--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টোলগেটত কৰ সংগ্ৰহ কৰাকলৈ বহুতে আপত্তি দৰ্শাই আহিছে। একেটা পথতে দুই-তিনি খন টোল গেট হোৱাৰ ফলত সাধাৰণ মানুহে কৰ আদায় দি সৰ্বস্বান্ত হ'বলগীআ হৈছে। এনে সময়তে মধ্য প্ৰদেশৰ চৰকাৰে এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে।
এক কথাত মধ্য প্ৰদেশৰ লোক সকলৰ বাবে এক ভাল খবৰ আহিছে।  ৰাজ্য খনত এতিয়াৰে পৰা  ব্যক্তিগত বাহনৰ বাবে কোনো টোল নাথাকিব। কেৱল বাণিজ্যিক বাহনবোৰেহে টোল পৰিশোধ কৰিব লাগিব।

এমপিআৰডিচি (মধ্য প্ৰদেশ পথ উন্নয়ন নিগম লিমিটেড)ৰ ডিএম এম এইচ ৰিজৱীয়ে কয় যে আগতে সকলো বাহনৰ পৰা টোল সংগ্ৰহ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু চৰকাৰৰ নিৰ্দেশত এতিয়া কেৱল বাণিজ্যিক বাহনৰ পৰাহে টোল কৰ সংগ্ৰহ কৰা হ'ব।
যোৱা মাহত কেবিনেট বৈঠকত  গাড়ী, জীপ আৰু যাত্ৰীবাহী বাছকে ধৰি ব্যক্তিগত বাহনসমূহক টোল কৰৰ পৰা  সকাহ দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল। কোৱা হৈছে যে অহা মাহৰ ভিতৰত নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত এই ব্যৱস্থা কাৰ্যকৰী কৰা হ'ব।

একে সময়তেমধ্য প্ৰদেশৰ চৰকাৰে  কিছুমান শ্ৰেণীও সৃষ্টি কৰিছে।তেনে শ্ৰেণীৰ লোকসকলে  টোল কৰ পৰিশোধ কৰাৰ প্ৰয়োজন নাই। আগতে এই শ্ৰেণীত ৯  জন লোকক অন্তৰ্ভুক্ত কৰা হৈছিল, এতিয়া ইয়াক ২৫ লৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ ভিতৰত আছে চৰকাৰী কৰ্মচাৰীৰ পৰা মৃতদেহ কঢ়িওৱা  বাহন আদিও।

ভাৰত চৰকাৰ আৰু মধ্য প্ৰদেশৰ চৰকাৰৰ সকলো বাহন, চৰকাৰী কৰ্তব্যত থকা কৰ্মচাৰী , প্ৰাক্তন আৰু বৰ্তমানৰ সাংসদসকলৰ অ-বাণিজ্যিক বাহন, ভাৰতীয় সেনা, এম্বুলেন্স, অগ্নি নিৰ্বাপক বাহিনী, টেলিগ্ৰাফ বিভাগ, কৃষিৰ উদ্দেশ্যে ব্যৱহৃত ট্ৰেক্টৰ ট্ৰলী, অটো ৰিক্সা, দুচকীয়া বাহন, গৰুগাড়ী, স্বাধীনতা সংগ্ৰামী আৰু স্বীকৃত সাংবাদিকৰ লগতে বাছ, গাড়ী, জীপ আদি যাত্ৰীবাহী বাহনসমূহক টোলৰ পৰা ৰেহাই দিয়া হ'ব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু