--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এতিয়া জ্বৰ, কাহ,  চৰ্দিৰ বতৰ৷ বতৰৰ পৰিৱৰ্তনৰ লগে লগে দেশৰ কোটি কোটি লোক জ্বৰ, কাহ,  চৰ্দিত আক্ৰান্ত হৈছে৷ জ্বৰ, কাহ,  চৰ্দিত আক্ৰান্ত হ’লেই বহুতে ফাৰ্মাচীৰ পৰা চিধাই এণ্টিবায়’টিক আনি খায়৷ বহু চিকিৎসকেও ৰোগী এণ্টিবায়’টিকেই  দিয়ে৷ কিন্তু সাধাৰণ জ্বৰ, কাহ,  চৰ্দি হ’লেই এণ্টিবায়’টিক নাখাবলৈ পৰামৰ্শ দিছে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে (আইএমএ)৷


ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে (আইএমএ)ভাৰতৰ প্ৰতিগৰাকী চিকিৎসকক ঋতুগত জ্বৰ, চৰ্দি, কাহ আদিত আক্ৰান্ত  ৰোগীৰ প্ৰেছক্ৰিপশ্বনত এণ্টিবায়টিক নিদিবলৈ পৰামৰ্শ দিয়া দিছে৷ ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে (আইএমএ) সংস্থাটোৰ  সামাজিক মাধ্যমৰ মঞ্চত এনে পৰামৰ্শ সন্নিবিষ্ট  এখন জাননী প্ৰকাশ কৰিছে। উল্লেখ্য যোৱা কেইদিনমানত, ভাৰতত ঋতুগত জ্বৰ আৰু চৰ্দি-সম্পৰ্কীয় ইনফ্লুৱেঞ্জা ভাইৰাছত ভুগি থকা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে।

আই.এম.এ.-ৰ এণ্টি-মাইক্ৰ'বিয়েল ৰেজিষ্টেন্স কমিটিয়ে জাৰি কৰা জাননী অনুসৰি ঋতুগত জ্বৰ পাঁচৰ পৰা সাত দিন ধৰি থাকে । জ্বৰ তিনি দিনৰ পিছত নাইকিয়া হয়, কিন্তু চৰ্দি আৰু কাহ তিনি সপ্তাহলৈকে থাকিব পাৰে। আইএমএৰ সমিতিত ভাৰতৰ বহু বিশেষজ্ঞ চিকিৎসক আছে।৫০ বছৰৰ অধিক বয়সৰ আৰু ১৫ বছৰৰ তলৰ লোকসকলে ভাৰতত জ্বৰৰ লগতে শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ সন্মুখীন হোৱা বুলি সংস্থাটোৱে কয়। জাননী খনত চিকিৎসকসকলক এণ্টিবায়টিক পৰিহাৰ কৰিবলৈ কোৱা হৈছে, কেৱল লক্ষণমূলক চিকিৎসা কৰিবলৈহে কোৱা হৈছে। 

উল্লেখ্য যধে মধে এণ্টিবায়’টিক খোৱাৰ ফলত আমাৰ দেহৰ বহু  ক্ষতি হ’ব পাৰে৷  তদুপৰি ভাইৰেল সংক্ৰমণৰ ক্ষেত্ৰত এণ্টিবায়টিকে  কোনো কাম নকৰে, এনে ক্ষেত্ৰত কিছুমান এণ্টিভাইৰেল ঔষধহে চিকিৎসকে দিয়ে। একেদৰে ভেঁকুৰৰ সংক্ৰমণৰ ক্ষেত্ৰতো সাধাৰণ এণ্টিবায়টিকে কাম নকৰে। এই ক্ষেত্ৰত আন বিশেষ  প্ৰকাৰৰ এণ্টিবায়টিক দিবলগীয়া হয়। চিকিৎসকেহে  ক'ব পাৰে কেনে ক্ষেত্ৰ কি এণ্টিবায়’টিক ব্যৱহাৰ কৰিব লাগে৷ সকলো বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবে এণ্টিবায়টিকৰ প্ৰয়োজন নহয়। যদি আপোনাৰ জ্বৰ হয় তেন্তে এণ্টিবায়টিক গ্ৰহণ কৰাটো সঠিক নহয় ৷
শেহতীয়াকৈ, দেখা গৈছে যে বহুলোকৰ ডেংগু হোৱাৰ পিছত তেওঁলোকে এণ্টিবায়টিক সেৱন কৰি জ্বৰ হ্ৰাস কৰিবলৈ চেষ্টা কৰে৷ কিন্তু এণ্টিবায়টিকে ডেংগুৰ ক্ষেত্ৰত কোনো  এইক্ষেত্ৰত আন পদ্ধতিৰ  চিকিৎসাৰহে প্ৰয়োজন হয়৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক