--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত হেনো নিবনুৱা নায়েই। থাকিবই বা কিদৰে, প্ৰতি মাহে ১৫-১৬ লাখ নিবনুৱাক চাকৰি দি আহিছে। লাখ  লাখ নতুন চাকৰি সৃষ্টি কৰি আছে। তেনেস্থলত নিবনুৱা থাকিব ক’ত?  কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এনে মন্তব্যই কৰিলে।  কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীগৰাকীয়ে  দাবী কৰে যে বিশ্বব্যাপী অৰ্থনৈতিক মন্দাৱস্থাৰ প্ৰাদুৰ্ভাৱ হোৱা স্বত্বেও ভাৰতত ইয়াৰ  কোনো প্ৰভাৱ পৰা নাই। ভাৰতে এতিয়াও মাহে ১৫-১৬  লাখ চাকৰি সৃষ্টি কৰি আছে।

ৰোজগাৰ মেলাৰ দ্বিতীয় সংস্কৰণৰ সভাত ভাষণ প্ৰদান কৰি ৰে'ল মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে দেশক সদায় আগুৱাই নিয়াৰ বাবে বিজেপিয়ে গ্ৰহণ কৰা নীতিয়ে আমাৰ সকলো সমস্যা দূৰ কৰাত আৰু আগবাঢ়ি যোৱাত সহায় কৰিছে। যিসকলে দেশক আগুৱাই নিয়ে তেওঁলোকে কোনো সমস্যাৰ সন্মুখীন হ'ব নোৱাৰে। ৰোজোৰ মেলাত ভাষণ প্ৰদান কৰি বৈষ্ণৱে কয়, "বিশ্বব্যাপী অৰ্থনৈতিক মন্দাৱস্থাৰ মাজতো ভাৰতে শক্তিৰ উৎস হিচাপে আত্মপ্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে এতিয়াও মাহে ১৫-১৬ লাখকৈ চাকৰি সৃষ্টি কৰি আছে

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে মোদী চৰকাৰৰ নীতিত সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ মংগল হৈছে। অৱশ্যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বৃহৎ নিযুক্তিৰ যি দাবী কৰিছে সেয়া বাস্তৱৰ ভিত্তিত কিমান যুক্তিযুক্ত তাকেলৈ মানুহৰ মনত প্ৰশ্নৰ উদয় হৈছে।

২২ অক্টোবৰত দিল্লীত ৰোজোৰ মেলাৰ প্ৰথম পৰ্যায়ৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই কৈছিল, "চৰকাৰে অহা এবছৰত ১০ লাখ চাকৰিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। যিটো সময়ত প্ৰধানমন্ত্ৰীয়ে নিজেঅ এবছৰত মাত্ৰ ১০ লাখ চৰকাৰী চাকৰি সৃষ্টি কৰিব বুলি দাবী কৰিছে, তেনে সময়তে  কেন্দ্ৰীয় মন্ত্ৰী এগৰাকীয়ে মাহে ১৬ লাখ চাকৰি প্ৰদান কৰা বুলি দাবী কৰাৰ কথাই সকলোকে হাঁহিৰ খোৰাক যোগাইছে।

এতিয়ালৈকে,কেন্দ্ৰই কেন্দ্ৰীয় পৰ্যায়ত মুঠ দুখন ৰোজগাৰ  মেলা আয়োজন কৰিছে। প্ৰথমটো মেলাত ৭৫ হাজাৰ  চাকৰি প্ৰাৰ্থীক চৰকাৰী চাকৰিৰ বাবে নিযুক্তি পত্ৰ দিয়া হৈছে। শেহতীয়াকৈ  প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় পৰ্যায়ৰ নিযুক্তি মেলাৰ দ্বিতীয় পৰ্যায়ৰ মেলাত  চৰকাৰী চাকৰিত  প্ৰায় ৭১,০০০ লোকক নিযুক্তি পত্ৰ প্ৰদান কৰে। অৰ্থাৎ, দুয়োখন ৰোজগাৰ মেলাত সৰ্বাধিক ১ লাখ ৪৬ হাজাৰ নিবনুৱাইহে  চাকৰি লাভ কৰিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু