--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত হেনো নিবনুৱা নায়েই। থাকিবই বা কিদৰে, প্ৰতি মাহে ১৫-১৬ লাখ নিবনুৱাক চাকৰি দি আহিছে। লাখ  লাখ নতুন চাকৰি সৃষ্টি কৰি আছে। তেনেস্থলত নিবনুৱা থাকিব ক’ত?  কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এনে মন্তব্যই কৰিলে।  কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীগৰাকীয়ে  দাবী কৰে যে বিশ্বব্যাপী অৰ্থনৈতিক মন্দাৱস্থাৰ প্ৰাদুৰ্ভাৱ হোৱা স্বত্বেও ভাৰতত ইয়াৰ  কোনো প্ৰভাৱ পৰা নাই। ভাৰতে এতিয়াও মাহে ১৫-১৬  লাখ চাকৰি সৃষ্টি কৰি আছে।

ৰোজগাৰ মেলাৰ দ্বিতীয় সংস্কৰণৰ সভাত ভাষণ প্ৰদান কৰি ৰে'ল মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে দেশক সদায় আগুৱাই নিয়াৰ বাবে বিজেপিয়ে গ্ৰহণ কৰা নীতিয়ে আমাৰ সকলো সমস্যা দূৰ কৰাত আৰু আগবাঢ়ি যোৱাত সহায় কৰিছে। যিসকলে দেশক আগুৱাই নিয়ে তেওঁলোকে কোনো সমস্যাৰ সন্মুখীন হ'ব নোৱাৰে। ৰোজোৰ মেলাত ভাষণ প্ৰদান কৰি বৈষ্ণৱে কয়, "বিশ্বব্যাপী অৰ্থনৈতিক মন্দাৱস্থাৰ মাজতো ভাৰতে শক্তিৰ উৎস হিচাপে আত্মপ্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে এতিয়াও মাহে ১৫-১৬ লাখকৈ চাকৰি সৃষ্টি কৰি আছে

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে মোদী চৰকাৰৰ নীতিত সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ মংগল হৈছে। অৱশ্যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বৃহৎ নিযুক্তিৰ যি দাবী কৰিছে সেয়া বাস্তৱৰ ভিত্তিত কিমান যুক্তিযুক্ত তাকেলৈ মানুহৰ মনত প্ৰশ্নৰ উদয় হৈছে।

২২ অক্টোবৰত দিল্লীত ৰোজোৰ মেলাৰ প্ৰথম পৰ্যায়ৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই কৈছিল, "চৰকাৰে অহা এবছৰত ১০ লাখ চাকৰিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। যিটো সময়ত প্ৰধানমন্ত্ৰীয়ে নিজেঅ এবছৰত মাত্ৰ ১০ লাখ চৰকাৰী চাকৰি সৃষ্টি কৰিব বুলি দাবী কৰিছে, তেনে সময়তে  কেন্দ্ৰীয় মন্ত্ৰী এগৰাকীয়ে মাহে ১৬ লাখ চাকৰি প্ৰদান কৰা বুলি দাবী কৰাৰ কথাই সকলোকে হাঁহিৰ খোৰাক যোগাইছে।

এতিয়ালৈকে,কেন্দ্ৰই কেন্দ্ৰীয় পৰ্যায়ত মুঠ দুখন ৰোজগাৰ  মেলা আয়োজন কৰিছে। প্ৰথমটো মেলাত ৭৫ হাজাৰ  চাকৰি প্ৰাৰ্থীক চৰকাৰী চাকৰিৰ বাবে নিযুক্তি পত্ৰ দিয়া হৈছে। শেহতীয়াকৈ  প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় পৰ্যায়ৰ নিযুক্তি মেলাৰ দ্বিতীয় পৰ্যায়ৰ মেলাত  চৰকাৰী চাকৰিত  প্ৰায় ৭১,০০০ লোকক নিযুক্তি পত্ৰ প্ৰদান কৰে। অৰ্থাৎ, দুয়োখন ৰোজগাৰ মেলাত সৰ্বাধিক ১ লাখ ৪৬ হাজাৰ নিবনুৱাইহে  চাকৰি লাভ কৰিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক