--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা নৃশংস হত্যাকাণ্ডই পুনৰ জোকাৰি গৈছে দেশক।  এইবাৰ ঘটনাৰ স্থান চেন্নাই। চেন্নাইত এগৰাকী প্ৰেমিকাই তেওঁৰ প্ৰেমিকক  হত্যা কৰি মৃতদেহটো টুকুৰা টুকুৰ কৰে আৰু মাটিৰ তলত পুতি থয়। ঘটনাটো পোহৰলৈ অহাৰ লগে লগে গোটেই চহৰখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।  জানিব পৰা মতে  মৃত এম জিয়ানথান ভিল্লুপুৰমৰ বাসিন্দা আছিল। 

তেওঁ ২৯ বছৰীয়া  ভাগ্যলক্ষ্মী নামৰ যুৱতীগৰাকীৰ  প্ৰেমত পৰিছিল। তেওঁলোকে ২০২০ চনত প্ৰথমবাৰৰ বাবে লগ পাইছিল। তাৰ পিছত সম্পৰ্কটো ক্ৰমে গভীৰ হৈ পৰিছিল। পৰিয়ালক নজনোৱাকৈয়ে  দুয়ো মন্দিৰলৈ গৈ বিবাহ পাশত আৱদ্ধ হৈছিল। 

কিন্তু বিয়াৰ পৰৱৰ্তী বছৰতে তেওঁলোকৰ সম্পৰ্ক ভংগ হয়।এয়াৰলাইনৰ এজন কৰ্মচাৰী জিয়ানথান কেইদিনমানৰ বাবে ছুটিত গাওঁলৈ গৈছিল। কিন্তু যোৱা কেইদিনমানধৰি তেওঁক ফোনত কোনেও পোৱা নাছিল। তেতিয়া তেওঁৰ ভনীয়েকে সন্দেহবশতঃ বিষয়টো  আৰক্ষীক অৱগত কৰে।তদন্তৰ সময়ত আৰক্ষীয়ে যুৱকজনৰ ফোনৰ পৰা ভাগ্যলক্ষ্মীৰ ফোন ৰেকৰ্ড ট্ৰেক কৰা আৰম্ভ কৰে আৰু ঘটনাটোৰ ৰহস্য উদ্ঘাটন  কৰিবলৈ আৰম্ভ কৰে। 

জানিব পৰা গৈছে যে ভাগ্যলক্ষ্মীয়ে জিয়ানথানক ফোনত তেওঁৰ ঘৰলৈ মাতিছিল। তাতেই তেওঁক পৰিকল্পিতভাবে  জড়িত হৈ পৰে। ইয়াৰ পিছত, ভাগ্যলক্ষ্মীয়ে তেওঁৰ বন্ধু শংকৰৰ সৈতে জিয়ানথানক হত্যা কৰে। তেওঁৰ শৰীৰটো টুকুৰা টুকুৰা কৰি এটা মোনাত ভৰাই আৰু প্ৰায় ৪০০ কিলোমিটাৰ দূৰৈৰ এটা অঞ্চললৈ লৈ গৈছিল আৰু  মাটিত পুতি পেলাইছিল।

 এজন পুৰোহিতেও তেওঁলোকক এই কামত সহায় কৰিছিলবুলি আৰক্ষীয়ে জানিব পাৰিছে। ভাগ্যলক্ষ্মীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি যুৱতীগৰাকীয়ে  জেয়ান্থানৰ পৰা ধন দাবী কৰিছিল। ধন দিবলৈ অস্বীকাৰ কৰাৰ বাবেই তেওঁক হত্যা কৰা হৈছে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈ শোধনাগাৰত কৰ্মৰত অৱস্থাত ঠিকাভিত্তিক শ্ৰমিক পৰেশ বৰগোহাঁইৰ ৰহস্যজনক মৃত্যু
ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চিলনী চোৰ মহিদুল ইছলামক গ্ৰেপ্তাৰ ধিং আৰক্ষীৰ
শাসক লেবাৰ পাৰ্টিৰ ৰাজনৈতিক বিপর্যয়, গাদী হেৰুৱাব পাৰে ব্রিটেইনৰ প্ৰধানমন্ত্ৰী ষ্টাৰ্মাৰে
ইন্ধনৰ সংকট অব্যাহত; সলনি হোৱা নাই চিলিণ্ডাৰ বুকিঙৰ নির্দেশনা
১ জুলাইৰ পৰা বলৱৎ হ’ব ‘ভি বি-জি ৰাম জি’
দেশ বচাও, ইন্ধন বচাও! মোদীৰ ‘হাফ কনভয় মডেল’ক লৈ দেশজুৰি চৰ্চা
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই