--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজনৈতিক অস্থিৰতাই বিৰাজ কৰিব দিল্লীত৷ বিহাৰৰ পিছত বিজেপিয়ে 'অপাৰেচন লোটাছ'ৰ আৰম্ভ কৰিব দিল্লীত ? এই অভিযোগ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ নেতা অৰবিন্দ কেজৰিৱালৰ৷ কেজৰিৱালৰ মতে বিজেপিয়ে দিল্লীত আম আদমী পাৰ্টিৰ চৰকাৰক উৎখাত কৰাৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে। গেৰুৱা দলটোৱে আপৰ বিধায়কসকলক তেওঁলোকৰ শিবিৰ সলনি কৰিবলৈ বৃহৎ পৰিমাণৰ ধন আগবঢ়াইছে। দিল্লীৰ মুখ্যমন্ত্ৰী আৰু আপৰ  নেতা অৰবিন্দ কেজৰিৱালেও এনে ধৰণেই অভিযোগ উত্থাপন কৰিছে। 

প্ৰৱৰ্তন সঞ্চালকালয়ে আবকাৰী কেলেংকাৰীৰ সন্দৰ্ভত কেজৰিৱালক কেইবাবাৰো চমন জাৰি কৰিছে। কিন্তু কেজৰিৱালে  প্ৰতিবাৰেই ইডি কাৰ্যালয়ৰ সন্মুখত উপস্থিত হোৱাটো এৰাই চলিছে। বিজেপিয়ে দল সলনি কৰিবলৈ আপৰ বিধায়কসকলক ২৫ কোটি টকাৰ টোপ দিবলৈ ইডিৰ  বিষয়টো ব্যৱহাৰ কৰিছে বুলি কেজৰিৱালে অভিযোগ কৰিছে। এক সাক্ষাৎকাৰত কেজৰিৱালে কয়, "শেহতীয়াকৈ বিজেপিয়ে আমাৰ ৭ জন বিধায়কক  সাক্ষাৎ কৰিছে । এইবুলি প্ৰচাৰ চলোৱা হৈছে  যে কেজৰিৱালক কেইদিনমানৰ ভিতৰতে গ্ৰেপ্তাৰ কৰা হ'ব। তাৰ পিছতে দিল্লীৰ আপ চৰকাৰখন উৎখাত কৰা হ'ব। সেয়ে কোনোবাই বিচাৰিলে বিজেপিত যোগদান কৰিব বুলি কৈ বিজেপিয়ে দলৰ  টিকটত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ ২৫ কোটি টকা দিব বুলি কৈছে।’’ বিজেপিয়ে ২১ জন আপ বিধায়কৰ সৈতে যোগাযোগ কৰা বুলি দাবী কৰিছে কেজৰিৱালে।


কেজৰিৱালে লগতে কয় যে এইবাৰো বিজেপিৰ  অভিপ্ৰায় সফল নহ'ব।আপ নেতা আতিশী মাৰ্লেনাইও বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে। তেওঁ অভিযোগ কৰিছে  যে দলটোৱে দিল্লীত ৰাজনৈতিক অস্থিৰতা সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে।তেওঁ কয়  "এজন বিজেপি নেতা আৰু এজন আপ বিধায়কৰ মাজত কথোপকথন ৰেকৰ্ড কৰা হৈছে। 
ইফালে বিজেপিয়ে কেজৰিৱাল আৰু আপে উত্থাপন কৰা সকলো অভিযোগ অস্বীকাৰ কৰিছে। বিজেপি নেতা কপিল মিশ্ৰই কয়, "কেজৰিৱালে মিছা কৈছে । তেওঁ কোনে তেওঁলোকৰ সৈতে যোগাযোগ কৰিছিল সেয়া প্ৰকাশ কৰা নাই। তেওঁ মাত্ৰ নিজৰ বিবৃতি দিছে। তেওঁ বাকী সকলো লুকুৱাই ৰাখিছে। তেওঁৰ সহযোগীসকল এতিয়া কাৰাগাৰত আছে। তেওঁ নিজেই বাৰে বাৰে ইডিৰ চমন এৰাই চলিছে। তেওঁ জানে যে ইডিৰ প্ৰশ্নবোৰৰ কোনো উত্তৰ তেওঁৰ ওচৰত নাই। "   


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement