--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এতিয়া জ্বৰ, কাহ,  চৰ্দিৰ বতৰ৷ বতৰৰ পৰিৱৰ্তনৰ লগে লগে দেশৰ কোটি কোটি লোক জ্বৰ, কাহ,  চৰ্দিত আক্ৰান্ত হৈছে৷ জ্বৰ, কাহ,  চৰ্দিত আক্ৰান্ত হ’লেই বহুতে ফাৰ্মাচীৰ পৰা চিধাই এণ্টিবায়’টিক আনি খায়৷ বহু চিকিৎসকেও ৰোগী এণ্টিবায়’টিকেই  দিয়ে৷ কিন্তু সাধাৰণ জ্বৰ, কাহ,  চৰ্দি হ’লেই এণ্টিবায়’টিক নাখাবলৈ পৰামৰ্শ দিছে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে (আইএমএ)৷


ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে (আইএমএ)ভাৰতৰ প্ৰতিগৰাকী চিকিৎসকক ঋতুগত জ্বৰ, চৰ্দি, কাহ আদিত আক্ৰান্ত  ৰোগীৰ প্ৰেছক্ৰিপশ্বনত এণ্টিবায়টিক নিদিবলৈ পৰামৰ্শ দিয়া দিছে৷ ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে (আইএমএ) সংস্থাটোৰ  সামাজিক মাধ্যমৰ মঞ্চত এনে পৰামৰ্শ সন্নিবিষ্ট  এখন জাননী প্ৰকাশ কৰিছে। উল্লেখ্য যোৱা কেইদিনমানত, ভাৰতত ঋতুগত জ্বৰ আৰু চৰ্দি-সম্পৰ্কীয় ইনফ্লুৱেঞ্জা ভাইৰাছত ভুগি থকা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে।

আই.এম.এ.-ৰ এণ্টি-মাইক্ৰ'বিয়েল ৰেজিষ্টেন্স কমিটিয়ে জাৰি কৰা জাননী অনুসৰি ঋতুগত জ্বৰ পাঁচৰ পৰা সাত দিন ধৰি থাকে । জ্বৰ তিনি দিনৰ পিছত নাইকিয়া হয়, কিন্তু চৰ্দি আৰু কাহ তিনি সপ্তাহলৈকে থাকিব পাৰে। আইএমএৰ সমিতিত ভাৰতৰ বহু বিশেষজ্ঞ চিকিৎসক আছে।৫০ বছৰৰ অধিক বয়সৰ আৰু ১৫ বছৰৰ তলৰ লোকসকলে ভাৰতত জ্বৰৰ লগতে শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ সন্মুখীন হোৱা বুলি সংস্থাটোৱে কয়। জাননী খনত চিকিৎসকসকলক এণ্টিবায়টিক পৰিহাৰ কৰিবলৈ কোৱা হৈছে, কেৱল লক্ষণমূলক চিকিৎসা কৰিবলৈহে কোৱা হৈছে। 

উল্লেখ্য যধে মধে এণ্টিবায়’টিক খোৱাৰ ফলত আমাৰ দেহৰ বহু  ক্ষতি হ’ব পাৰে৷  তদুপৰি ভাইৰেল সংক্ৰমণৰ ক্ষেত্ৰত এণ্টিবায়টিকে  কোনো কাম নকৰে, এনে ক্ষেত্ৰত কিছুমান এণ্টিভাইৰেল ঔষধহে চিকিৎসকে দিয়ে। একেদৰে ভেঁকুৰৰ সংক্ৰমণৰ ক্ষেত্ৰতো সাধাৰণ এণ্টিবায়টিকে কাম নকৰে। এই ক্ষেত্ৰত আন বিশেষ  প্ৰকাৰৰ এণ্টিবায়টিক দিবলগীয়া হয়। চিকিৎসকেহে  ক'ব পাৰে কেনে ক্ষেত্ৰ কি এণ্টিবায়’টিক ব্যৱহাৰ কৰিব লাগে৷ সকলো বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবে এণ্টিবায়টিকৰ প্ৰয়োজন নহয়। যদি আপোনাৰ জ্বৰ হয় তেন্তে এণ্টিবায়টিক গ্ৰহণ কৰাটো সঠিক নহয় ৷
শেহতীয়াকৈ, দেখা গৈছে যে বহুলোকৰ ডেংগু হোৱাৰ পিছত তেওঁলোকে এণ্টিবায়টিক সেৱন কৰি জ্বৰ হ্ৰাস কৰিবলৈ চেষ্টা কৰে৷ কিন্তু এণ্টিবায়টিকে ডেংগুৰ ক্ষেত্ৰত কোনো  এইক্ষেত্ৰত আন পদ্ধতিৰ  চিকিৎসাৰহে প্ৰয়োজন হয়৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু