--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী আৰক্ষীয়ে উত্তৰ-পূব দিল্লীৰ শাস্ত্ৰী পাৰ্ক অঞ্চলৰ দিল্লী চৰকাৰী বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত  'আই লাভ মনীষ চিছোদিয়া' বুলি এখন বেনাৰ অঁৰাকলৈ গোচৰ ৰুজু কৰিছে৷ শুকুৰবাৰে পুৱা বেনাৰখন লগোৱাৰ সময়ত স্থানীয় বাসিন্দাসকলে ইয়াৰ  প্ৰতিবাদ কৰিছিল৷  কিন্তু প্ৰতিবাদৰ পিছতো বেনাৰ খন লগোৱা হয়৷ ইয়াৰ পিছতে  স্থানীয় একাংশ লোকে বিষয়টোকলৈ  আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল৷ 

এলেকাটোৰ  স্থানীয় বাসিন্দা দিবাকৰ পাণ্ডেই  অৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ পিছত  দিল্লী আৰক্ষীয়ে শাস্ত্ৰী পাৰ্ক আৰক্ষী থানাত সম্পত্তি বিকৃতকৰণ  প্ৰতিৰোধ আইনৰ ধাৰা ৩ ৰ অধীনত এটা গোচৰ ৰুজু কৰিছে। বিদ্যালয় পৰিচালনা সমিতিৰ (এছএমচি) সমন্বয়ক গাজালাই বিদ্যালয়ৰ অধ্যক্ষৰ সৈতেও  এটা গোচৰ ৰুজু কৰিছে। 

স্কুলৰ প্ৰৱেশদ্বাৰত এনে ধৰণৰ বেনাৰ কিয় লগোৱা হ’ল তাকে লৈয়ো বহুতে প্ৰশ্ন কৰিছে।  দিবাকৰ পাণ্ডেয়ে কয়, "৩ মাৰ্চত পুৱা ৮-৮.৩০ বজাৰ ভিতৰত আম আদমী পাৰ্টিৰ (আপ) কিছু সংখ্যক কৰ্মীয়ে শাস্ত্ৰী পাৰ্কৰ চৰকাৰী বিদ্যালয়ৰ প্ৰৱেশদ্বাৰতে  এখন বেনাৰ লগাই আছিল। প্ৰথমে,তেওঁলোকে বিদ্যালয়ৰ পৰা এখন ডেস্ক উলিয়াইছিল।ডেস্ক খন বাহিৰলৈ আনি তাৰ ওপৰত উঠি তেওঁলোকে  'আই লাভ মনীষ চিছোদিয়া' বুলি লিখা থকা  বেনাৰ খন লগাইছিল,৷  মানুহে কথাটোত  আপত্তি জনাইছিল আৰু কৈছিল যে এয়া শিক্ষাৰ মন্দিৰ, ইয়াক ৰাজনীতিৰ পৰা আঁতৰাই ৰাখক।" 

আমি আনকি তেওঁলোকক সুধিছিলো যে তেওঁলোকৰ অনুমতি আছে নেকি? তেওঁলোকে বিধায়ক আব্দুল ৰেহমানৰ মানুহ বুলিহে কৈছিল৷   ইয়াৰ পিছত এজন ব্যক্তিয়ে বিধায়কজনৰ সৈতে যোগাযোগ কৰিছিল আৰু তেওঁক সুধিছিল যে তেওঁ অনুমতি দিছে নেকি আৰু বিধায়কজনে হয় বুলি উত্তৰ দিছিল। পাণ্ডেই লগতে কয় যে কেতিয়াও কোনো ৰাজনৈতিক লাভৰ বাবে বিদ্যালয় ব্যৱহাৰ কৰাৰ বাবে অনুমতি দিয়া ভাল কথা হ’ব নোৱাৰে।অৱশ্যে  মানুহে প্ৰতিবাদ কৰাৰ পিছত বেনাৰখন আঁতৰৰোৱা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক