--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদত পেলেষ্টাইনৰ সপক্ষে  ধ্বনি দি বিপদত পৰিছে এ আই এম আই এমৰ মুৰব্বী আছাদুদ্দিন ৱেইছি। ৱেইছিৰ সাংসদ পদৰ পৰা বৰ্খাস্ত কৰাৰ দাবীত ৰাষ্ট্ৰপতিৰ ওচৰত আবেদন  দাখিল কৰা হৈছে। হৰিশংকৰ জৈন নামৰ এজন অধিবক্তাই সংবিধানৰ ১০২ আৰু ১০৩ নং অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ওচৰত ৱেইছিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে।

পঞ্চমবাৰৰ বাবে হায়দৰাবাদৰ পৰা সাংসদ নিৰ্বাচিত হোৱা ৱাইছিয়ে  মঙলবাৰে সংসদত  শপত গ্ৰহণৰ সময়ত বিজেপিৰ সাংসদসকলে ‘জয় শ্ৰী ৰাম’ ধ্বনিৰে সংসদ  উত্তাল কৰি তুলিছিল। এই শ্লোগানৰ পিছতে  ৱেইচিয়ে উৰ্দু ভাষাত শপত গ্ৰহণ কৰি ‘জয় ভীম, জয় মিম, জয় তেলেংগানা, জয় পেলেষ্টাইন’ ধ্বনি দিবলৈ আৰম্ভ কৰিছিল। ফলত বিষয়টোকলৈ  বিতৰ্কই চৰমসীমাত উপনীত হৈছিল।  মঙলবাৰে শ্লোগান বিতৰ্কৰ পিছত বুধবাৰে ৱেইছিক সাংসদ হিচাপে অযোগ্য ঘোষণা কৰিবলৈ ৰাষ্ট্ৰপতিৰ ওচৰত পোনপটীয়াকৈ আবেদন জনায় এজন অধিবক্তাই। আবেদনত  দাবী কৰা হৈছে যে অভিযুক্ত সাংসদগৰাকীয়ে দেশৰ সংসদত শপত গ্ৰহণ কৰি বিদেশী ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত সংবিধানৰ ১০২ আৰু ১০৩ নং অনুচ্ছেদ অনুসৰি আছাদুদ্দিন ৱেইছিক সংসদৰ সদস্য হিচাপে অযোগ্য ঘোষণা কৰা উচিত।

ইফালে শ্লোগান বিতৰ্ককলৈ  কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি সাংসদ জি কিষাণ ৰেড্ডীয়ে ৱেইছিৰ বিৰুদ্ধে সৰব হৈ পৰিছে। তেওঁ দাবী কৰে যে ৱেইছিৰ এই শ্লোগান সংবিধান বিৰুদ্ধ। তেওঁ কয়  "এফালে তেওঁ সংবিধানৰ নামত শপত লৈছে। আনহাতে, তেওঁ দিছে সংবিধান বিৰোধী শ্লোগান! ৱেইচিৰ প্ৰকৃত মুখ উন্মোচিত হৈছে। প্ৰতিদিনে দেশ আৰু সংবিধানৰ বিৰুদ্ধে তেওঁ ইছ্যু উত্থাপন কৰে।” ইফালে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱেও ৱেইছিৰ এনে কাৰ্যৰ বিৰোধিতা কৰিছে। ৰিজিজুৱে কয়  “আমি কোনো দেশৰ সমৰ্থক বা বিৰোধী নহয়। কিন্তু সদনত  আন কোনো দেশৰ নামত শ্লোগান দিয়াটো উচিত নহয়।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ