--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৫ ঘণ্টাৰ পূৰ্বে আই চি চি টেষ্ট ৰেংকিঙত ১ নম্বৰ স্থানলৈ আৰোহণ কৰিছিল ভাৰত। অষ্ট্ৰেলিয়াতকৈ অধিক পইণ্ট লাভ কৰি তেওঁলোকে ৰেংকিঙত অগ্ৰগতি লাভ কৰিছিল। কিন্তু ৫ ঘণ্টাৰ পাছত আই চি চিয়ে ঘোষণা কৰিলে যে টেষ্ট ৰেংকিঙৰ শীৰ্ষত ভাৰত নহয়, অষ্ট্ৰেলিয়াহে আছে। ভাৰত আছে ২ নম্বৰত। কিন্তু কিয় এনেকুৱা হ’ল? কিবা বিসংগতি নেকি?

কাৰিকৰী সমস্যাৰ ফলত এই বিভ্ৰান্তিৰ সৃষ্টি হৈছে বুলি আইচিচিয়ে শেহতীয়াকৈ জনায়। আইচিচিয়ে সঠিক পইণ্ট তালিকা প্ৰকাশ কৰিছে। য’ত অষ্ট্ৰেলিয়া প্ৰথম নম্বৰত আছে।

কিন্তু ইয়াৰ পিছতো প্ৰশ্নৰ উত্থাপন হৈছে। যদি কোনো কাৰিকৰী সমস্যা আছিল, তেন্তে আইচিচিয়ে আগতে কিয় একো কোৱা নাছিল?

নাগপুৰত অষ্ট্ৰেলিয়াক এটা ইনিংছ আৰু ১৩২ ৰানত পৰাস্ত কৰে ভাৰতে। ইয়াৰ পিছতো ৰেংকিঙত দ্বিতীয় স্থানত আছে ভাৰত। নতুনকৈ প্ৰকাশ পোৱা তালিকাত ভাৰতৰ স্ক’ৰ হৈছে ৩৬৯০। ৰেটিং ১১৫। আনহাতে, শীৰ্ষ স্থানত থকা অষ্ট্ৰেলিয়াৰ পইণ্ট ভাৰততকৈ কম (৩৬৬৮)। কিন্তু সৰ্বোচ্চ ৰেটিং (১২৬) লৈ এক নম্বৰত আছে।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাতো দ্বিতীয় স্থানত আছে ভাৰত। ৰোহিতৰ শতাংশ পইণ্ট ৬১৬৭। শীৰ্ষত অষ্ট্ৰেলিয়াৰ পইণ্ট শতাংশ ৭০৮৩। কোন দুটা দলে ফাইনেলত খেলিব সেয়া নিৰ্ভৰ কৰিব ভাৰত-অষ্ট্ৰেলিয়া টেষ্ট শৃংখলাৰ ফলাফলৰ ওপৰত। তাৰ বাবে ভাৰতে অষ্ট্ৰেলিয়াক কমেও ২-০ বা ৩-১ গ’লত পৰাস্ত কৰাটো প্ৰয়োজন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক