--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপ শাসিত দিল্লীত একাংশ বিজেপি নেতাই বহুতকে ধন দাবী কৰি অহাৰ অভিযোগ উঠি আহিছে। এনে অভিযোগৰ মাজতে দিল্লীত  দুজন বিজেপি নেতাৰ বিৰুদ্ধে ৰুজু হৈছে ধন দাবী কৰাৰ গোচৰ। গোচৰ ৰুজু হোৱা বিজেপি নেতা দুগৰাকী হৈছে ক্ৰমে  চিয়াৰাম সিংহলী আৰু ধীৰাজ প্ৰধান। তেওঁলোক দুয়োজনৰ বিৰুদ্ধে   এজন ব্যৱসায়ীয়ে  ১৫ লাখ টকা দাবী কৰাৰ অভিযোগত ধন দাবীৰ গোচৰ ৰুজু কৰিছে। 

এজাহাৰখন ২৯ মাৰ্চত দ্বাৰকা জিলাৰ ডাবৰি আৰক্ষী থানাত দাখিল কৰা হৈছিল। প্ৰধান বিজেপিৰ মেহৰৌলি জিলাৰ উপ-সভাপতি বুলি জানিব পৰা গৈছে। আনহাতে সিংহলী এজন স্থানীয় বিজেপি নেতা বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে।

ইষ্ট কিডৱাই নগৰৰ বাসিন্দা চমন প্ৰকাশ ছাক্সেনাই অভিযোগ  কৰিছে যে অভিযুক্ত বিজেপি নেতা দুজনে  তেওঁক ১৫ লাখ টকা দাবী কৰিছিল। 
ব্যৱসায়ী ছাক্সেনাই কয় "মই আইনগতভাৱে উত্তম নগৰৰ ৰাজা পুৰীত এটা ঘৰ  নিৰ্মাণ কৰি আছো। কিন্তু চিয়াৰাম সিংহই মোৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল। যেতিয়া মই সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিছিলো, সিংহই মোক ধীৰাজ প্ৰধানৰ কাৰ্যালয়লৈ আহিবলৈ কৈছিল, য'ত তেওঁলোকে বিষয়টো আদালতৰ বাহিৰত নিষ্পত্তি কৰিবলৈ মোৰ পৰা ১৫ লাখ টকা দাবী কৰিছিল।’’

ছাক্সেনাই  লগতে কয় যে ৬ মাৰ্চত দ্বাৰকাৰ এগৰাকী  ন্যায়াধীশে স্থগিতাদেশ খাৰিজ কৰিতেওঁক ঘৰ নিৰ্মাণৰ  কৰিবলৈ নিৰ্দেশ দিছিল।

তেওঁ কয় "মই তেওঁলোকৰ সম্পত্তিৰ ক্ষতি কৰা নাছিলো। মই মাত্ৰ বিষয়টো সমাধান কৰিব বিচাৰিছিলো। মই বিজেপি নেতা জনক তেওঁৰ সম্পত্তি ক'ত ক্ষতিগ্ৰস্ত হৈছে দেখুৱাবলৈ কৈছিলো যাতে মই সেয়া  মেৰামতি কৰিব পাৰো, কিন্তু তেওঁ মোক ভাবুকি দিছিল," 

তেওঁ লগতে কয় যে ১১ মাৰ্চত যেতিয়া তেওঁ ঘৰৰ নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ কৰিছিল, তেতিয়া তেওঁক পুনৰ ১৫ লাখ টকা পৰিশোধ কৰিবলৈ , অন্যথা ভয়ানক পৰিণামৰ সন্মুখীন হ'বলৈ ভাবুকি দিয়া হৈছিল।

আৰক্ষীয়ে  এতিয়ালৈকে নেতা দুজনক   গ্ৰেপ্তাৰ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত