--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী আৰক্ষীয়ে উত্তৰ-পূব দিল্লীৰ শাস্ত্ৰী পাৰ্ক অঞ্চলৰ দিল্লী চৰকাৰী বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত  'আই লাভ মনীষ চিছোদিয়া' বুলি এখন বেনাৰ অঁৰাকলৈ গোচৰ ৰুজু কৰিছে৷ শুকুৰবাৰে পুৱা বেনাৰখন লগোৱাৰ সময়ত স্থানীয় বাসিন্দাসকলে ইয়াৰ  প্ৰতিবাদ কৰিছিল৷  কিন্তু প্ৰতিবাদৰ পিছতো বেনাৰ খন লগোৱা হয়৷ ইয়াৰ পিছতে  স্থানীয় একাংশ লোকে বিষয়টোকলৈ  আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল৷ 

এলেকাটোৰ  স্থানীয় বাসিন্দা দিবাকৰ পাণ্ডেই  অৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ পিছত  দিল্লী আৰক্ষীয়ে শাস্ত্ৰী পাৰ্ক আৰক্ষী থানাত সম্পত্তি বিকৃতকৰণ  প্ৰতিৰোধ আইনৰ ধাৰা ৩ ৰ অধীনত এটা গোচৰ ৰুজু কৰিছে। বিদ্যালয় পৰিচালনা সমিতিৰ (এছএমচি) সমন্বয়ক গাজালাই বিদ্যালয়ৰ অধ্যক্ষৰ সৈতেও  এটা গোচৰ ৰুজু কৰিছে। 

স্কুলৰ প্ৰৱেশদ্বাৰত এনে ধৰণৰ বেনাৰ কিয় লগোৱা হ’ল তাকে লৈয়ো বহুতে প্ৰশ্ন কৰিছে।  দিবাকৰ পাণ্ডেয়ে কয়, "৩ মাৰ্চত পুৱা ৮-৮.৩০ বজাৰ ভিতৰত আম আদমী পাৰ্টিৰ (আপ) কিছু সংখ্যক কৰ্মীয়ে শাস্ত্ৰী পাৰ্কৰ চৰকাৰী বিদ্যালয়ৰ প্ৰৱেশদ্বাৰতে  এখন বেনাৰ লগাই আছিল। প্ৰথমে,তেওঁলোকে বিদ্যালয়ৰ পৰা এখন ডেস্ক উলিয়াইছিল।ডেস্ক খন বাহিৰলৈ আনি তাৰ ওপৰত উঠি তেওঁলোকে  'আই লাভ মনীষ চিছোদিয়া' বুলি লিখা থকা  বেনাৰ খন লগাইছিল,৷  মানুহে কথাটোত  আপত্তি জনাইছিল আৰু কৈছিল যে এয়া শিক্ষাৰ মন্দিৰ, ইয়াক ৰাজনীতিৰ পৰা আঁতৰাই ৰাখক।" 

আমি আনকি তেওঁলোকক সুধিছিলো যে তেওঁলোকৰ অনুমতি আছে নেকি? তেওঁলোকে বিধায়ক আব্দুল ৰেহমানৰ মানুহ বুলিহে কৈছিল৷   ইয়াৰ পিছত এজন ব্যক্তিয়ে বিধায়কজনৰ সৈতে যোগাযোগ কৰিছিল আৰু তেওঁক সুধিছিল যে তেওঁ অনুমতি দিছে নেকি আৰু বিধায়কজনে হয় বুলি উত্তৰ দিছিল। পাণ্ডেই লগতে কয় যে কেতিয়াও কোনো ৰাজনৈতিক লাভৰ বাবে বিদ্যালয় ব্যৱহাৰ কৰাৰ বাবে অনুমতি দিয়া ভাল কথা হ’ব নোৱাৰে।অৱশ্যে  মানুহে প্ৰতিবাদ কৰাৰ পিছত বেনাৰখন আঁতৰৰোৱা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু