--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টোলগেটত কৰ সংগ্ৰহ কৰাকলৈ বহুতে আপত্তি দৰ্শাই আহিছে। একেটা পথতে দুই-তিনি খন টোল গেট হোৱাৰ ফলত সাধাৰণ মানুহে কৰ আদায় দি সৰ্বস্বান্ত হ'বলগীআ হৈছে। এনে সময়তে মধ্য প্ৰদেশৰ চৰকাৰে এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে।
এক কথাত মধ্য প্ৰদেশৰ লোক সকলৰ বাবে এক ভাল খবৰ আহিছে।  ৰাজ্য খনত এতিয়াৰে পৰা  ব্যক্তিগত বাহনৰ বাবে কোনো টোল নাথাকিব। কেৱল বাণিজ্যিক বাহনবোৰেহে টোল পৰিশোধ কৰিব লাগিব।

এমপিআৰডিচি (মধ্য প্ৰদেশ পথ উন্নয়ন নিগম লিমিটেড)ৰ ডিএম এম এইচ ৰিজৱীয়ে কয় যে আগতে সকলো বাহনৰ পৰা টোল সংগ্ৰহ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু চৰকাৰৰ নিৰ্দেশত এতিয়া কেৱল বাণিজ্যিক বাহনৰ পৰাহে টোল কৰ সংগ্ৰহ কৰা হ'ব।
যোৱা মাহত কেবিনেট বৈঠকত  গাড়ী, জীপ আৰু যাত্ৰীবাহী বাছকে ধৰি ব্যক্তিগত বাহনসমূহক টোল কৰৰ পৰা  সকাহ দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল। কোৱা হৈছে যে অহা মাহৰ ভিতৰত নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত এই ব্যৱস্থা কাৰ্যকৰী কৰা হ'ব।

একে সময়তেমধ্য প্ৰদেশৰ চৰকাৰে  কিছুমান শ্ৰেণীও সৃষ্টি কৰিছে।তেনে শ্ৰেণীৰ লোকসকলে  টোল কৰ পৰিশোধ কৰাৰ প্ৰয়োজন নাই। আগতে এই শ্ৰেণীত ৯  জন লোকক অন্তৰ্ভুক্ত কৰা হৈছিল, এতিয়া ইয়াক ২৫ লৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ ভিতৰত আছে চৰকাৰী কৰ্মচাৰীৰ পৰা মৃতদেহ কঢ়িওৱা  বাহন আদিও।

ভাৰত চৰকাৰ আৰু মধ্য প্ৰদেশৰ চৰকাৰৰ সকলো বাহন, চৰকাৰী কৰ্তব্যত থকা কৰ্মচাৰী , প্ৰাক্তন আৰু বৰ্তমানৰ সাংসদসকলৰ অ-বাণিজ্যিক বাহন, ভাৰতীয় সেনা, এম্বুলেন্স, অগ্নি নিৰ্বাপক বাহিনী, টেলিগ্ৰাফ বিভাগ, কৃষিৰ উদ্দেশ্যে ব্যৱহৃত ট্ৰেক্টৰ ট্ৰলী, অটো ৰিক্সা, দুচকীয়া বাহন, গৰুগাড়ী, স্বাধীনতা সংগ্ৰামী আৰু স্বীকৃত সাংবাদিকৰ লগতে বাছ, গাড়ী, জীপ আদি যাত্ৰীবাহী বাহনসমূহক টোলৰ পৰা ৰেহাই দিয়া হ'ব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক