--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিগ বছৰৰ অংশগ্ৰহণকাৰী উৰ্ফি জাভেদৰ খং উঠিছে৷ শেহতীয়াকৈ মহাৰাষ্ট্ৰ বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী  চিত্ৰা কিশোৰ ৱাঘেই উৰ্ফি জাভেদৰ বিৰুদ্ধে  "অশ্লীলতা" বিয়পোৱাৰ অভিযোগ উত্থাপন কৰিছিল।এই কথাতে ক্ষুদ্ধ হৈ পৰিছে উৰ্ফি ৷ সেয়ে এতিয়া নিজৰ সন্মান ৰক্ষাৰ যুঁজত নামি পৰিছে অনৱৰতে অশ্লীল ভংগীত ছবি উঠা অভিনেত্ৰীগৰাকীয়ে৷ 


উৰ্ফি জাভেদে মহাৰাষ্ট্ৰৰ বিজেপি নেত্ৰী  চিত্ৰা কিশোৰ ৱাঘেৰ বিৰুদ্ধে পোনপটীয়া 'যুদ্ধ' ঘোষণা কৰি  চিত্ৰাৰ বিৰুদ্ধে অভিযোগ লৈ মহাৰাষ্ট্ৰ মহিলা আয়োগৰ কাষ চাপিল। আয়োগৰ অধ্যক্ষ ৰূপালী চকাংকৰক সাক্ষাৎ কৰাৰ পিছত উৰ্ফিয়ে দাবী কৰে যে চিত্ৰাৰ মন্তব্য তেওঁৰ সন্মান হানি হৈছে৷ বহুতে তেওঁক ছ’চিয়েল মিডিয়াত কটু সমালোচনা কৰিছে৷ 


শেহতীয়াকৈ চিত্ৰ বনাম উৰ্ফিৰ 'যুদ্ধ'ই ছচিয়েল মিডিয়া গৰম কৰি ৰাখিছে৷  বিজেপি নেত্ৰী  চিত্ৰাই আনকি উৰ্ফিৰ বিৰুদ্ধে "অশ্লীলতা" বিয়পোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁক গ্ৰেপ্তাৰৰো  দাবী জনাইছিল। অৱশ্যে উৰ্ফিয়ে 'গান্ধীগিৰি'ৰ পথতে আগুৱাই যাব বুলি কৈ   চিত্ৰাক উদ্দেশ্যি লিখিছিল 'আই লাভ ইউ'। কিন্তু এইবাৰ উৰ্ফি যেন খঙত পুনৰ ফাটি পৰিল৷  


অভিনেত্ৰীগৰাকীৰ  অধিবক্তা নীতিন সতপুতে দাবী কৰিছে, "চিত্ৰা ৱাঘেই উৰ্ফি জাভেদক ভাবুকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। যেতিয়া শাসকীয় দলৰ এগৰাকী নেত্ৰীয়ে  এনে  ভাবুকি প্ৰদান কৰে, ইয়াৰ অৰ্থ হৈছে যে ইয়াত চৰকাৰৰ সমৰ্থন আছে। এনে মন্তব্যই উৰ্ফিৰ ক্ষতি কৰিব পাৰে। আমি ৱাঘেৰ বিৰুদ্ধে মুম্বাই আৰক্ষীৰ কাষ চাপিম, যাতে তেওঁ উৰ্ফিৰ বিষয়ে ভৱিষ্যতে এনে মন্তব্য নকৰে। ''

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
যিসকলে দাঁতৰ যত্ন ল’ব নোৱাৰে, তেওঁলোকে সেনাৰ গুৰুত্বপূৰ্ণ অভিযানৰ দায়িত্ব কেনেকৈ ল’ব? দাঁত লেতেৰা বাবেই ব্ৰিটিছ সেনাই চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে ১৭০ জন জোৱানক
প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য ৰাজহুৱা কৰাত ন্যায়ালয়ৰ নিষেধাজ্ঞা
অৰুণাচলৰ দিৰাঙত ভূমিস্খলন, চাৰিদুৱাৰ-ভালুকপুং-টাৱাং সংযোগী পথ বন্ধ
চুলি পকিবলৈ ধৰিছে নেকি? ঘৰুৱা সামগ্ৰীৰেই ক'লা কৰক আপোনাৰ পকা চুলি
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস