--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নষ্টালজিক হৈ পৰিল বিৰাট কোহলী। গৃহচহৰ দিল্লীত গাড়ী চলাই পুৰণি দিনৰ স্মৃতি মনলৈ আহিল কিং কোহলীৰ। দীৰ্ঘ দিনৰ মূৰত ঘৰুৱা খেলপথাৰ অৰুণ জেটলী ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰু্দ্ধে দ্বিতীয়খন টেষ্টত নামিব টীম ইণ্ডিয়া। সেয়ে মেচখনৰ বাবে ষ্টেডিয়ামত উপস্থিত হৈছে কোহলী। ঘৰৰ পৰা নিজেই গাড়ী চলাই নেট প্ৰেক্টিছলৈ আহিছে। গাড়ী চলাই অহা ছবিও ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল।

কোহলীয়ে শেষবাৰৰ বাবে ২০১৯ চনৰ মাৰ্চ মাহত ঘৰুৱা খেলপথাৰত খেলিছিল। সেইয়া আছিল এখন এদিনীয়া মেচ। পিছৰ মাহত তেওঁ দিল্লীৰ বিৰুদ্ধে আই পি এলত আৰ চি বিৰ হৈ খেলিছিল।

দিল্লীক কোটলা গ্ৰাউণ্ড তেওঁৰ ঘৰুৱা খেলপথাৰ। এই ক্ষেত্ৰত তেওঁৰ শৈশৱৰ বহু স্মৃতি আছে। ৰঞ্জীৰ বাহিৰেও বিভিন্ন বয়সৰ স্তৰত ঘৰুৱা ক্ৰিকেটত বহু মেচ এই ষ্টেডিয়ামতে খেলিছিল।



কোহলীয়ে পোষ্ট কৰা ছবিখনত তেওঁক টীম ইণ্ডিয়াৰ প্ৰেকটিছ জাৰ্চি পিন্ধা দেখা গৈছে। তেওঁ লগতে লিখিছে, "দিল্লীত বহু দিনৰ অন্তত এটা দীঘলীয়া ড্ৰাইভিং কৰি মই ষ্টেডিয়ামলৈ আহিছো। বৰ নষ্টালজিক অনুভৱ হৈছে।”

কোহলীৰ বৰ্তমান নিৱাস মুম্বাইত। কিন্তু দিল্লীতো তেওঁৰ নিজা ঘৰ আছে, য’ত মাক আৰু পৰিয়ালৰ বাকীসকল থাকে। অনুৰাগীৰ মতে সেই ঘৰৰ পৰাই কোহলি অনুশীলন কৰিবলৈ আহিছে।

ঘৰুৱা ষ্টেডিয়ামত এই পৰ্যন্ত সকলো ফৰ্মেটতে ১১ খন খেল খেলিছে কোহলীয়ে। সংগ্ৰহ কৰিছে ৭১৫ ৰান। ইয়াৰ ভিতৰত আছে দুটা শতক আৰু তিনিটা অৰ্ধশতক।

১৭ তাৰিখৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া দ্বিতীয়খন টেষ্টত সকলোৰে দৃষ্টি তেওঁৰ ওপৰতে থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক