--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চিকিৎসা বিজ্ঞান শিক্ষাৰ বাবে অত্যন্ত উদ্বেগজনক এটা খবৰ৷ এমবিবিএছ পাঠ্যক্ৰম চলাবলৈ স্বীকৃতি দিয়া ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ এক মূল্যায়নে প্ৰকাশ কৰিছে যে দেশৰ কোনো এখন চিকিৎসা মহাবিদ্যালয়তে পৰ্যাপ্ত ফেকাল্টী মেম্বাৰ বা জ্যেষ্ঠ আৱাসী চিকিৎসক নাই আৰু সকলোৱে ৫০ শতাংশ উপস্থিতিৰ প্ৰয়োজনীয়তা পূৰণ কৰাত ব্যৰ্থ হৈছে।

এনএমচিৰ অধীনত স্নাতক চিকিৎসা শিক্ষা পৰিষদে (ইউজিএমইবি) ২০২২-২৩ বৰ্ষত ২৪৬খন মহাবিদ্যালয়ৰ মূল্যাংকনত এই তথ্য প্ৰকাশ কৰিছে। এছ’চিয়েশ্যন অব্ ইমাৰ্জেন্সি ফিজিচিয়ানছ অব্ ইণ্ডিয়ালৈ (এ.ই.পি.আই.) লিখা এন.এম.চি.ৰ পত্ৰত কোৱা হৈছে, বেছিভাগ মহাবিদ্যালয়ত হয় ‘ঘোষ্ট মেম্বাৰ’ আছিল (যিসকল কৰ্তৃপক্ষৰ দ্বাৰা পৰিদৰ্শনৰ সময়ত উপস্থিত হয় আৰু পৰিদৰ্শন শেষ হোৱাৰ লগে লগে নাইকিয়া হয়) আৰু জ্যেষ্ঠ আৱাসী চিকিৎসক বা প্ৰয়োজনীয় শিক্ষকসকলক একেবাৰে নিযুক্তি দিয়া হোৱা নাছিল। লগতে, কোনো প্ৰতিষ্ঠানে নিম্নতম ৫০ শতাংশ উপস্থিতিৰ প্ৰয়োজনীয়তা পূৰণ কৰা নাছিল। শূন্য উপস্থিতি সচৰাচৰ দেখা গৈছিল।

আধাৰ আধাৰিত বায়োমেট্ৰিক উপস্থিতি প্ৰণালী ব্যৱহাৰ কৰি প্ৰায় দুমাহৰ বাবে কৰ্মদিনত শিক্ষক সদস্যসকলৰ উপস্থিতিৰ যাদৃচ্ছিক নিৰীক্ষণ কৰা হৈছিল। পৰিষদৰ মতে, ১৩৪খন চিকিৎসা মহাবিদ্যালয় আছিল, য’ত জৰুৰীকালীন চিকিৎসা বিভাগবোৰ চলি আছে মাত্ৰ কাগজে-কলমেহে৷ আনহাতে বাস্তৱৰ দৃশ্য সম্পূৰ্ণ বেলেগ।

পৰিষদে লগতে কয়, আমি জানিব পাৰিছিলোঁ যে কোনো শিক্ষাৰ্থীয়ে নিয়মীয়াকৈ জৰুৰীকালীন চিকিৎসা বিভাগলৈ নাযায় কিয়নো বিভাগটোত প্ৰাথমিক চিকিৎসা বিষয়াৰ বাহিৰে আন কোনো নাই। এই বিভাগত নিয়োজিত কৰাটো শিক্ষাৰ্থীসকলৰ বাবে বিৰতিৰ সময় বুলি গণ্য কৰা হয়!

ভাৰতৰ জৰুৰীকালীন চিকিৎসক সংগঠনসমূহে নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্ৰয়োজনীয়তা হিচাপে জৰুৰীকালীন চিকিৎসা বিশেষজ্ঞতা নথকাৰ অভিযোগ কৰি এনএমচিলৈ পত্ৰ লিখিছিল। চিকিৎসা মহাবিদ্যালয়সমূহে ২০২২-২৩ বৰ্ষৰ পৰা জৰুৰীকালীন চিকিৎসা বিশেষত্ব বাধ্যতামূলক কৰিব লাগিছিল, কিন্তু পাছত শিক্ষকৰ অভাৱৰ বাবে চিকিৎসা আয়োগে এই প্ৰয়োজনীয়তা বাতিল কৰে।
 
এই একেই পৰিস্থিতি অসমৰ স্বাস্থ্যখণ্ডতো৷ শীঘ্ৰে অসমৰ স্বাস্থ্য শিক্ষাখণ্ডলৈও নামি আহিব সংশয়পূৰ্ণ ভৱিষ্যত। অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহতো অভাৱ পৰ্যাপ্ত অধ্যাপকৰ। চিকিৎসা বিজ্ঞানৰ বহু গুৰুত্বপূৰ্ণ বিষয়ৰ পাঠদান কৰিবলৈ অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহত নাই অধ্যাপক-চিকিৎসক।

প্ৰধানতঃ যোৰহাট, বৰপেটা, তেজপুৰ, শিলচৰ, নলবাৰী আৰু লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰয়োজনীয় যন্ত্ৰপাতিৰ লগতে শিক্ষকৰ অভাৱ হৈ পৰিছে বৃহৎ সমস্যা৷

আৰু ইয়াৰ ফল ভুগিছে মেডিকেল পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকল৷ অসমৰ একাংশ চিকিৎসা মহাবিদ্যালয়লৈ মেডিকেল কাউন্সিল অব্ ইণ্ডিয়াৰ পৰিদৰ্শকৰ দল আহিলেই সেই সংশ্লিষ্ট চিকিৎসা মহাবিদ্যালয়লৈ জিএমচিএইচৰ পৰা লৈ যোৱা হয় অধ্যাপক আৰু প্ৰয়োজনীয় মেচিন।

বিশেষকৈ অংকল’জী চাৰ্জাৰী ডিপাৰ্টমেণ্টতো নাই পৰ্যাপ্ত অধ্যাপক। চৰকাৰ তথা মুখ্যমন্ত্ৰীয়ে স্বাস্থ্যখণ্ডৰ ব্যাপক উন্নয়ন হোৱা বুলি দম্ভালি মৰিলেও বাস্তৱত সেয়া এতিয়াও হৈ উঠা নাই৷ যাৰ ফলত অনিশ্চিত ভৱিষ্যতৰ দিশে আগবাঢ়িছে ৰাজহুৱা স্বাস্থ্যশিক্ষাখণ্ড।

দেশৰ মেডিকেল কলেজত পৰ্যাপ্ত অধ্যাপকৰ অভাৱৰ বিষয়টোক আজি তুলি ধৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে৷ জয়ৰাম ৰমেশে কয়, যেতিয়া প্ৰধানমন্ত্ৰীয়ে মুহূৰ্তৰ বাবে সংবাদ শিৰোনাম আৰু আত্ম-গৌৰৱ অনুসৰণ কৰে তেতিয়া ঠিক এনেকুৱাই হয়। ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে অতি ধুমধামেৰে অনুমোদন জনোৱা ২৪৬খন চিকিৎসা মহাবিদ্যালয়ৰ কোনোখনতে পৰ্যাপ্ত শিক্ষক নথকাতো অৱশ্যেই আশ্চৰ্যকৰ কথা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু