--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰথমে ইডি আৰু শেহতীয়াকৈ চিবিআইয়ে গ্ৰেপ্তাৰ কৰা  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে যোৱা সপ্তাহত দিল্লী উচ্চ ন্যায়ালয়ে প্ৰদান কৰা জামিনত অন্তৱৰ্তীকালীন স্থগিতাদেশৰ বিৰুদ্ধে  উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদন বুধবাৰে উচ্চতম ন্যায়ালয়ে  প্ৰত্যাহাৰ কৰাৰ লগতে  দিল্লী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশক প্ৰত্যাহ্বান জনাই নতুনকৈ আবেদন কৰাৰ অনুমতি দিলে ন্যায়ালয়ে। 'আম আদমী পাৰ্টি'ৰ হৈ আদালতত হাজিৰ  থকা জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভীয়ে আবেদন  প্ৰত্যাহাৰৰ বাবে অনুৰোধ জনোৱাৰ পিছত ন্যায়াধীশ মনোজ মিশ্ৰ আৰু এছভিএন ভাট্টিৰ বিচাৰপীঠে এই আবেদন  গৃহীত কৰে। 

সিংভীয়ে  কয় যে ২০ জুনত বিচাৰ আদালতে গৃহীত কৰা জামিন আদেশৰ বিৰুদ্ধে ২১ জুনত দিল্লী উচ্চ ন্যায়ালয়ে সেই আদেশত অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰিছিল। এতিয়া ঘটনাৰ পৰৱৰ্তী উন্নয়ন ঘটিছে  আৰু কেজৰিৱালক দিল্লী আবকাৰী নীতিৰ গোচৰৰ সৈতে জড়িত কৰি  কেন্দ্ৰীয় তদন্ত ব্যুৰোৱে (চিবিআই) গ্ৰেপ্তাৰ কৰিছে। সেয়ে সকলো প্ৰক্ৰিয়া এতিয়া নতুনকৈ আৰম্ভ কৰিব লাগিব।  চিবিআইৰ গ্ৰেপ্তাৰৰ সৈতে জড়িত শেহতীয়া পৰিঘটনাৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘প্ৰতিদিনে আমাক বিভিন্ন  পৰিঘটনাই বেৰি ধৰিছে। ২০২২ চনত শেষবাৰৰ বাবে চিবিআইয়ে  কেজৰিৱালক  জেৰা কৰা গোচৰটোত এতিয়া  তেওঁক  গ্ৰেপ্তাৰ কৰা হৈছে।’ আদালতত ইডিৰ হৈ হাজিৰ থকা অতিৰিক্ত অধিবক্তা  জেনেৰেল (এ এছ জি) এছ ভি ৰাজুৱে আঙুলিয়াই দিয়ে যে আবেদনকাৰীয়ে ২৫ জুনৰ আদেশকহে প্ৰত্যাহ্বান জনাব পাৰে,  কাৰণ ২১ জুনৰ আদেশক প্ৰত্যাহ্বান জনোৱাটোৱে ২৫ জুনৰ আদেশক নুবুজায়। 

অৱশ্যে আবেদনখন প্ৰত্যাহাৰ কৰাত ৰাজুৱে কোনো আপত্তি নদৰ্শায় । ইয়াৰ পিছতে আবেদনখন প্ৰত্যাহাৰ কৰিবলৈ অনুমতি দিয়া হৈছে বুলি আদালতে কয়।  ফলত কেজৰিৱালে বৰ্তমানৰ আবেদনখনত সন্নিৱিষ্ট একেবোৰ প্ৰাৰ্থনা আওৰাই নতুনকৈ আবেদন দাখিল কৰিব লাগিব। উল্লেখ্য মঙলবাৰে বিয়লি দিল্লী উচ্চ ন্যায়ালয়ে সুৰা নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন নাকচ কৰিছিল।  উচ্চ ন্যায়ালয়ে যুক্তি দিছিল যে নিম্ন আদালত - অৰ্থাৎ দিল্লীৰ ৰাউজ এভিনিউ আদালতে - জামিন প্ৰদান কৰাৰ সময়ত "নিজৰ বিবেক-বুদ্ধি ব্যৱহাৰ কৰা নাছিল" আৰু সেই  ৰায়দান ভুল আছিল। উল্লেখ ইডিয়ে  মাৰ্চ মাহত সুৰা নীতিৰ গোচৰৰ সৈতে জড়িত আপ নেতাজনক গ্ৰেপ্তাৰ কৰিছিল। কেজৰিৱালক ৰাউজ এভিনিউ আদালতে জামিন দিছিল যদিও  কেজৰিৱালৰ মুক্তিৰ ওপৰত অন্তৱৰ্তীকালীন স্থগিতাদেশৰ নিৰ্দেশ দিছিল দিল্লী উচ্চ ন্যায়ালয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement