--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ দিল্লী আৰক্ষীৰ জিম্মাত কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আইছিছৰ সদস্য৷ পলাতক হৈ থকা আইছিছৰ অন্যতম মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী শ্বাহনৱাজক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে। পুনে আৰক্ষীৰ জিম্মাত পলায়ন কৰি দিল্লীত বাস কৰিছিল। উল্লেখ্য যে শ্বাহনৱাজৰ  ওপৰত ৩ লাখ টকাৰ পুৰস্কাৰ আছিল। শ্বাহনাৱাজৰ বিৰুদ্ধে আইছিছ মডিউলৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগো উত্থাপিত হৈছে৷

সোমবাৰে (২ অক্টোবৰ) সংবাদমেলত বিষয়াসকলে কয় যে দিল্লী আৰক্ষীয়ে এন আই এৰ অন্যতম মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী শ্বাহনৱাজক গ্ৰেপ্তাৰ কৰিছে। তেওঁৰ লগতে মহম্মদ আৰ্ছাদ ৱাৰ্ছী আৰু ৰিজৱান নামৰ সন্দেহযুক্ত লোককো গ্ৰেপ্তাৰ কৰা হৈছে।

বিষয়াসকলে জনোৱা মতে, তেওঁলোকৰ পৰা বোমা নিৰ্মাণৰ নলী, ৰাসায়নিক পদাৰ্থ আৰু প্লাষ্টিকও উদ্ধাৰ কৰা হৈছে। ইয়াৰ উপৰিও তেওঁলোকৰ পৰা পিষ্টল আৰু কাৰ্টিজো উদ্ধাৰ কৰা হৈছে। কেৱল এয়াই নহয়, তেওঁলোকৰ পৰা বোমা নিৰ্মাণৰ নথিও উদ্ধাৰ হৈছে। ইয়াত ৰাসায়নিক পদাৰ্থ কেনেকৈ ক্ৰয় কৰিব পাৰি? বোমা কেনেকৈ বনাব? এইবিষয়ে উল্লেখ আছে৷

আৰক্ষীয়ে জনোৱা মতে, শ্বাহনৱাজ পেছাত এজন অভিযন্তা। তেওঁৰ ঘৰ ঝাৰখণ্ডৰ হাজৰিবাগ। তেওঁ বি.টেক অধ্যয়ন কৰিছে। তেওঁৰ খননৰ সম্পূৰ্ণ জ্ঞান আছে। একে সময়তে আৰশ্বাদ ৱাৰ্ছীয়েও বি টেক আৰু তাৰ পাছত পি এইচ ডি কৰিছে, আনহাতে মহম্মদ ৰিজৱান মৌলানা আৰু তেওঁ কম্পিউটাৰ বিজ্ঞানত বি টেক কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু