--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৫ ঘণ্টাৰ পূৰ্বে আই চি চি টেষ্ট ৰেংকিঙত ১ নম্বৰ স্থানলৈ আৰোহণ কৰিছিল ভাৰত। অষ্ট্ৰেলিয়াতকৈ অধিক পইণ্ট লাভ কৰি তেওঁলোকে ৰেংকিঙত অগ্ৰগতি লাভ কৰিছিল। কিন্তু ৫ ঘণ্টাৰ পাছত আই চি চিয়ে ঘোষণা কৰিলে যে টেষ্ট ৰেংকিঙৰ শীৰ্ষত ভাৰত নহয়, অষ্ট্ৰেলিয়াহে আছে। ভাৰত আছে ২ নম্বৰত। কিন্তু কিয় এনেকুৱা হ’ল? কিবা বিসংগতি নেকি?

কাৰিকৰী সমস্যাৰ ফলত এই বিভ্ৰান্তিৰ সৃষ্টি হৈছে বুলি আইচিচিয়ে শেহতীয়াকৈ জনায়। আইচিচিয়ে সঠিক পইণ্ট তালিকা প্ৰকাশ কৰিছে। য’ত অষ্ট্ৰেলিয়া প্ৰথম নম্বৰত আছে।

কিন্তু ইয়াৰ পিছতো প্ৰশ্নৰ উত্থাপন হৈছে। যদি কোনো কাৰিকৰী সমস্যা আছিল, তেন্তে আইচিচিয়ে আগতে কিয় একো কোৱা নাছিল?

নাগপুৰত অষ্ট্ৰেলিয়াক এটা ইনিংছ আৰু ১৩২ ৰানত পৰাস্ত কৰে ভাৰতে। ইয়াৰ পিছতো ৰেংকিঙত দ্বিতীয় স্থানত আছে ভাৰত। নতুনকৈ প্ৰকাশ পোৱা তালিকাত ভাৰতৰ স্ক’ৰ হৈছে ৩৬৯০। ৰেটিং ১১৫। আনহাতে, শীৰ্ষ স্থানত থকা অষ্ট্ৰেলিয়াৰ পইণ্ট ভাৰততকৈ কম (৩৬৬৮)। কিন্তু সৰ্বোচ্চ ৰেটিং (১২৬) লৈ এক নম্বৰত আছে।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাতো দ্বিতীয় স্থানত আছে ভাৰত। ৰোহিতৰ শতাংশ পইণ্ট ৬১৬৭। শীৰ্ষত অষ্ট্ৰেলিয়াৰ পইণ্ট শতাংশ ৭০৮৩। কোন দুটা দলে ফাইনেলত খেলিব সেয়া নিৰ্ভৰ কৰিব ভাৰত-অষ্ট্ৰেলিয়া টেষ্ট শৃংখলাৰ ফলাফলৰ ওপৰত। তাৰ বাবে ভাৰতে অষ্ট্ৰেলিয়াক কমেও ২-০ বা ৩-১ গ’লত পৰাস্ত কৰাটো প্ৰয়োজন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু