--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন চোৰক। আৰক্ষীয়ে চোৰৰ বিশাল সম্পত্তিৰ কথা জানি হতবাক হৈ পৰিল। যোৱা মাহত দিল্লীৰ মডেল টাউন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এজন ‘কোটিপতি’ চোৰক।

আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্তৰ নাম মনোজ চাউবে। কোটি কোটি টকাৰ মালিক। নেপালতো তেওঁৰ নামত চুৰিৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে জনোৱা মতে, কেৱল দিল্লীতে তেওঁ ২০০ৰো অধিক চুৰি কৰিছে।

মনোজৰ নিজৰ ঘৰতে চুৰি কৰাৰ অভিযোগো উত্থাপন হৈছে। চুৰিৰ অপৰাধত ৯ বাৰ গ্ৰেপ্তাৰ হৈছে মনোজ। কিন্তু গ্ৰেপ্তাৰৰ পিছত প্ৰতিবাৰেই তেওঁ আৰক্ষীক ভুৱা পৰিচয় দিছিল বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।

আৰক্ষীৰ মতে, মনোজে চুৰি হোৱা ধনেৰে উত্তৰ প্ৰদেশত পত্নীৰ নামত অতিথিশালা আৰু নেপালত নিজৰ নামত হোটেল খুলিছিল। লগতে লক্ষ্ণৌ আৰু দিল্লীতো নিৰ্মাণ কৰিলে বিলাসী ঘৰ। ২০০১ চনৰ পৰা ২০২৩ চনলৈকে তেওঁৰ নামত ১৫টাতকৈও অধিক অপৰাধমূলক গোচৰ ৰুজু হৈছে।

দিল্লী আৰক্ষীয়ে জনোৱা মতে, মনোজে বিগত ২৫ বছৰে পৰিয়ালৰ পৰা আত্মগোপন কৰি বিলাসী জীৱন যাপন কৰি আছিল৷ আৰক্ষীৰ তথ্য অনুসৰি ৪৮ বছৰীয়া মনোজৰ ঘৰ উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থনগৰত। ১৯৯৭ চনত তেওঁ দিল্লীলৈ গুচি যায়। কীৰ্তিয়ে নগৰ থানা এলেকাৰ এখন কেন্টিনত চাকৰি পালে। পিছত সেই কেণ্টিনত চুৰি কৰাৰ অভিযোগত তেওঁক জেললৈ প্ৰেৰণ কৰা হয়

আৰক্ষীৰ সূত্ৰ অনুসৰি মনোজে জেলৰ পৰা মুক্তি পোৱাৰ পিছত দিল্লীৰ তলাবন্ধ বিলাসী ঘৰৰ পৰা চুৰি কৰিবলৈ আৰম্ভ কৰে। কিন্তু তেওঁৰ পৰিয়ালে গম পোৱা নাছিল মনোজে কি কৰে। তেওঁ ঘৰত কয় যে তেওঁ দিল্লীৰ এখন গাড়ী পাৰ্কত কাম কৰে।

আৰক্ষীৰ মতে, উত্তৰ প্ৰদেশৰ জলসিঞ্চন বিভাগত কৰ্মৰত চৰকাৰী বিষয়াৰ সৈতেও তেওঁৰ বিবাহ হৈছিল। কিন্তু তেওঁৰ পত্নীয়েও গম পোৱা নাছিল যে তেওঁৰ স্বামীয়ে প্ৰকৃততে কি কৰে।

আৰক্ষীৰ মতে, মনোজে আগতে হোটেল আৰু গেষ্ট হাউচৰ পৰা লাখ লাখ টকা উপাৰ্জন কৰিছিল। অৱশ্যে সুযোগ পালেই দিল্লীলৈ আহি চুৰি কৰিবলৈ আহিছিল। শেহতীয়াকৈ সংঘটিত চুৰি কাণ্ডত চিচিটিভি কেমেৰাত ধৰা পৰে মনোজৰ মুখ। তেতিয়াৰ পৰাই আৰক্ষীয়ে তেওঁক বিচাৰি ফুৰিছিল। ইয়াৰ পিছত যোৱা মাহৰ ১০ তাৰিখে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস