--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অষ্ট্ৰেলিয়াত উত্থান ঘটিছে খালিস্তানীৰ৷ হিন্দু মন্দিৰত চলিছে ধ্বংসলীলা৷ শনিবাৰে ব্ৰিছবেনৰ শ্ৰী লক্ষ্মী নাৰায়ণ মন্দিৰৰ দেৱালসমূহ খালিস্তানপন্থী সমৰ্থকসকলে হিন্দু বিৰোধী মন্তব্যৰে পৰিপূৰ্ণ কৰি তোলে।

মন্দিৰৰ সভাপতি সতীন্দৰ শুক্লাই সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কয়, মন্দিৰৰ পুৰোহিত আৰু ভক্তসকলে আজি পুৱা ফোন কৰিছিল আৰু আমাৰ মন্দিৰৰ সীমাৰ দেৱালত এনে হোৱাৰ বিষয়ে মোক অৱগত কৰিছিল।

হিন্দু মানৱ অধিকাৰৰ সঞ্চালক ছাৰাহ গেটছে এই শেহতীয়া অপৰাধটো বিশ্বব্যাপী শিখফছ ফৰ জাষ্টিছ (এছএফজে)ৰ এনে এক আৰ্হি বুলি অভিহিত কৰে, য’ত স্পষ্টভাৱে অষ্ট্ৰেলিয়াৰ হিন্দুসকলক সন্ত্ৰাসিত কৰাৰ চেষ্টা কৰি আছে, যাৰ বাবে এনে ঘটনাই প্ৰচাৰ, অবৈধ চিহ্ন আৰু চাইবাৰ উৎপীড়নৰ সৈতে,  সৰ্বব্যাপী ভাবুকি আৰু ভয় উপস্থাপন কৰিব বিচাৰে। স্মতৰ্ব্য যে চলিত বৰ্ষৰ জানুৱাৰীতো অষ্ট্ৰেলিয়াৰ কেৰাম ডাউনৰ শ্ৰী শিৱ বিষ্ণু মন্দিৰ ভাঙি পেলোৱা হৈছিল। অষ্ট্ৰেলিয়া ট্যুডে’ৰ বাতৰি অনুসৰি অষ্ট্ৰেলিয়াৰ তামিল হিন্দু সম্প্ৰদায়ৰ দ্বাৰা উদযাপন কৰা তিনিদিনীয়া ‘থাই পোংগল’ উৎসৱৰ মাজত মন্দিৰৰ ভক্তসকলে 'দৰ্শন'ৰ বাবে অহাৰ পাছত ১৬ জানুৱাৰীত এই ঘটনাটো লক্ষ্য কৰা হৈছিল।

২০২৩ চনৰ ১৫ জানুৱাৰীৰ সন্ধিয়া খালিস্তানৰ সমৰ্থকসকলে মেলবৰ্ণত এখন গাড়ী ৰেলীৰ জৰিয়তে তেওঁলোকৰ গণভোটৰ প্ৰতি সমৰ্থন আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল। অৱশ্যে, তেওঁলোক শোচনীয়ভাৱে বিফল হৈছিল কিয়নো প্ৰায় ৬০০০০জন লোক বাস কৰা মেলবৰ্ণ সম্প্ৰদায়ৰ পৰা দুশৰো কম লোকহে একত্ৰিত হৈছিল৷ উপৰোক্ত ঘটনাটোৰ এসপ্তাহ পূৰ্বে জানুৱাৰীৰ ১২ তাৰিখে, অষ্ট্ৰেলিয়াৰ মিল পাৰ্কৰ বিএপিএছ স্বামীনাৰায়ণ মন্দিৰত ভাৰত বিৰোধী আৰু হিন্দু বিৰোধী মন্তব্য লেপন কৰা হৈছিল। দ্য অষ্ট্ৰেলিয়া টুডেৰ বাতৰি অনুসৰি, মন্দিৰটো ভাৰত বিৰোধী উপাদান আৰু ভাৰত বিৰোধী শ্ল'গানেৰে ভৰ্তি কৰা হৈছিল, যিটো মিল পাৰ্কৰ উপনগৰত অৱস্থিত মন্দিৰৰ দেৱালত লিখা আছিল। পেটেল নামৰ এজন দৰ্শকে কৈছিল যে কেনেকৈ তেওঁ সেই স্থান পৰিদৰ্শন কৰাৰ সময়ত মন্দিৰৰ শ্ল’গান লিখা দেৱালবোৰ প্ৰত্যক্ষ কৰিছিল। মেলবৰ্ণৰ ইণ্টাৰনেচনেল চছাইটি ফৰ কৃষ্ণ চেতনা (ইস্কন) মন্দিৰক কৃষ্ণ মন্দিৰ বুলিও জনা যায়, সেই মন্দিৰৰ দেৱালবোৰ ভাৰত বিৰোধী শ্ল’গানেৰে ভৰ্তি কৰা দেখা গৈছিল। স্থানীয় বাতৰি প্ৰতিবেদন অনুসৰি ভিক্ট'ৰিয়ান বহুধৰ্মী নেতাসকলে ভিক্ট'ৰিয়ান মাল্টিকালচাৰেল কমিছনৰ সৈতে এক জৰুৰী বৈঠক অনুষ্ঠিত কৰাৰ দুদিন পিছত ইস্কন মন্দিৰত আক্ৰমণটো সংঘটিত হৈছিল। 

ভিক্ট'ৰিয়ান মাল্টিকালচাৰেল কমিছনে ইতিমধ্যে মিল পাৰ্ক আৰু কেৰাম ডাউনছত হিন্দু মন্দিৰত হোৱা  গৰিহণা দি এটা বিবৃতি জাৰি কৰিছে৷ পৰৱৰ্তী সময়ত, ভাৰত চৰকাৰে অষ্ট্ৰেলিয়াত হিন্দু মন্দিৰত হোৱা ঘটনাৰ গৰিহণা দিছিল আৰু কৈছিল যে বিষয়টো কেনবৰাত অষ্ট্ৰেলিয়া চৰকাৰৰ ওচৰত উত্থাপন কৰা হৈছে আৰু অপৰাধীসকলৰ বিৰুদ্ধে দ্ৰুত তদন্ত কৰাৰ বাবে কোৱা হৈছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে আশ্বাস দিছিল, "অষ্ট্ৰেলিয়াত থকা আমাৰ প্ৰতিনিধিয়ে বিষয়টো স্থানীয় আৰক্ষীৰ ওচৰলৈ লৈ গৈছে। আমি অপৰাধীসকলৰ বিৰুদ্ধে দ্ৰুত তদন্ত ব্যৱস্থা গ্ৰহণ আৰু অৱশ্যে ভৱিষ্যতে এনে ঘটনা প্ৰতিৰোধ ৰখাৰ বাবে ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছো। বিষয়টো অষ্ট্ৰেলিয়া চৰকাৰৰ ওচৰত কেনবৰা আৰু নতুন দিল্লী দুয়োটাতে গ্ৰহণ কৰা হৈছে। আৰু আমি অনুৰোধ কৰা পদক্ষেপৰ বাবে আমি অপেক্ষা কৰি আছোঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু