--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপ শাসিত দিল্লীত একাংশ বিজেপি নেতাই বহুতকে ধন দাবী কৰি অহাৰ অভিযোগ উঠি আহিছে। এনে অভিযোগৰ মাজতে দিল্লীত  দুজন বিজেপি নেতাৰ বিৰুদ্ধে ৰুজু হৈছে ধন দাবী কৰাৰ গোচৰ। গোচৰ ৰুজু হোৱা বিজেপি নেতা দুগৰাকী হৈছে ক্ৰমে  চিয়াৰাম সিংহলী আৰু ধীৰাজ প্ৰধান। তেওঁলোক দুয়োজনৰ বিৰুদ্ধে   এজন ব্যৱসায়ীয়ে  ১৫ লাখ টকা দাবী কৰাৰ অভিযোগত ধন দাবীৰ গোচৰ ৰুজু কৰিছে। 

এজাহাৰখন ২৯ মাৰ্চত দ্বাৰকা জিলাৰ ডাবৰি আৰক্ষী থানাত দাখিল কৰা হৈছিল। প্ৰধান বিজেপিৰ মেহৰৌলি জিলাৰ উপ-সভাপতি বুলি জানিব পৰা গৈছে। আনহাতে সিংহলী এজন স্থানীয় বিজেপি নেতা বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে।

ইষ্ট কিডৱাই নগৰৰ বাসিন্দা চমন প্ৰকাশ ছাক্সেনাই অভিযোগ  কৰিছে যে অভিযুক্ত বিজেপি নেতা দুজনে  তেওঁক ১৫ লাখ টকা দাবী কৰিছিল। 
ব্যৱসায়ী ছাক্সেনাই কয় "মই আইনগতভাৱে উত্তম নগৰৰ ৰাজা পুৰীত এটা ঘৰ  নিৰ্মাণ কৰি আছো। কিন্তু চিয়াৰাম সিংহই মোৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল। যেতিয়া মই সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিছিলো, সিংহই মোক ধীৰাজ প্ৰধানৰ কাৰ্যালয়লৈ আহিবলৈ কৈছিল, য'ত তেওঁলোকে বিষয়টো আদালতৰ বাহিৰত নিষ্পত্তি কৰিবলৈ মোৰ পৰা ১৫ লাখ টকা দাবী কৰিছিল।’’

ছাক্সেনাই  লগতে কয় যে ৬ মাৰ্চত দ্বাৰকাৰ এগৰাকী  ন্যায়াধীশে স্থগিতাদেশ খাৰিজ কৰিতেওঁক ঘৰ নিৰ্মাণৰ  কৰিবলৈ নিৰ্দেশ দিছিল।

তেওঁ কয় "মই তেওঁলোকৰ সম্পত্তিৰ ক্ষতি কৰা নাছিলো। মই মাত্ৰ বিষয়টো সমাধান কৰিব বিচাৰিছিলো। মই বিজেপি নেতা জনক তেওঁৰ সম্পত্তি ক'ত ক্ষতিগ্ৰস্ত হৈছে দেখুৱাবলৈ কৈছিলো যাতে মই সেয়া  মেৰামতি কৰিব পাৰো, কিন্তু তেওঁ মোক ভাবুকি দিছিল," 

তেওঁ লগতে কয় যে ১১ মাৰ্চত যেতিয়া তেওঁ ঘৰৰ নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ কৰিছিল, তেতিয়া তেওঁক পুনৰ ১৫ লাখ টকা পৰিশোধ কৰিবলৈ , অন্যথা ভয়ানক পৰিণামৰ সন্মুখীন হ'বলৈ ভাবুকি দিয়া হৈছিল।

আৰক্ষীয়ে  এতিয়ালৈকে নেতা দুজনক   গ্ৰেপ্তাৰ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?