--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নষ্টালজিক হৈ পৰিল বিৰাট কোহলী। গৃহচহৰ দিল্লীত গাড়ী চলাই পুৰণি দিনৰ স্মৃতি মনলৈ আহিল কিং কোহলীৰ। দীৰ্ঘ দিনৰ মূৰত ঘৰুৱা খেলপথাৰ অৰুণ জেটলী ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰু্দ্ধে দ্বিতীয়খন টেষ্টত নামিব টীম ইণ্ডিয়া। সেয়ে মেচখনৰ বাবে ষ্টেডিয়ামত উপস্থিত হৈছে কোহলী। ঘৰৰ পৰা নিজেই গাড়ী চলাই নেট প্ৰেক্টিছলৈ আহিছে। গাড়ী চলাই অহা ছবিও ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল।

কোহলীয়ে শেষবাৰৰ বাবে ২০১৯ চনৰ মাৰ্চ মাহত ঘৰুৱা খেলপথাৰত খেলিছিল। সেইয়া আছিল এখন এদিনীয়া মেচ। পিছৰ মাহত তেওঁ দিল্লীৰ বিৰুদ্ধে আই পি এলত আৰ চি বিৰ হৈ খেলিছিল।

দিল্লীক কোটলা গ্ৰাউণ্ড তেওঁৰ ঘৰুৱা খেলপথাৰ। এই ক্ষেত্ৰত তেওঁৰ শৈশৱৰ বহু স্মৃতি আছে। ৰঞ্জীৰ বাহিৰেও বিভিন্ন বয়সৰ স্তৰত ঘৰুৱা ক্ৰিকেটত বহু মেচ এই ষ্টেডিয়ামতে খেলিছিল।



কোহলীয়ে পোষ্ট কৰা ছবিখনত তেওঁক টীম ইণ্ডিয়াৰ প্ৰেকটিছ জাৰ্চি পিন্ধা দেখা গৈছে। তেওঁ লগতে লিখিছে, "দিল্লীত বহু দিনৰ অন্তত এটা দীঘলীয়া ড্ৰাইভিং কৰি মই ষ্টেডিয়ামলৈ আহিছো। বৰ নষ্টালজিক অনুভৱ হৈছে।”

কোহলীৰ বৰ্তমান নিৱাস মুম্বাইত। কিন্তু দিল্লীতো তেওঁৰ নিজা ঘৰ আছে, য’ত মাক আৰু পৰিয়ালৰ বাকীসকল থাকে। অনুৰাগীৰ মতে সেই ঘৰৰ পৰাই কোহলি অনুশীলন কৰিবলৈ আহিছে।

ঘৰুৱা ষ্টেডিয়ামত এই পৰ্যন্ত সকলো ফৰ্মেটতে ১১ খন খেল খেলিছে কোহলীয়ে। সংগ্ৰহ কৰিছে ৭১৫ ৰান। ইয়াৰ ভিতৰত আছে দুটা শতক আৰু তিনিটা অৰ্ধশতক।

১৭ তাৰিখৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া দ্বিতীয়খন টেষ্টত সকলোৰে দৃষ্টি তেওঁৰ ওপৰতে থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু