন্তকাৰী সংস্থাৰ দ্বাৰা প্ৰদান কৰা তথ্যৰ সৈতে  সম্পৰ্ক নাই। শুনানিৰ সময়ত, আদালতে নায়াৰৰ আবেদনত উল্লেখ কৰা ইণ্ডিয়া টুডে আৰু ৰিপাব্লিক টিভিৰ দৰে নিউজ চেনেলে সুৰা কেলেংকাৰী সন্দৰ্ভত সম্প্ৰচাৰ কৰা বাতৰিকলৈও অসন্তুষ্টি প্ৰকাশ কৰে। ন্যায়াধীশ বাৰ্মাই ব্ৰডকাষ্টিং এণ্ড ডিজিটেল ষ্টেণ্ডাৰ্ড অথৰিটি (এনবিডিএছএ)ৰ হৈ উপস্থিত থকা পৰামৰ্শদাতাক এই বিষয়ত প্ৰশ্ন কৰে। 

দিল্লী উচ্চ ন্যায়ালয়ে  কয়, "চিবিআই, ইডিৰ দ্বাৰা প্ৰকাশিত তথ্যহে নিউজ চেনেলসমূহে প্ৰকাশ কৰা উচিত।  তেওঁলোকে সেই বাতৰিৰ তথ্য হঠাতে  ক'ৰ পৰা পাইছে?" সম্প্ৰচাৰৰ প্ৰকৃতি বিবেচনা কৰি আদালতে আৱেদনখনত উল্লেখ কৰা পাঁচটা নিউজ চেনেললৈ জাননী জাৰি কৰে। 

নায়াৰক অলপতে চিবিআইৰ গোচৰত জামিন দিয়া হৈছে।চিবিআইয়ে পঞ্জীয়ন কৰা এজাহাৰ অনুসৰি নায়াৰৰ বিৰুদ্ধে ২০২১-২২ বৰ্ষৰ দিল্লী চৰকাৰৰ আবকাৰী নীতিৰ সন্দৰ্ভত আন ব্যক্তিৰ সৈতে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ আছে। দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াকে ধৰি আন কেইবাজনো লোকক এজাহাৰখনত অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে। দিল্লীৰ সুৰা কেলেংকাৰীকলৈ বহু কেইটা নিউজ চেনেলে বিভাগীয় তথ্য নোহোৱাকৈয়ে মনেসজা বাতৰি সম্প্ৰচাৰ কৰাৰ অভিযোগ উঠিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক