--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ দিল্লী আৰক্ষীৰ জিম্মাত কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আইছিছৰ সদস্য৷ পলাতক হৈ থকা আইছিছৰ অন্যতম মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী শ্বাহনৱাজক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে। পুনে আৰক্ষীৰ জিম্মাত পলায়ন কৰি দিল্লীত বাস কৰিছিল। উল্লেখ্য যে শ্বাহনৱাজৰ  ওপৰত ৩ লাখ টকাৰ পুৰস্কাৰ আছিল। শ্বাহনাৱাজৰ বিৰুদ্ধে আইছিছ মডিউলৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগো উত্থাপিত হৈছে৷

সোমবাৰে (২ অক্টোবৰ) সংবাদমেলত বিষয়াসকলে কয় যে দিল্লী আৰক্ষীয়ে এন আই এৰ অন্যতম মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী শ্বাহনৱাজক গ্ৰেপ্তাৰ কৰিছে। তেওঁৰ লগতে মহম্মদ আৰ্ছাদ ৱাৰ্ছী আৰু ৰিজৱান নামৰ সন্দেহযুক্ত লোককো গ্ৰেপ্তাৰ কৰা হৈছে।

বিষয়াসকলে জনোৱা মতে, তেওঁলোকৰ পৰা বোমা নিৰ্মাণৰ নলী, ৰাসায়নিক পদাৰ্থ আৰু প্লাষ্টিকও উদ্ধাৰ কৰা হৈছে। ইয়াৰ উপৰিও তেওঁলোকৰ পৰা পিষ্টল আৰু কাৰ্টিজো উদ্ধাৰ কৰা হৈছে। কেৱল এয়াই নহয়, তেওঁলোকৰ পৰা বোমা নিৰ্মাণৰ নথিও উদ্ধাৰ হৈছে। ইয়াত ৰাসায়নিক পদাৰ্থ কেনেকৈ ক্ৰয় কৰিব পাৰি? বোমা কেনেকৈ বনাব? এইবিষয়ে উল্লেখ আছে৷

আৰক্ষীয়ে জনোৱা মতে, শ্বাহনৱাজ পেছাত এজন অভিযন্তা। তেওঁৰ ঘৰ ঝাৰখণ্ডৰ হাজৰিবাগ। তেওঁ বি.টেক অধ্যয়ন কৰিছে। তেওঁৰ খননৰ সম্পূৰ্ণ জ্ঞান আছে। একে সময়তে আৰশ্বাদ ৱাৰ্ছীয়েও বি টেক আৰু তাৰ পাছত পি এইচ ডি কৰিছে, আনহাতে মহম্মদ ৰিজৱান মৌলানা আৰু তেওঁ কম্পিউটাৰ বিজ্ঞানত বি টেক কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু