--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় শিবিৰত সুখবৰ। ভাৰতীয় দলৰ দুগৰাকী স্পিনাৰে আই চি চি ৰেংকিঙত অগ্ৰগতি লাভ কৰিছে। টেষ্ট বলাৰৰ তালিকাত দ্বিতীয় স্থানলৈ আৰোহণ কৰিছে ৰবিচন্দ্ৰন অশ্বিন। ৰবীন্দ্ৰ জাদেজাও ৰেংকিঙৰ ওপৰলৈ উঠিছে।

নাগপুৰ টেষ্টত অশ্বিনে ৮টা উইকেট দখল কৰে। জাদেজাই লাভ কৰে ৭টা উইকেট। দুয়োগৰাকী স্পিনাৰে একেলগে প্ৰতিপক্ষৰ ১৫টা উইকেট দখল কৰে।

বুধবাৰে প্ৰকাশিত আইচিচিৰ নতুন টেষ্ট বলাৰৰ ৰেংকিঙত দ্বিতীয় স্থান লাভ কৰিছে প্ৰবীণ অফস্পিনাৰগৰাকী অশ্বিনে। আনহাতে, আঁঠুৰ আঘাতৰ পৰা সুস্থ হৈ উঠি পাঁচ মাহৰ পাছত ভাৰতীয় দললৈ উভতি অহা জাদেজাই ১৬ নম্বৰলৈ উন্নীত হৈছে।

তালিকাখনৰ বলাৰৰ তালিকাৰ শীৰ্ষত আছে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্স। তেওঁৰ ৰেটিং পইণ্ট হৈছে ৮৬৭। দ্বিতীয় স্থানত থকা অশ্বিনৰ ৰেটিং পইণ্ট আছে ৮৪৬। কামিন্সৰ পৰা ২১ ৰেটিং পইণ্ট পিছ পৰি আছে তামিলনাডুৰ ক্ৰিকেটাৰগৰাকী।

২০১৭ চনৰ পিছত প্ৰথমবাৰৰ বাবে কামিন্সে টেষ্ট বলাৰৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে। যশপ্ৰীত বুমৰাহ এই তালিকাত পাঁচ নম্বৰত আছে। বিগত কেইমাহমানৰ পৰা আঘাতৰ বাবে খেলিব নোৱাৰিলেও বুমৰাহ ৰেংকিঙত নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে।

অশ্বিন আৰু জাডেজা কেৱল টেষ্ট বলাৰৰ তালিকাতেই নহয়, আইচিচিৰ টেষ্ট অলৰাউণ্ডাৰৰ তালিকাতো আছে। এই তালিকাৰ শীৰ্ষত আছে বাওঁহাতৰ অল ৰাউণ্ডাৰগৰাকী। জাডেজাৰ ৰেটিং পইণ্ট হৈছে ৪২৪। দ্বিতীয় স্থানত আছে অশ্বিন। তেওঁৰ ৰেটিং পইণ্ট হৈছে ৩৫৮। নাগপুৰত ভাল বেটিংৰ বাবেই অক্ষৰ পেটেলে সপ্তম স্থানলৈ আৰোহণ কৰিছে। তেওঁৰ ৰেটিং পইণ্ট হৈছে ২৫৪।

টেষ্ট বেটছমেনৰ তালিকাত শীৰ্ষ ১০ ৰ ভিতৰত আছে দুগৰাকী ভাৰতীয়। ঋষভ পন্ত আৰু ৰোহিত শৰ্মা ক্ৰমে সপ্তম আৰু অষ্টম স্থানত আছে। তেওঁলোকৰ ৰেটিং পইণ্ট ক্ৰমে ৭৮৯ আৰু ৭৮৬। এই তালিকাৰ শীৰ্ষত আছে অষ্ট্ৰেলিয়াৰ মাৰ্নাছ লাবুচেন। আই চি চি ৰেংকিঙত ভাৰতীয় ক্ৰিকেটাৰৰ উত্থানে দিল্লী টেষ্টৰ পূৰ্বে ৰোহিতৰ দলৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু