--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন চোৰক। আৰক্ষীয়ে চোৰৰ বিশাল সম্পত্তিৰ কথা জানি হতবাক হৈ পৰিল। যোৱা মাহত দিল্লীৰ মডেল টাউন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এজন ‘কোটিপতি’ চোৰক।

আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্তৰ নাম মনোজ চাউবে। কোটি কোটি টকাৰ মালিক। নেপালতো তেওঁৰ নামত চুৰিৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে জনোৱা মতে, কেৱল দিল্লীতে তেওঁ ২০০ৰো অধিক চুৰি কৰিছে।

মনোজৰ নিজৰ ঘৰতে চুৰি কৰাৰ অভিযোগো উত্থাপন হৈছে। চুৰিৰ অপৰাধত ৯ বাৰ গ্ৰেপ্তাৰ হৈছে মনোজ। কিন্তু গ্ৰেপ্তাৰৰ পিছত প্ৰতিবাৰেই তেওঁ আৰক্ষীক ভুৱা পৰিচয় দিছিল বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।

আৰক্ষীৰ মতে, মনোজে চুৰি হোৱা ধনেৰে উত্তৰ প্ৰদেশত পত্নীৰ নামত অতিথিশালা আৰু নেপালত নিজৰ নামত হোটেল খুলিছিল। লগতে লক্ষ্ণৌ আৰু দিল্লীতো নিৰ্মাণ কৰিলে বিলাসী ঘৰ। ২০০১ চনৰ পৰা ২০২৩ চনলৈকে তেওঁৰ নামত ১৫টাতকৈও অধিক অপৰাধমূলক গোচৰ ৰুজু হৈছে।

দিল্লী আৰক্ষীয়ে জনোৱা মতে, মনোজে বিগত ২৫ বছৰে পৰিয়ালৰ পৰা আত্মগোপন কৰি বিলাসী জীৱন যাপন কৰি আছিল৷ আৰক্ষীৰ তথ্য অনুসৰি ৪৮ বছৰীয়া মনোজৰ ঘৰ উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থনগৰত। ১৯৯৭ চনত তেওঁ দিল্লীলৈ গুচি যায়। কীৰ্তিয়ে নগৰ থানা এলেকাৰ এখন কেন্টিনত চাকৰি পালে। পিছত সেই কেণ্টিনত চুৰি কৰাৰ অভিযোগত তেওঁক জেললৈ প্ৰেৰণ কৰা হয়

আৰক্ষীৰ সূত্ৰ অনুসৰি মনোজে জেলৰ পৰা মুক্তি পোৱাৰ পিছত দিল্লীৰ তলাবন্ধ বিলাসী ঘৰৰ পৰা চুৰি কৰিবলৈ আৰম্ভ কৰে। কিন্তু তেওঁৰ পৰিয়ালে গম পোৱা নাছিল মনোজে কি কৰে। তেওঁ ঘৰত কয় যে তেওঁ দিল্লীৰ এখন গাড়ী পাৰ্কত কাম কৰে।

আৰক্ষীৰ মতে, উত্তৰ প্ৰদেশৰ জলসিঞ্চন বিভাগত কৰ্মৰত চৰকাৰী বিষয়াৰ সৈতেও তেওঁৰ বিবাহ হৈছিল। কিন্তু তেওঁৰ পত্নীয়েও গম পোৱা নাছিল যে তেওঁৰ স্বামীয়ে প্ৰকৃততে কি কৰে।

আৰক্ষীৰ মতে, মনোজে আগতে হোটেল আৰু গেষ্ট হাউচৰ পৰা লাখ লাখ টকা উপাৰ্জন কৰিছিল। অৱশ্যে সুযোগ পালেই দিল্লীলৈ আহি চুৰি কৰিবলৈ আহিছিল। শেহতীয়াকৈ সংঘটিত চুৰি কাণ্ডত চিচিটিভি কেমেৰাত ধৰা পৰে মনোজৰ মুখ। তেতিয়াৰ পৰাই আৰক্ষীয়ে তেওঁক বিচাৰি ফুৰিছিল। ইয়াৰ পিছত যোৱা মাহৰ ১০ তাৰিখে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী