--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে (আৰবিআই) বিমুদ্ৰাকৰণ কৰা ২,০০০ টকাৰ নোট বিনিময়ৰ সময়সীমা আৰু এসপ্তাহ লৈ বৃদ্ধি কৰিছে। পুৰণি ২,০০০ টকীয়া এতিয়া  নোট ৭  অক্টোবৰলৈকে সলনি কৰিব পৰা যাব। মে’ মাহৰ মাজভাগত ৰিজাৰ্ভ বেংকে বজাৰৰ পৰা সকলো ২,০০০ টকাৰ নোট প্ৰত্যাহাৰ কৰিবলৈ  সিদ্ধান্ত লৈছিল। এক বিবৃতিত, আৰবিআইয়ে কৈছিল যে যদি কাৰোবাৰ ওচৰত ২,০০০ টকাৰ নোট থাকে, তেওঁলোকে ইয়াক ৩০ ছেপ্টেম্বৰৰ ভিতৰত বেঙ্কত জমা দি সলনি কৰিব লাগিব। 

একে সময়তে  ২০,০০০ টকালৈকে  নোট  জমা কৰিব পৰা যাব বুলি কোৱা হৈছিল। যিকোনো বেংকত এই নোটবোৰ জমা কৰি বা সলনি কৰি আন নোট ল'ব পাৰিব বুলিও কোৱা হৈছিল।

আৰবিআইৰ সময়সীমা আজি অন্ত পৰাৰ কথা আছিল যদিও সেয়া পুনৰ ৭ অক্টোৱৰলৈ বৃদ্ধি কৰা হয়।   কিছুদিন পূৰ্বে ভাৰতীয় ষ্টেট বেংকৰ (এছবিআই) অধ্যক্ষ দিনেশ কুমাৰ খাৰাই সংবাদ মাধ্যমৰ  সৈতে হোৱা বাৰ্তালাপত কৈছিল  "এতিয়ালৈকে ৩,০০০ কোটি টকা বিনিময় কৰা হৈছে আৰু একাউণ্টত ১৪,০০০ কোটি টকা জমা  ৰখা হৈছে।’’

 ভাৰতীয় ষ্টেট বেংকে (এছবিআই) কৈছিল  যে আধাৰ কাৰ্ডৰ দৰে কোনো পৰিচয় পত্ৰ অবিহনেই ২,০০০ টকাৰ নোট বেংকত জমা কৰাৰ সুবিধা দিছে। ইয়াৰ বাবে পৃথক প্ৰপত্ৰ পূৰণ কৰিবও নালাগে।

 নতুন নিৰ্দেশনা অনুসৰি  কোনো দাবী স্লিপ অবিহনেই বেংকত ২,০০০ টকাৰ নোট জমা কৰিব পাৰিব। যদি আপুনি ২,০০০ টকীয়া নোট বেংকত ঘূৰাই দিব  বিচাৰে,তেন্তে  আপুনি বেঙ্কত কোনো ধৰণৰ পৰিচয় পত্ৰও প্ৰদৰ্শন কৰিব নালাগে। বেঙ্কত আপোনাৰ একাউণ্ট নাথাকিলেও আপুনি তেনে  বেঙ্কৰ শাখালৈ যাব পাৰে আৰু ২,০০০ টকাৰ নোট সলনি কৰিব পাৰে।

 মানুহে মুঠ ২০,০০০ টকাৰ নোট একেসময়তে  সলনি কৰিব পাৰিব। নোট সলনি কৰাৰ  বাবে কোনো বিশেষ মাচুল লোৱা হোৱা নাই। ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে (আৰবিআই) নিৰ্দেশ দিছিল যে নোট সলনি কৰিবলৈ অহা জ্যেষ্ঠ নাগৰিকসকলৰ বাবে বিশেষ সুবিধা প্ৰদান কৰিব লাগিব। ৰিজাৰ্ভ বেংকে  সকলোকে ৩০ ছেপ্টেম্বৰ, ২০২৩-ৰ ভিতৰত হাতত থকা ২০০০ টকাৰ নোট  সলনি কৰিবলৈ কৈছে।  

 পূৰ্বে এক বিবৃতিত কেন্দ্ৰীয় বেংকটোৱে কৈছিল: "ভাৰতীয় ৰিজাৰ্ভ বেংকৰ "পৰিষ্কাৰ নোট নীতি" অনুসৰি,২০০০ টকা  মূল্যৰ বেংকনোট প্ৰচলনৰ পৰা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিবলৈ আৰু ৰাইজক  পৰ্যাপ্ত সময় প্ৰদান কৰিবলৈ, সকলো বেংকে ৩০ ছেপ্টেম্বৰ, ২০২৩  লৈ ২০০০ টকাৰ  বেংকনোট  জমা আৰু/বা বিনিময়ৰ সুবিধা প্ৰদান কৰিব।"এতিয়া সেই সময়সীমা বৃদ্ধি কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু