--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় শিবিৰত সুখবৰ। ভাৰতীয় দলৰ দুগৰাকী স্পিনাৰে আই চি চি ৰেংকিঙত অগ্ৰগতি লাভ কৰিছে। টেষ্ট বলাৰৰ তালিকাত দ্বিতীয় স্থানলৈ আৰোহণ কৰিছে ৰবিচন্দ্ৰন অশ্বিন। ৰবীন্দ্ৰ জাদেজাও ৰেংকিঙৰ ওপৰলৈ উঠিছে।

নাগপুৰ টেষ্টত অশ্বিনে ৮টা উইকেট দখল কৰে। জাদেজাই লাভ কৰে ৭টা উইকেট। দুয়োগৰাকী স্পিনাৰে একেলগে প্ৰতিপক্ষৰ ১৫টা উইকেট দখল কৰে।

বুধবাৰে প্ৰকাশিত আইচিচিৰ নতুন টেষ্ট বলাৰৰ ৰেংকিঙত দ্বিতীয় স্থান লাভ কৰিছে প্ৰবীণ অফস্পিনাৰগৰাকী অশ্বিনে। আনহাতে, আঁঠুৰ আঘাতৰ পৰা সুস্থ হৈ উঠি পাঁচ মাহৰ পাছত ভাৰতীয় দললৈ উভতি অহা জাদেজাই ১৬ নম্বৰলৈ উন্নীত হৈছে।

তালিকাখনৰ বলাৰৰ তালিকাৰ শীৰ্ষত আছে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্স। তেওঁৰ ৰেটিং পইণ্ট হৈছে ৮৬৭। দ্বিতীয় স্থানত থকা অশ্বিনৰ ৰেটিং পইণ্ট আছে ৮৪৬। কামিন্সৰ পৰা ২১ ৰেটিং পইণ্ট পিছ পৰি আছে তামিলনাডুৰ ক্ৰিকেটাৰগৰাকী।

২০১৭ চনৰ পিছত প্ৰথমবাৰৰ বাবে কামিন্সে টেষ্ট বলাৰৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে। যশপ্ৰীত বুমৰাহ এই তালিকাত পাঁচ নম্বৰত আছে। বিগত কেইমাহমানৰ পৰা আঘাতৰ বাবে খেলিব নোৱাৰিলেও বুমৰাহ ৰেংকিঙত নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে।

অশ্বিন আৰু জাডেজা কেৱল টেষ্ট বলাৰৰ তালিকাতেই নহয়, আইচিচিৰ টেষ্ট অলৰাউণ্ডাৰৰ তালিকাতো আছে। এই তালিকাৰ শীৰ্ষত আছে বাওঁহাতৰ অল ৰাউণ্ডাৰগৰাকী। জাডেজাৰ ৰেটিং পইণ্ট হৈছে ৪২৪। দ্বিতীয় স্থানত আছে অশ্বিন। তেওঁৰ ৰেটিং পইণ্ট হৈছে ৩৫৮। নাগপুৰত ভাল বেটিংৰ বাবেই অক্ষৰ পেটেলে সপ্তম স্থানলৈ আৰোহণ কৰিছে। তেওঁৰ ৰেটিং পইণ্ট হৈছে ২৫৪।

টেষ্ট বেটছমেনৰ তালিকাত শীৰ্ষ ১০ ৰ ভিতৰত আছে দুগৰাকী ভাৰতীয়। ঋষভ পন্ত আৰু ৰোহিত শৰ্মা ক্ৰমে সপ্তম আৰু অষ্টম স্থানত আছে। তেওঁলোকৰ ৰেটিং পইণ্ট ক্ৰমে ৭৮৯ আৰু ৭৮৬। এই তালিকাৰ শীৰ্ষত আছে অষ্ট্ৰেলিয়াৰ মাৰ্নাছ লাবুচেন। আই চি চি ৰেংকিঙত ভাৰতীয় ক্ৰিকেটাৰৰ উত্থানে দিল্লী টেষ্টৰ পূৰ্বে ৰোহিতৰ দলৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Advertisement