--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ষমতাৰ ৰাগীত মতলীয়া ছত্তীশগড়ৰ শাসকীয় দল কংগ্ৰেছৰ এজন  বিধায়কে বলৰামপুৰ-ৰামানুজগঞ্জ জিলাৰ এটা জিলা সমবায় বেংকৰ দুজন কৰ্মচাৰীক ৰাজহুৱাভাৱে চৰ  মৰাৰ ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।চৰ মৰাৰ সমগ্ৰ দৃশ্য বেংকৰ চিচিটিভি কেমেৰা বন্দী হৈছে। ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

অৱশ্যে প্ৰাগ নিউজ ডিজিটেলে ভিডিঅ’টোৰ সত্য-সত্যতা প্ৰমাণ কৰি চোৱা নাই।  ৰামানুজগঞ্জৰ বিধায়ক বৃহস্পতি সিঙৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে সমবায় বেংকসমূহৰ  কৰ্মচাৰীসকলে বৃহস্পতিবাৰৰ পৰা দুদিনীয়া ধৰ্মঘট কৰিব বুলি ঘোষণা কৰিছে।   বিধায়ক সিঙে অভিযোগ কৰিছিল যে বেংক কৰ্মচাৰীসকলে কৃষকসকলৰ নামত  চৰকাৰে ধান সংগ্ৰহৰ বাবে বিতৰণ কৰিবলৈ দিয়া  নিৰ্ধাৰিত পুঁজি আত্মসাৎ কৰিছে ।  অভিযোগ অনুসৰি  সিঙে এনে অভিযোগৰ ভিত্তিতে বেংকৰ একাংশ কৰ্মচাৰীৰ সৈতে তৰ্কত লিপ্ত হৈছিল আৰু দুজন কৰ্মচাৰীক চৰ মাৰিছিল।

 বেংকৰ কাম চলি থকাৰ সময়তে শ শ কৃষকৰ সন্মুখত বেংকৰ বাহিৰত কেৰাণী ৰাজেশ পাল আৰু পিয়ন অৰবিন্দ সিঙক বিধায়ক সিঙে চৰিয়াইছিল।  এই ঘটনাৰ  পিছতে সমবায় বেংকৰ কৰ্মচাৰীসকলে আৰক্ষী মহাপৰিদৰ্শক (সুৰগুজা ৰেঞ্জ) ৰাম গোপাল গাৰ্গক  অভিযোগ দাখিল কৰিছে আৰু বিধায়কজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ দাবী জনাইছে ।অভিযোগপত্ৰত  কোৱা হৈছে" সমবায় বেংকসমূহে এনে পৰিস্থিতিত তেওঁলোকৰ দায়িত্ব পালন কৰিবলৈ অক্ষম হ'ব। যদি বিধায়কজনৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নহয় আৰু চৰকাৰে কৰ্মচাৰীসকলৰ সুৰক্ষাৰ নিশ্চয়তা নিদিয়ে তেন্তে দুদিনৰ বাবে ধৰ্মঘট কৰা হ’ব" । 

ভাইৰেল ভিডিঅ'টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়কগৰাকীয়ে কয়, "বেংক কৰ্মচাৰীসকলে তাত উপস্থিত সকলোকে হাৰাশাস্তি কৰি আছিল... কৃষকসকলে মতা বাবে মই বেংকলৈ গৈছিলো  আৰু হঠাতে এজন বেংক কৰ্মচাৰীয়ে মোৰ সৈতে দুৰ্ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। মোৰ খং উঠিছিল আৰু মই তেওঁলোকৰ দুজনক চৰ মাৰিছিলো।  মই সকলোকে ক'ব বিচাৰো যে কৃষকসকলৰ সৈতে বেংক কৰ্মচাৰীৰ উৎপীড়ন সহ্য কৰা নহ'ব।" কংগ্ৰেছ নেতাজনে আৰু কয় যে ঘটনাটোৰ পিছত তেওঁ জ্যেষ্ঠ প্ৰশাসনিক আৰু আৰক্ষী বিষয়াসকলক মাতিছিল। কৃষকসকলে আৰক্ষী আৰু কৰ্তৃপক্ষৰ ওচৰত বেংক কৰ্মচাৰীসকলে তেওঁলোকৰ ধন কিদৰে আত্মসাত কৰিছে সেয়া উল্লেখ কৰিছে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস