--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ষমতাৰ ৰাগীত মতলীয়া ছত্তীশগড়ৰ শাসকীয় দল কংগ্ৰেছৰ এজন  বিধায়কে বলৰামপুৰ-ৰামানুজগঞ্জ জিলাৰ এটা জিলা সমবায় বেংকৰ দুজন কৰ্মচাৰীক ৰাজহুৱাভাৱে চৰ  মৰাৰ ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।চৰ মৰাৰ সমগ্ৰ দৃশ্য বেংকৰ চিচিটিভি কেমেৰা বন্দী হৈছে। ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

অৱশ্যে প্ৰাগ নিউজ ডিজিটেলে ভিডিঅ’টোৰ সত্য-সত্যতা প্ৰমাণ কৰি চোৱা নাই।  ৰামানুজগঞ্জৰ বিধায়ক বৃহস্পতি সিঙৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে সমবায় বেংকসমূহৰ  কৰ্মচাৰীসকলে বৃহস্পতিবাৰৰ পৰা দুদিনীয়া ধৰ্মঘট কৰিব বুলি ঘোষণা কৰিছে।   বিধায়ক সিঙে অভিযোগ কৰিছিল যে বেংক কৰ্মচাৰীসকলে কৃষকসকলৰ নামত  চৰকাৰে ধান সংগ্ৰহৰ বাবে বিতৰণ কৰিবলৈ দিয়া  নিৰ্ধাৰিত পুঁজি আত্মসাৎ কৰিছে ।  অভিযোগ অনুসৰি  সিঙে এনে অভিযোগৰ ভিত্তিতে বেংকৰ একাংশ কৰ্মচাৰীৰ সৈতে তৰ্কত লিপ্ত হৈছিল আৰু দুজন কৰ্মচাৰীক চৰ মাৰিছিল।

 বেংকৰ কাম চলি থকাৰ সময়তে শ শ কৃষকৰ সন্মুখত বেংকৰ বাহিৰত কেৰাণী ৰাজেশ পাল আৰু পিয়ন অৰবিন্দ সিঙক বিধায়ক সিঙে চৰিয়াইছিল।  এই ঘটনাৰ  পিছতে সমবায় বেংকৰ কৰ্মচাৰীসকলে আৰক্ষী মহাপৰিদৰ্শক (সুৰগুজা ৰেঞ্জ) ৰাম গোপাল গাৰ্গক  অভিযোগ দাখিল কৰিছে আৰু বিধায়কজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ দাবী জনাইছে ।অভিযোগপত্ৰত  কোৱা হৈছে" সমবায় বেংকসমূহে এনে পৰিস্থিতিত তেওঁলোকৰ দায়িত্ব পালন কৰিবলৈ অক্ষম হ'ব। যদি বিধায়কজনৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নহয় আৰু চৰকাৰে কৰ্মচাৰীসকলৰ সুৰক্ষাৰ নিশ্চয়তা নিদিয়ে তেন্তে দুদিনৰ বাবে ধৰ্মঘট কৰা হ’ব" । 

ভাইৰেল ভিডিঅ'টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়কগৰাকীয়ে কয়, "বেংক কৰ্মচাৰীসকলে তাত উপস্থিত সকলোকে হাৰাশাস্তি কৰি আছিল... কৃষকসকলে মতা বাবে মই বেংকলৈ গৈছিলো  আৰু হঠাতে এজন বেংক কৰ্মচাৰীয়ে মোৰ সৈতে দুৰ্ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। মোৰ খং উঠিছিল আৰু মই তেওঁলোকৰ দুজনক চৰ মাৰিছিলো।  মই সকলোকে ক'ব বিচাৰো যে কৃষকসকলৰ সৈতে বেংক কৰ্মচাৰীৰ উৎপীড়ন সহ্য কৰা নহ'ব।" কংগ্ৰেছ নেতাজনে আৰু কয় যে ঘটনাটোৰ পিছত তেওঁ জ্যেষ্ঠ প্ৰশাসনিক আৰু আৰক্ষী বিষয়াসকলক মাতিছিল। কৃষকসকলে আৰক্ষী আৰু কৰ্তৃপক্ষৰ ওচৰত বেংক কৰ্মচাৰীসকলে তেওঁলোকৰ ধন কিদৰে আত্মসাত কৰিছে সেয়া উল্লেখ কৰিছে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত