--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদত পেলেষ্টাইনৰ সপক্ষে  ধ্বনি দি বিপদত পৰিছে এ আই এম আই এমৰ মুৰব্বী আছাদুদ্দিন ৱেইছি। ৱেইছিৰ সাংসদ পদৰ পৰা বৰ্খাস্ত কৰাৰ দাবীত ৰাষ্ট্ৰপতিৰ ওচৰত আবেদন  দাখিল কৰা হৈছে। হৰিশংকৰ জৈন নামৰ এজন অধিবক্তাই সংবিধানৰ ১০২ আৰু ১০৩ নং অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ওচৰত ৱেইছিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে।

পঞ্চমবাৰৰ বাবে হায়দৰাবাদৰ পৰা সাংসদ নিৰ্বাচিত হোৱা ৱাইছিয়ে  মঙলবাৰে সংসদত  শপত গ্ৰহণৰ সময়ত বিজেপিৰ সাংসদসকলে ‘জয় শ্ৰী ৰাম’ ধ্বনিৰে সংসদ  উত্তাল কৰি তুলিছিল। এই শ্লোগানৰ পিছতে  ৱেইচিয়ে উৰ্দু ভাষাত শপত গ্ৰহণ কৰি ‘জয় ভীম, জয় মিম, জয় তেলেংগানা, জয় পেলেষ্টাইন’ ধ্বনি দিবলৈ আৰম্ভ কৰিছিল। ফলত বিষয়টোকলৈ  বিতৰ্কই চৰমসীমাত উপনীত হৈছিল।  মঙলবাৰে শ্লোগান বিতৰ্কৰ পিছত বুধবাৰে ৱেইছিক সাংসদ হিচাপে অযোগ্য ঘোষণা কৰিবলৈ ৰাষ্ট্ৰপতিৰ ওচৰত পোনপটীয়াকৈ আবেদন জনায় এজন অধিবক্তাই। আবেদনত  দাবী কৰা হৈছে যে অভিযুক্ত সাংসদগৰাকীয়ে দেশৰ সংসদত শপত গ্ৰহণ কৰি বিদেশী ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত সংবিধানৰ ১০২ আৰু ১০৩ নং অনুচ্ছেদ অনুসৰি আছাদুদ্দিন ৱেইছিক সংসদৰ সদস্য হিচাপে অযোগ্য ঘোষণা কৰা উচিত।

ইফালে শ্লোগান বিতৰ্ককলৈ  কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি সাংসদ জি কিষাণ ৰেড্ডীয়ে ৱেইছিৰ বিৰুদ্ধে সৰব হৈ পৰিছে। তেওঁ দাবী কৰে যে ৱেইছিৰ এই শ্লোগান সংবিধান বিৰুদ্ধ। তেওঁ কয়  "এফালে তেওঁ সংবিধানৰ নামত শপত লৈছে। আনহাতে, তেওঁ দিছে সংবিধান বিৰোধী শ্লোগান! ৱেইচিৰ প্ৰকৃত মুখ উন্মোচিত হৈছে। প্ৰতিদিনে দেশ আৰু সংবিধানৰ বিৰুদ্ধে তেওঁ ইছ্যু উত্থাপন কৰে।” ইফালে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱেও ৱেইছিৰ এনে কাৰ্যৰ বিৰোধিতা কৰিছে। ৰিজিজুৱে কয়  “আমি কোনো দেশৰ সমৰ্থক বা বিৰোধী নহয়। কিন্তু সদনত  আন কোনো দেশৰ নামত শ্লোগান দিয়াটো উচিত নহয়।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু