--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চিকিৎসা বিজ্ঞান শিক্ষাৰ বাবে অত্যন্ত উদ্বেগজনক এটা খবৰ৷ এমবিবিএছ পাঠ্যক্ৰম চলাবলৈ স্বীকৃতি দিয়া ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ এক মূল্যায়নে প্ৰকাশ কৰিছে যে দেশৰ কোনো এখন চিকিৎসা মহাবিদ্যালয়তে পৰ্যাপ্ত ফেকাল্টী মেম্বাৰ বা জ্যেষ্ঠ আৱাসী চিকিৎসক নাই আৰু সকলোৱে ৫০ শতাংশ উপস্থিতিৰ প্ৰয়োজনীয়তা পূৰণ কৰাত ব্যৰ্থ হৈছে।

এনএমচিৰ অধীনত স্নাতক চিকিৎসা শিক্ষা পৰিষদে (ইউজিএমইবি) ২০২২-২৩ বৰ্ষত ২৪৬খন মহাবিদ্যালয়ৰ মূল্যাংকনত এই তথ্য প্ৰকাশ কৰিছে। এছ’চিয়েশ্যন অব্ ইমাৰ্জেন্সি ফিজিচিয়ানছ অব্ ইণ্ডিয়ালৈ (এ.ই.পি.আই.) লিখা এন.এম.চি.ৰ পত্ৰত কোৱা হৈছে, বেছিভাগ মহাবিদ্যালয়ত হয় ‘ঘোষ্ট মেম্বাৰ’ আছিল (যিসকল কৰ্তৃপক্ষৰ দ্বাৰা পৰিদৰ্শনৰ সময়ত উপস্থিত হয় আৰু পৰিদৰ্শন শেষ হোৱাৰ লগে লগে নাইকিয়া হয়) আৰু জ্যেষ্ঠ আৱাসী চিকিৎসক বা প্ৰয়োজনীয় শিক্ষকসকলক একেবাৰে নিযুক্তি দিয়া হোৱা নাছিল। লগতে, কোনো প্ৰতিষ্ঠানে নিম্নতম ৫০ শতাংশ উপস্থিতিৰ প্ৰয়োজনীয়তা পূৰণ কৰা নাছিল। শূন্য উপস্থিতি সচৰাচৰ দেখা গৈছিল।

আধাৰ আধাৰিত বায়োমেট্ৰিক উপস্থিতি প্ৰণালী ব্যৱহাৰ কৰি প্ৰায় দুমাহৰ বাবে কৰ্মদিনত শিক্ষক সদস্যসকলৰ উপস্থিতিৰ যাদৃচ্ছিক নিৰীক্ষণ কৰা হৈছিল। পৰিষদৰ মতে, ১৩৪খন চিকিৎসা মহাবিদ্যালয় আছিল, য’ত জৰুৰীকালীন চিকিৎসা বিভাগবোৰ চলি আছে মাত্ৰ কাগজে-কলমেহে৷ আনহাতে বাস্তৱৰ দৃশ্য সম্পূৰ্ণ বেলেগ।

পৰিষদে লগতে কয়, আমি জানিব পাৰিছিলোঁ যে কোনো শিক্ষাৰ্থীয়ে নিয়মীয়াকৈ জৰুৰীকালীন চিকিৎসা বিভাগলৈ নাযায় কিয়নো বিভাগটোত প্ৰাথমিক চিকিৎসা বিষয়াৰ বাহিৰে আন কোনো নাই। এই বিভাগত নিয়োজিত কৰাটো শিক্ষাৰ্থীসকলৰ বাবে বিৰতিৰ সময় বুলি গণ্য কৰা হয়!

ভাৰতৰ জৰুৰীকালীন চিকিৎসক সংগঠনসমূহে নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্ৰয়োজনীয়তা হিচাপে জৰুৰীকালীন চিকিৎসা বিশেষজ্ঞতা নথকাৰ অভিযোগ কৰি এনএমচিলৈ পত্ৰ লিখিছিল। চিকিৎসা মহাবিদ্যালয়সমূহে ২০২২-২৩ বৰ্ষৰ পৰা জৰুৰীকালীন চিকিৎসা বিশেষত্ব বাধ্যতামূলক কৰিব লাগিছিল, কিন্তু পাছত শিক্ষকৰ অভাৱৰ বাবে চিকিৎসা আয়োগে এই প্ৰয়োজনীয়তা বাতিল কৰে।
 
এই একেই পৰিস্থিতি অসমৰ স্বাস্থ্যখণ্ডতো৷ শীঘ্ৰে অসমৰ স্বাস্থ্য শিক্ষাখণ্ডলৈও নামি আহিব সংশয়পূৰ্ণ ভৱিষ্যত। অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহতো অভাৱ পৰ্যাপ্ত অধ্যাপকৰ। চিকিৎসা বিজ্ঞানৰ বহু গুৰুত্বপূৰ্ণ বিষয়ৰ পাঠদান কৰিবলৈ অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহত নাই অধ্যাপক-চিকিৎসক।

প্ৰধানতঃ যোৰহাট, বৰপেটা, তেজপুৰ, শিলচৰ, নলবাৰী আৰু লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰয়োজনীয় যন্ত্ৰপাতিৰ লগতে শিক্ষকৰ অভাৱ হৈ পৰিছে বৃহৎ সমস্যা৷

আৰু ইয়াৰ ফল ভুগিছে মেডিকেল পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকল৷ অসমৰ একাংশ চিকিৎসা মহাবিদ্যালয়লৈ মেডিকেল কাউন্সিল অব্ ইণ্ডিয়াৰ পৰিদৰ্শকৰ দল আহিলেই সেই সংশ্লিষ্ট চিকিৎসা মহাবিদ্যালয়লৈ জিএমচিএইচৰ পৰা লৈ যোৱা হয় অধ্যাপক আৰু প্ৰয়োজনীয় মেচিন।

বিশেষকৈ অংকল’জী চাৰ্জাৰী ডিপাৰ্টমেণ্টতো নাই পৰ্যাপ্ত অধ্যাপক। চৰকাৰ তথা মুখ্যমন্ত্ৰীয়ে স্বাস্থ্যখণ্ডৰ ব্যাপক উন্নয়ন হোৱা বুলি দম্ভালি মৰিলেও বাস্তৱত সেয়া এতিয়াও হৈ উঠা নাই৷ যাৰ ফলত অনিশ্চিত ভৱিষ্যতৰ দিশে আগবাঢ়িছে ৰাজহুৱা স্বাস্থ্যশিক্ষাখণ্ড।

দেশৰ মেডিকেল কলেজত পৰ্যাপ্ত অধ্যাপকৰ অভাৱৰ বিষয়টোক আজি তুলি ধৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে৷ জয়ৰাম ৰমেশে কয়, যেতিয়া প্ৰধানমন্ত্ৰীয়ে মুহূৰ্তৰ বাবে সংবাদ শিৰোনাম আৰু আত্ম-গৌৰৱ অনুসৰণ কৰে তেতিয়া ঠিক এনেকুৱাই হয়। ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে অতি ধুমধামেৰে অনুমোদন জনোৱা ২৪৬খন চিকিৎসা মহাবিদ্যালয়ৰ কোনোখনতে পৰ্যাপ্ত শিক্ষক নথকাতো অৱশ্যেই আশ্চৰ্যকৰ কথা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু